ETV Bharat / state

Donyi Polo Airport: শনিবাৰে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব অৰুণাচলৰ প্ৰথমটো বিমানবন্দৰ

author img

By

Published : Nov 18, 2022, 6:52 PM IST

Donyi Polo
Donyi Polo

অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত শনিবাৰে অৰুণাচল প্ৰদেশৰ প্ৰথমটো গ্ৰীণফিল্ড বিমানবন্দৰ ‘ডনি পলো’ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi will inaugurated Donyi Polo Airport)।

তেজপুৰ, ১৮ নৱেম্বৰ: হিমালয়ৰ পাদদেশৰ প্ৰথমটো যাত্ৰীবাহী বিমানবন্দৰ উদ্বোধনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ (First Airport of Arunachal Pradesh) । অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত শনিবাৰে অৰুণাচল প্ৰদেশৰ প্ৰথমটো গ্ৰীণফিল্ড বিমানবন্দৰ ‘ডনি পলো’ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi will inaugurated Donyi Polo Airport) ।

অৱশ্যে প্ৰথমাৱস্থাত বিমানবন্দৰটোৰ নাম ৰখা হৈছিল গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট (Arunachal Pradesh Green Field Airport) । পৰৱৰ্তী সময়ত সেয়া সলনি কৰি ডনি পলো ৰখা হয় । এই নামটো হৈছে পাহাৰীয়া ৰাজ্যখনৰ ঈশ্বৰ ৰূপে আৰাধনা কৰা উপাস্য দেৱতাৰ নাম । লগতে বিমানবন্দৰটোৰ এই নামটোৱে অৰুণাচলৰ সূৰ্য মানে ‘ডনি’ আৰু চন্দ্ৰ ‘পলো’ৰ প্ৰতি যুগ যুগ ধৰি থকা স্থানীয় শ্ৰদ্ধাক প্ৰতিফলিত কৰিছে (Donyi Polo Airport of Arunachal Pradesh) ।

শনিবাৰে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব অৰুণাচলৰ প্ৰথমটো বিমানবন্দৰ
শনিবাৰে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব অৰুণাচলৰ প্ৰথমটো বিমানবন্দৰ

অৰুণাচল প্ৰদেশত মুঠ ৬৪০ কোটিৰো অধিক টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা এই বিমানবন্দৰটোৱে যাতায়াত সংযোগৰ উন্নতি সাধন কৰিব আৰু অঞ্চলটোৰ বাণিজ্য আৰু পৰ্যটনৰ বৃদ্ধিৰ বাবে অনুঘটক হিচাপে কাম কৰিব বুলি চৰকাৰে জানিবলৈ দিয়ে । উল্লেখ্য, পাপুম পাৰে জিলাৰ চহৰৰ মাজমজিয়াৰ পৰা ১৪ কিলোমিটাৰ দক্ষিণে অৱস্থিত হোলংগীত নিৰ্মাণ কৰা হৈছে এই বিমানবন্দৰটো । ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই ৩২০ হেক্টৰ এলেকাত এই বিমানবন্দৰটো নিৰ্মাণ কৰিছে ।

শনিবাৰে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব অৰুণাচলৰ প্ৰথমটো বিমানবন্দৰ
শনিবাৰে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব অৰুণাচলৰ প্ৰথমটো বিমানবন্দৰ

এই প্ৰকল্পটোৰ বাবে ২,৩০০ মিটাৰ ৰাণৱে, ৫,১০০ বৰ্গমিটাৰ টাৰ্মিনেল বিল্ডিং, ভিৰত ২০০ যাত্ৰীক চম্ভালিব পৰাকৈ এয়াৰ ট্ৰেফিক কণ্ট্ৰোল (Air Traffic Control) টাৱাৰ, এটা কাৰিকৰী ব্লক আৰু এটা অগ্নিনিৰ্বাপক বাহিনীৰ ষ্টেচন নিৰ্মাণ কৰা হৈছে । লগতে বাণিজ্যিক কাৰ্যকলাপৰ বাবে হোটেল আৰু এটা কনভেনচন চেণ্টাৰৰো ব্যৱস্থা আছে ।

শনিবাৰে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব অৰুণাচলৰ প্ৰথমটো বিমানবন্দৰ
শনিবাৰে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব অৰুণাচলৰ প্ৰথমটো বিমানবন্দৰ

বিমানবন্দৰটোৰ এই এপ্ৰ'নৰ জোখ ১১৫ মিটাৰ x ১০৬ মিটাৰ হ'ব, যিটো দুখন এয়াৰবাছ এ৩২১ বিমান পাৰ্কিং কৰাৰ বাবে উপযোগী । উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত বিমানবন্দৰটোৰ আধাৰশিলা স্থাপন কৰিছিল । ইয়াৰ পিছত ১৫ ডিচেম্বৰ, ২০২০ তাৰিখৰ পৰা নিৰ্মাণকাৰ্য আৰম্ভ হয় ।

শনিবাৰে বিমানবন্দৰটো উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যপাল ব্ৰিগেডিয়াৰ ড০ বি ডি মিশ্ৰ, মুখ্যমন্ত্ৰী পেমা খাণ্ডু (Arunachal CM Pema Khandu), কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজু (Union Minister Kiren Rijiju) , কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজ কুমাৰ সিংহ আৰু অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চৌনা মেন । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ ৬০০ মেগাৱাটৰ কামেং জলবিদ্যুত প্ৰকল্পৰো উদ্বোধন কৰিব ।

লগতে পঢ়ক :Rohingya Detained : আগৰতলাত ৪ ৰোহিংগীয়াক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.