ETV Bharat / bharat

Rohingya Detained : আগৰতলাত ৪ ৰোহিংগীয়াক আটক

author img

By

Published : Nov 18, 2022, 3:51 PM IST

ত্ৰিপুৰাত ৰোহিংগীয়া নাগৰিকক আটক । চৰকাৰী ৰে'লৱে আৰক্ষী বাহিনীয়ে (Government Railway Police Force) বৃহস্পতিবাৰে নিশা আগৰতলা ৰে'ল ষ্টেচনৰ পৰা আটক কৰে চাৰিজন ৰোহিংগীয়া নাগৰিকক ।

Tripura
Tripura

আগৰতলা, ১৮ নৱেম্বৰ : ত্ৰিপুৰাত ৰোহিংগীয়া নাগৰিকক আটক । চৰকাৰী ৰে'লৱে আৰক্ষী বাহিনীয়ে (Government Railway Police Force) বৃহস্পতিবাৰে নিশা আগৰতলা ৰে'ল ষ্টেচনৰ পৰা আটক কৰে চাৰিজন ৰোহিংগীয়া নাগৰিকক ।

এই সন্দৰ্ভত এগৰাকী ৰে'লৱে আৰক্ষীয়ে সাংবাদিকৰ আগত কয় যে বৃহস্পতিবাৰে নিশা আগৰতলা জিআৰপি আৰক্ষী থানাৰ বিষয়া আৰু কৰ্মচাৰীসকলে চাৰিজন ৰোহিংগীয়া নাগৰিকক আটক কৰে (Rohingiya detained from Agartala Railway Station) ।

আটক কৰা ৰোহিংগীয়াকেইজনক হাছিনা বেগম (৪৮), কুছনামা বেগম (২১), চাজিদা বেগম (২২) আৰু নুৰুল হক (৩২) বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য আটকাধীন আটাইকেইজন ৰোহিংগীয়া বাংলাদেশৰ কুতুপালং, ৰোহিংগীয়া শৰণাৰ্থী শিবিৰ নং ১, কক্সবজাৰৰ বাসিন্দা (Agartala GRPF Station detained four Rohingya) । আৰক্ষীয়ে লগতে কয় যে তেওঁলোকে ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছত (Tripurasundari Express) উঠি থাকোঁতে আগৰতলা ৰে'ল ষ্টেচনৰ পৰা আটক কৰা হয় ।

তেওঁলোক আটাইকেইজনে ভাৰত-বাংলাদেশ সীমান্তৰ (Indo Bangladesh Border Tripura) উন্মুক্ত অঞ্চলৰ মাজেৰে ত্ৰিপুৰাত প্ৰৱেশ কৰিছিল । ৰে'ল আৰক্ষীৰ অনুসন্ধানৰ সময়ত আটকাধীন আটাইকেইজন লোকক গ্ৰেপ্তাৰ কৰা হয় । এই ক্ষেত্ৰত পৰৱৰ্তী আইনী পদক্ষেপৰ বাবে এটা নিৰ্দিষ্ট গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক :Skyroot Aerospace launch Vikram S: ইতিহাস ৰচি উৎক্ষেপণ কৰা হ'ল দেশৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.