ETV Bharat / state

বিধায়ক জিতু গোস্বামীক উভতি ধৰিলে AJYCPৰ নেতৃত্বই

author img

By

Published : Aug 30, 2021, 3:39 PM IST

মিকিৰ বামুণী গ্ৰাণ্টৰ উচ্ছেদিত ভূমিক লৈ বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ । দেওবাৰে সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে দুৰ্নীতি সংঘটিত হ'লেই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে । সংগঠনটোৱে ৰজাঘৰীয়াৰ ৰঙা চকুলৈ কেৰেপ নকৰে বুলিও সকীয়াই দিয়ে ।

AJYCP reaction against Jitu Goswami
বিধায়ক জিতু গোস্বামীক উভতি ধৰিলে AJYCPৰ নেতৃত্বই

নগাঁও, ৩০ আগষ্ট: মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষিভূমিত এজিউৰ নামৰ এটা ব্যক্তিগত কোম্পানীয়ে সৌৰ শক্তিৰ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰাক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নিখিল ভাৰত কৃষক সভাকে ধৰি কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । কিন্তু শেহতীয়াকৈ সংগঠনকেইটাৰ প্ৰতিবাদক লৈ বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে কেতবোৰ কটু মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে । বিধায়কগৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি । দেওবাৰে সংগঠনটোৰ নগাঁও জিলাৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি বিধায়ক জিতু গোস্বামীক তীব্ৰ সমালোচনা কৰে সংগঠনটোৰ নেতৃত্বই ।

বিধায়ক জিতু গোস্বামীক উভতি ধৰিলে AJYCPৰ নেতৃত্বই

সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতি দ্বীপমণি বড়া আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই বিধায়কগৰাকীক উদ্দেশ্যি কেইবাটাও প্ৰশ্ন উত্থাপন কৰে । সংবাদ মাধ্যমৰ জৰিয়তে বিধায়কগৰাকীক একপ্ৰকাৰ সকীয়নী প্ৰদান কৰে সংগঠনটোৰ নেতৃবৰ্গই কয় যে, তেওঁলোকে ৰজাগৰীয়াৰ ৰঙা চকুলৈ কেৰেপ নকৰে । লগতে সংগঠনটোৱে বিধায়ক জিতু গোস্বামীৰ কাম-কাজৰ ওপৰত দৃষ্টি ৰাখিব বুলিও স্পষ্ট কৰি দিয়ে । সমষ্টিটোত দুৰ্নীতি সংঘটিত হ'লেই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

লগতে মিকিৰ বামুণী গ্ৰাণ্টৰ জাতি, জনগোষ্ঠী, ভাষা নিৰ্বিশেষে সাংস্কৃতিক, আৰ্থ-সামাজিক সকলো দিশতে উন্নয়ন হ'ব লাগিব বুলি সংগঠনটোৱে দাবী কৰে । অঞ্চলটোত বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈও সংগঠনটোৱে দাবী জনায় । আনহাতে, বিধায়ক তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই সংগঠনটোৰ দুই-এগৰাকী সদস্যৰ জীৱনলৈ ভাবুকি অহা বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰে সংগঠনটোৰ নেতৃত্বই ।

লগতে পঢ়ক:খটখটীত হেৰ'ইনসহ এজন যুৱকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.