ETV Bharat / state

লোকসভা নিৰ্বাচনত কংগ্ৰেছক সহায় কৰাৰ লক্ষ্য; ৩ খন আসনতহে প্ৰাৰ্থী দিব এআইইউডিএফে

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 10:13 PM IST

MLA Karimuddin Borbhuyan on lok sabha election
৩ খন আসনতহে প্ৰাৰ্থী দিব এআইইউডিএফে

লোকসভাত অসমৰ তিনিখন আসন দখল কৰাটো নিশ্চিত এআইইউডিএফৰ । এই দাবী বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ । আনহাতে, ছয়খন আসনত কংগ্ৰেছক জয়লাভ কৰাত সহায় কৰিব ।

কৰিমউদ্দিন বৰভূঞাৰ সংবাদমেল

নগাঁও, ৪ ডিচেম্বৰ : আগন্তুক লোকসভা নিৰ্বাচনত 3+6+5 ৰ অংক এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ । অৱশ্যে অংকটো বুজাত নিশ্চয় অলপ অসুবিধা হৈছে । কিন্তু এয়া হৈছে বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ আগন্তুক লোকসভা নিৰ্বাচনৰ অংক । আগন্তুক লোকসভা নিৰ্বাচনত আসনৰ ভাগ-বাটোৱাৰাৰ অংক যেন চূড়ান্ত কৰি পেলাইছে এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই ।

আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফক অন্তৰ্ভুক্ত নকৰিলেও কংগ্ৰেছৰ প্ৰতি যেন দৰদ দেখুওৱাৰ চেষ্টা এআইইউডিএফৰ বিধায়কগৰাকীৰ । আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ ছয়খন আসনত কংগ্রেছক জয়ী কৰোৱাত সহায় কৰিব এআইইউডিএফে ।

সোমবাৰে নগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত কংগ্রেছক সহায় কৰাৰ কথা স্বীকাৰ কৰে এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই । ৰাজ্যৰ ছয়খনকৈ লোকসভা সমষ্টিত এআইইউডিএফৰ শক্তিশালী সাংগঠনিক ভেটি থকাৰ পিছতো একমাত্ৰ কংগ্রেছক জয়ী কৰোৱাৰ স্বাৰ্থতে এআইইউডিএফে প্ৰাৰ্থিত্ব নিদিয়ে বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে বিধায়ক কৰিমউদ্দিন বৰভূঞাই । ইয়াৰ বিপৰীতে নগাঁও, ধুবুৰী আৰু কৰিমগঞ্জ লোকসভা সমষ্টিতহে এআইইউডিএফে প্ৰাৰ্থিত্ব দিব বুলি তেওঁ দাবী কৰে ।

আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ এই তিনিখন আসন দখলৰ বাবে জানুৱাৰীৰ ভিতৰতে এআইইউডিএফে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিব বুলিও তেওঁ কয় । সমষ্টি তিনিটা দখলৰ উদ্দেশ্যে জানুৱাৰী মাহৰ ভিতৰতেই ৱাৰ্ড পৰ্যায়লৈকে কমিটী গঠন কৰাৰ উপৰি নিৰ্বাচনৰ বাবে এজেণ্ট পৰ্যন্ত চূড়ান্ত কৰি পেলাব মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে ।

আনহাতে, ১১ টাকৈ সমষ্টিতেই কংগ্ৰেছে বিজেপিক 'ৱাক অ'ভাৰ' দিব বিচাৰিছে বুলিও কংগ্ৰেছক কটাক্ষ কৰে বিধায়ক কৰিমউদ্দিন বৰভূঞাই । মুঠৰ ওপৰত আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ তিনিখন আসনত এআইইউডিএফ দলে প্ৰাৰ্থী দিয়াটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক :বিৰোধীৰ কথা অৰ্থহীন, জনসাধাৰণে বিশ্বাসত নলয় সেয়া প্ৰমাণ হ’ল : অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.