ETV Bharat / state

AASU protest : ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

author img

By

Published : Dec 8, 2022, 3:39 PM IST

নগাঁৱৰ উৰীয়াগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ভূমিৰ পৰা থলুৱা লোকক উচ্ছেদ কৰি এটা বহিৰাগত ব্যক্তিগত কোম্পানীক ভূমি লীজত দিয়াক কেন্দ্ৰ কৰিয়েই বিগত কিছুদিন ধৰি নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে দল সংগঠনৰ লগতে স্থানীয় লোকে (AASU protest against NHA) ৷ উৰীয়াগাঁও ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই (All Assam Student Union) তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে ৷

AASU protest against NHA in Nagaon
AASU protest : ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

নগাঁও, 8 ডিচেম্বৰ: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (National Highways Authority) বিৰুদ্ধে নগাঁৱত অব্যাহত আছে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ ৷ উৰীয়াগাঁও ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই (All Assam Student Union) তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে ৷

AASU protest : ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

নগাঁৱৰ উৰীয়াগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ভূমিৰ পৰা থলুৱা লোকক উচ্ছেদ কৰি এটা বহিৰাগত ব্যক্তিগত কোম্পানীক ভূমি লীজত দিয়াক কেন্দ্ৰ কৰিয়েই বিগত কিছুদিন ধৰি নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখি দল সংগঠনৰ লগতে স্থানীয় লোকে (AASU protest against NHA) ৷

উল্লেখ্য যে নগাঁৱৰ উৰিয়াগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ভূমিৰ পৰা থলুৱা ক্ষুদ্ৰ ব্যৱসায়িক উচ্ছেদ কৰি বিদ্যালয়ৰ খেলপথাৰত এটা বহিৰাগত কোম্পানীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে । যাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া লগতে প্ৰতিবাদ অব্যাহত আছে ।

ইতিমধ্যে ব্যক্তিগত কোম্পানীয়ে আৰম্ভ কৰা নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ দাবীত দল সংগঠনে প্ৰতিবাদ কৰি অহাৰ পিছতো নিৰ্মাণ কাৰ্য চলাই থকাত বৃহস্পতিবাৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ উৰীয়াগাঁও আঞ্চলিক সমিতিয়ে গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী (AASU protest in Nagaon)৷

উৰীয়াগাঁও বাইপাছত উৰীয়াগাঁও আঞ্চলিক ছাত্ৰ সন্থাই কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ (Minister Nitin Gadkari) প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী হাতত লয় যদিও পুত্তলিকা দাহ কৰাত বাধা প্ৰদান কৰে নগাঁও আৰক্ষীয়ে (Nagaon police intercepted on Protest)৷ যাৰ বাবে চৰকাৰ তথা আৰক্ষীৰ বিৰুদ্ধে নানা শ্ল'গানেৰে উত্তাল কৰি তোলে উৰীয়গাৱঁৰ ৰাজপথ (AASU protest at Uriagaon)৷

স্থানীয় লোকৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে কম মূল্যত ক্ৰয় কৰা ভূমি এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অধিক মূল্যত বহিৰাগত কোম্পানীক লীজত দিয়াৰ অভিযোগ উত্থাপন কৰি কোনো কাৰণতে বহিৰাগত কোম্পানীক ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ সন্থাৰ নেতা কৰ্মীয়ে ৷

বহিৰাগত কোম্পানীৰ বিপৰীতে উক্ত ভূমিত স্থানীয় লোকক ব্যৱসায় বাণিজ্য কৰাৰ সুবিধা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে ৷ এই প্ৰতিবাদী কাৰ্য্যসূচীত স্থানীয় একাংশ মহিলাও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Nagaon Govt land leased controversy : খেলপথাৰ বিচাৰি মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ শিক্ষাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.