ETV Bharat / state

দুহাতত জেতুকা বোলাই কলিয়াবৰত সাজু হৈছে ৰংমন-ৰাংঢালী

author img

By

Published : Apr 2, 2022, 7:27 PM IST

ব'হাগ মানেই কপৌফুল, ব'হাগ মানেই দুহাতত জেতুকাৰ বোল । ব'হাগ মানেই যেন মৰমৰ আদান প্ৰদান । ৰাংঢালী নাচনীও এতিয়া সাজু হৈছে ৰংমন বিহুৱাৰ সৈতে বিহু তলিত এপাক কঁকাল ঘূৰাবলৈ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰত সাজু হৈছে ৰংমন-ৰাংঢালী (Bihu preparation in Assam) ৷ আছুৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে 10 দিনীয়া বিহুৰ কৰ্মশালা ৷

Bihu preparation in Assam
দুহাতত জেতুকা বোলাই কলিয়াবৰত সাজু হৈছে ৰংমন ৰাংঢালী

কলিয়াবৰ, 2 এপ্ৰিল : বিহু অসমীয়া জাতিৰ প্ৰাণস্পন্দন স্বৰূপ । আৰু ব’হাগ অসমীয়াৰ স্বাভিমান ৷ সুধাকণ্ঠ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাই কোৱাৰ দৰে, ব’হাগ মাথো এটা মাহ নহয় ই অসমীয়াৰ আয়ুস ৰেখা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে কলিয়াবৰতো অসমীয়াৰ আয়ুস ৰেখাক আদৰিবলৈ ব্যস্ত হৈ পৰিছে কলিয়াবৰবাসী ৷ সাজু হৈছে কলিয়াবৰৰ ৰংমন আৰু ৰাংঢালীও (Bihu preparation in Assam) ৷

Bihu preparation in Assam
কলিয়াবৰত আয়োজন বিহুৰ কৰ্মশালা

বসন্তৰ পৰশ আৰু প্ৰকৃতিৰ মনোমোহা প্ৰতিশ্ৰুতিৰে, চেনেহীৰ উগুল-থুগুল মনত অসমী আইৰ বুকুত উৎসৱৰ মধুৰ আলোড়ন তুলি জাতিটোৰ স্বাভিমানক গৰ্বিত কৰি মহাসমন্বয়ৰ গীত জুৰিবলৈ বিগত বৰ্ষসমূহৰ দৰে এইবেলিও সাজু হৈছে কলিয়াবৰ ছাত্ৰ সন্থা ৷ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত বিহুৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰে শুকুৰবাৰে পৰা 10 দিনীয়াকৈ কলিয়াবৰত অনুষ্ঠিত কৰা হৈছে বিহুৰ কৰ্মশালা (Bihu dance workshop at Kaliabor) ৷

Bihu preparation in Assam
কলিয়াবৰত আয়োজন বিহুৰ কৰ্মশালা

কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ভিৰ কৰিছেহি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত বিহুৰ কৰ্মশালাত ৷

দুহাতত জেতুকা বোলাই কলিয়াবৰত সাজু হৈছে ৰংমন ৰাংঢালী

এই কৰ্মশালাত বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ দিয়া হৈছে । য'ত অভিজ্ঞ ঢুলীয়া-বিহুৱা প্ৰশিক্ষকে শিকাইছে বিহু নাচৰ লগতে ঢোল বাদনৰ কলা । এই কৰ্মশালাখনিৰ শুভ উদ্বোধনী অনুষ্ঠানৰ দিনাখনেই প্ৰায় ৩০০ ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ যাক লৈ আনন্দিত হৈ পৰিছে এতিয়া আয়োজক সকলো ৷

লগতে পঢ়ক : ঢোল-পেঁপাৰ সুৰীয়া লহৰেৰে ব’হাগীক আদৰাৰ প্ৰস্তুতি মাজুলীয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.