ETV Bharat / state

Four lane Highway at Samaguri : নগাঁৱত চূড়ান্ত প্ৰহসনত পৰিণত হ'ল চাৰিলেনযুক্ত ৰাজপথ নিৰ্মাণ

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 3:30 PM IST

প্ৰহসনত পৰিণত হ'ল চাৰিলেনযুক্ত ৰাজপথ নিৰ্মাণৰ কাম ৷ নগাঁৱৰ উৰিয়াগাঁও বাইপাছৰ পৰা কলিয়াবৰ পৰ্যন্ত চাৰিলেনযুক্ত ৰাজপথচোৱা বিসংগতিপূৰ্ণভাৱে নিৰ্মাণৰ অভিযোগ ৷

Allegation of Irregularities in Four lane Highway
বিসংগতিপূৰ্ণভাৱে নিৰ্মাণৰ অভিযোগ

চাৰিলেনযুক্ত ৰাজপথ নিৰ্মাণত বিসংগতি

চামগুৰি, 22 ছেপ্টেম্বৰ : নগাঁৱত চূড়ান্ত প্ৰহসনত পৰিণত হ'ল চাৰিলেনযুক্ত ৰাজপথ নিৰ্মাণৰ কাম ৷ নগাঁৱৰ উৰিয়াগাঁও বাইপাছৰ পৰা কলিয়াবৰ পৰ্যন্ত চাৰিলেনযুক্ত ৰাজপথচোৱা বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰি এতিয়া টালি-টোপোলা বান্ধি সন্তৰ্পণে বিদায় লোৱাৰ যো-জা চলাইছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানে । বিশেষকৈ পুৰণিগুদাম আৰু চামগুৰিৰ বৃহত্তৰ অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা চাৰিলেনযুক্ত ৰাজপথলৈ উন্নীতকৰণত নিয়োজিত পি.আৰ.এল. আৰু গংগাসাগৰ নামৰ কোম্পানী দুটাই নিৰ্মাণকাৰ্য আধৰুৱা কৰাত এতিয়া বহু যাত্ৰী অনাকাংক্ষিত বিপদত পৰাৰ শংকা বৃদ্ধি পাইছে ৷

অতিশয় ব্যস্ত ৰাজপথটোৰে দিনে-নিশাই অহা-যোৱা কৰে বিভিন্ন যাত্ৰী, অসংখ্য যান-বাহন ৷ নিৰ্মাণকাৰী প্ৰতিষ্ঠান দুটাই ৰাইজৰ অনুৰোধকো ভেঙুচালি কৰি অতদিনে নিৰ্মাণ সম্পূৰ্ণ নকৰিলে পুৰণিগুদাম, চামগুৰি আদি অঞ্চলত ৰাজপথৰ দাঁতিৰ অতিৰিক্ত অংশৰ কাম ৷ লগতে নিৰ্মাণ নকৰিলে যান-বাহন পাৰ্কিংৰ স্থানসমূহ, নকৰিলে বৰষুণৰ পানী নিৰ্দিষ্ট স্থানলৈ বোৱাই নিয়াৰ সু-ব্যৱস্থা ৷

লগতে পঢ়ক : Paid holiday in Karam Puja: কৰম পূজাত পেইড হলিডে’ আৰু বাগিচাত নিষিদ্ধ বিজেপি; ধীৰাজ গোৱালাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ইফালে বিসংগতিপূৰ্ণভাৱে উপ-পথসমূহ নিৰ্মাণ কৰাই নহয় ৰাজপথৰ ডিভাইডাৰত সংস্থাপন কৰা বৈদ্যুতিক ষ্ট্ৰীট লাইটবোৰো আজি পৰ্যন্ত কাৰ্যক্ষম কৰিবলৈ সক্ষম নহ'ল প্ৰতিষ্ঠান দুটা ৷ যাৰ বাবে সমাগত দূৰ্গোৎসৱৰ সময়ত ৰাজপথত একাধিক দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় সচেতন ৰাইজে ৷ বহু আবেদন-নিবেদনৰ লগতে প্ৰৱল প্ৰতিবাদ কৰাৰ পিছতো ৰাইজৰ দাবীলৈ ভ্ৰুক্ষেপ নকৰিলে নিৰ্মাণ কাৰ্যৰে জৰিত প্ৰতিষ্ঠান দুটাই ৷ ৰাইজৰ আহ্বানক উপেক্ষা কৰি মইমতালিৰে নিজ খেয়াল-খুচি মতে চৰম বিসংগতিপূৰ্ণভাৱে ৰাজপথচোৱা নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক : Dengue Outbreak in Assam : গোলাঘাটৰ ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চলত ডেংগুৰ প্ৰাদুৰ্ভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.