Skyroot Aerospace launch Vikram S: ইতিহাস ৰচি উৎক্ষেপণ কৰা হ'ল দেশৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট

author img

By

Published : Nov 18, 2022, 10:16 AM IST

Updated : Nov 18, 2022, 12:59 PM IST

Skyroot aerospace launch Vikram S

দেশৰ প্ৰথমটো ব্যক্তিগত ৰকেট উৎক্ষেপণেৰে ইতিহাস ৰচনা কৰিলে ভাৰতে ৷ আজি দিনৰ ১১:৩০ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা প্ৰক্ষেপণ কৰা হয় দেশৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-এছ । ভাৰতীয় মহাকাশ অভিযানৰ পিতৃ তথা প্ৰয়াত বিজ্ঞানী বিক্ৰম চাৰাভাইৰ নামেৰে নামাকৰণ কৰা হৈছে এই ৰকেটটো ।

নিউজ ডেস্ক, ১৮ নৱেম্বৰ: ভাৰতৰ মহাকাশ অভিযানে শুকুৰবাৰে এক নতুন অধ্যায়ৰ সূচনা হ'ল ৷ দেশৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট ‘বিক্ৰম-এছ’ আজি শ্ৰীহৰিকোটাৰ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই(Indias first private rocket Vikram S) । ইয়াৰ দ্বাৰা দশক দশক ধৰি চৰকাৰী মালিকানাধীন ইছৰ’ৰ আধিপত্য থকা দেশৰ মহাকাশ উদ্যোগত ব্যক্তিগত খণ্ডৰ প্ৰৱেশৰ সূত্ৰপাত ঘটিল (Skyroot aerospace launch Vikram S) ।

২০২০ চনত কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ বাবে মহাকাশ উদ্যোগ মুকলি কৰাৰ পিছত ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ কোম্পানী হিচাপে পৰিগণিত হৈছে স্কাইৰুট এৰ’স্পেচ(Startup Skyroot Aerospace in Hyderabad) । আজি পুৱা ১১:৩০ বজাত প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-এছ উৎক্ষেপণৰ সময় নিৰ্ধাৰণ কৰা হৈছিল । ইয়াৰ পূৰ্বে ১৫ নৱেম্বৰত ‘বিক্ৰম-এছ’ উৎক্ষেপণৰ পৰিকল্পনা আছিল ৷ কিন্তু বেয়া বতৰৰ বাবে সেইদিনা 'বিক্ৰম-এছ' উৎক্ষেপণ কৰিব পৰা নগ’ল আৰু ১৮ নৱেম্বৰত ৰকেটটো উৎক্ষেপণৰ ঘোষণা কৰিছিল ষ্টাৰ্ট আপ স্কাইৰুট এৰোস্পেছে ।

সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰাৰ পিছত বিক্ৰম-এছ ৮১ কিলোমিটাৰ উচ্চতাত উপনীত হ’ব । ভাৰতীয় মহাকাশ অভিযানৰ পিতৃ তথা প্ৰয়াত বিজ্ঞানী বিক্ৰম চাৰাভাইৰ নামেৰে এই ৰকেটৰ নামাকৰণ কৰা হৈছে । ‘প্ৰাৰম্ভ’ নামৰ এই অভিযানত দুজন দেশীয় আৰু এজন বিদেশী গ্ৰাহকৰ তিনিটা পেলোড কঢ়িয়াই নিয়ে । বিক্ৰম-এছ চাব-অৰ্বিটেল উৰণখনে চেন্নাইৰ ষ্টাৰ্টআপ স্পেচ কিড্জ, অন্ধ্ৰপ্ৰদেশৰ ষ্টাৰ্টআপ এন-স্পেচ টেক আৰু আৰ্মেনিয়াৰ ষ্টাৰ্টআপ বাজুমকিউ স্পেচ ৰিচাৰ্চ লেবৰ তিনিটা পেলোড কঢ়িয়াই নিছে ।

স্কাইৰুটৰ এজন বিষয়াই জনোৱা মতে, ছয় মিটাৰ উচ্চতাৰ এই ৰকেটটো ঘূৰ্ণনীয় স্থিৰতাৰ বাবে ৩-ডি প্ৰিণ্টেড কঠিন প্ৰপেলেণ্ট থকা বিশ্বৰ প্ৰথম ৰকেটৰ ভিতৰত অন্যতম । ভাৰতীয় মহাকাশ নিয়ন্ত্ৰক ইন-স্পেছে বুধবাৰে স্কাইৰুটৰ বিক্ৰম-এছ চাব-অৰ্বিটেল ৰকেটটো উৎক্ষেপণৰ অনুমতি প্ৰদান কৰে । ভাৰতৰ ব্যক্তিগত খণ্ডৰ বাবে এয়া এক বৃহৎ সাফল্য বুলি কয় ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদন কেন্দ্ৰ (IN-SPACE)ৰ অধ্যক্ষ পৱন গোৱেংকাই । স্কাইৰুটক ৰকেট নিক্ষেপ কৰিবলৈ অনুমোদিত প্ৰথম ভাৰতীয় কোম্পানী হিচাপে পৰিগণিত হোৱাৰ বাবে তেওঁ অভিনন্দনো জনায় ।

আনহাতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে ইছৰ’ৰ নিৰ্দেশনাত শ্ৰীহৰিকোটাৰ পৰা ‘স্কাইৰুট এৰ’স্পেচ’ৰ দ্বাৰা নিৰ্মিত প্ৰথমটো ব্যক্তিগত ৰকেট উৎক্ষেপণেৰে ভাৰতে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে বুলি মন্তব্য কৰে । ইছৰোৰ অধ্যক্ষ এছ সোমনাথে চলিত মাহৰ আৰম্ভণিতে বেংগালুৰুত ‘প্ৰাৰম্ভ’ মুকলি কৰিছিল ।

লগতে পঢ়ক: Indias first private rocket: ভাৰতৰ প্ৰথম ব্যক্তিগতভাবে নিৰ্মিত ৰকেট উৎক্ষেপণত বিলম্ব

Last Updated :Nov 18, 2022, 12:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.