ETV Bharat / state

Keshab Mahanta: এইবাৰ লোকসভাত থাকিব অগপৰ সাংসদ; দাবী মন্ত্ৰী কেশৱ মহন্তৰ

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 6:37 PM IST

নগাঁৱত মন্ত্ৰী কেশৱ মহন্ত । অসম সমবায় মৰাপাট নিগমৰ অধিৱেশনত অংশগ্ৰহণ মন্ত্ৰী মহন্তৰ । মৰাপাট কল আধুনিকীকৰণৰ বাবে মুখ্যমন্ত্ৰীৰ দহ কোটিৰ অনুদান । দেশত I.N.D.I.Aৰ চৰকাৰ হোৱাৰ কোনো অংকয়েই নাই বুলি মন্তব্য ৷

Keshab Mahanta
Keshab Mahanta

এইবাৰ লোকসভাত অগপ দলৰ সাংসদ নিৰ্বাচিত কৰিব ৰাইজে; এইবাৰ লোকসভাত অগপ দলৰ সাংসদ নিৰ্বাচিত কৰিব ৰাইজে

নগাঁও, 30 ছেপ্টেম্বৰ: এইবাৰ লোকসভাত অগপ দলৰ সাংসদ নিৰ্বাচিত কৰিব ৰাইজে । নগাঁৱত এই মন্তব্য অগপ দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ । শনিবাৰে নগাঁৱত অনুষ্ঠিত আসাম কো-অপাৰেটিভ জুট মিল লিমিটেডৰ পঞ্চম বাৰ্ষিক সাধাৰণ সভাত উপস্থিত হৈ আগন্তুক লোকসভা নিৰ্বাচনক লৈ কেইবাটাও মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ।

নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য, ‘‘বিগত লোকসভা নিৰ্বাচনৰ ফলাফলতকৈ এইবাৰ অগপ-বিজেপি মিত্ৰজোঁটে অধিক আসন লাভ কৰিব ৷’’ বিৰোধীয়ে গঠন কৰা I.N.D.I. Aৰ চৰকাৰ হোৱাৰ কোনো অংকয়েই নাই বুলি মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ।

নিৰ্বাচনৰ পূৰ্বেই I.N.D.I.A ই বিদায় ল’ব লাগিব বুলিও বিৰোধীক কটাক্ষ মন্ত্ৰী কেশৱ মহন্তৰ । I.N.D.I.A ৰ অংশীদাৰ অধিকাংশ দলেই বেলেগ বেলেগ ৰাজ্যৰ আঞ্চলিক দল । সেয়ে কোনো এখন ৰাজ্যতেই কংগ্ৰেছক কোনো দলে আসন এৰি নিদিয়ে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

তেওঁ আৰু কয় যে অসমত মিত্ৰজোঁট চৰকাৰে ৰাইজক লগত লৈ বিকাশ যাত্ৰা আৰম্ভ কৰিছে ৷ ৰাইজ সদায় বিকাশৰ সৈতে আছে । নিৰ্বাচনত কোন জয়ী হ’ব কোন পৰাজয় হ’ব সেইয়া ৰাইজে ক’ব । ধুবুৰীৰ আসনখনৰ বাদে সকলো আসনত মিত্ৰজোঁটৰ চৰকাৰ জয়ী হ’ব বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে ।

এইবাৰ মিত্ৰজোঁটত অসম গণ পৰিষদৰ লগত ভাল বুজাবুজি হোৱাৰ কথাও উল্লেখ কৰি এইবাৰ লোকসভালৈ অসম গণ পৰিষদৰ প্ৰাৰ্থী সাংসদ হিচাপে নিৰ্বাচিত হ’ব বুলি মন্তব্য কৰে কেশৱ মহন্তই । অসম সমবায় মৰাপাট কলৰ আধুনিকীকৰণৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 10 কোটি আবন্টন দিয়াৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Sootea News: নৱগঠিত নদুৱাৰ সমষ্টি দিয়া নহয় অগপক; পীযুষ হাজৰীকাৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.