ETV Bharat / state

AAP Protest in Nagaon: নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ৰ সন্মুখত আপৰ প্ৰতিবাদ

author img

By

Published : Feb 21, 2023, 10:59 PM IST

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সন্মুখত আম আদমী পাৰ্টীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন । চিকিৎসালয়খন বিশ্বস্তৰৰ আধুনিক চিকিৎসালয়লৈ ৰূপান্তৰিত কৰাৰ দাবী আম আদমী পাৰ্টীৰ (AAP Nagaon protest at Nagaon) ।

ভোগেশ্বৰী ফুকননী চিকিৎসালয়ৰ সন্মুখত আপৰ প্ৰতিবাদ
AAP Protest in Nagaon

ভোগেশ্বৰী ফুকননী চিকিৎসালয়ৰ সন্মুখত আপৰ প্ৰতিবাদ

নগাঁও, ২১ ফেব্ৰুৱাৰী : মঙলবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সন্মুখত আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AAP Nagaon protest in Nagaon) । শ্বহীদ ভোগেশ্বৰী ফুকননীৰ নামত স্থাপিত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় বিশ্বস্তৰৰ আধুনিক চিকিৎসালয়লৈ ৰূপান্তৰিত কৰাৰ দাবীত মঙলবাৰে আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী (AAP protest in Nagaon) ।

উল্লেখ্য, নগাঁও মেডিকেল কলেজ স্থাপনৰ নামত পূৰ্বৰ দৰে চিকিৎসা সেৱা বন্ধ হৈ পৰাত মঙলবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সন্মুখত আপ আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে ধৰ্মঘট কাৰ্যসূচী পালন কৰে (Aam Admi Party Nagaon protest) । আনহাতে, প্ৰতিবাদকাৰীসকলে কয় যে, নগাঁৱৰ ম'হখুলিত নগাঁও মেডিকেল কলেজ নিৰ্মাণ কৰা কাৰ্যক আম আদমী পাৰ্টীয়ে আদৰণি জনাইছে । কিন্তু তাৰ অজুহাতত নগাঁৱৰ ঐতিহ্যমণ্ডিত চিকিৎসালয়খন চৰকাৰে নগাঁও মেডিকেল কলেজখনলৈ স্থানান্তৰ কৰি সংযুক্ত কৰিৰবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Nagaon Bhogeswari Phukanani hospital) ।

উল্লেখ্য যে, অত্যধিক জনসংখ্যা থকা নগাঁও চহৰৰ মাজমজিয়াতে থকা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়খনত চহৰখনৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ ৰাইজে বছৰ বছৰ ধৰি চিকিৎসা সেৱা লাভ কৰি আহিছিল । কিন্তু নগাঁও অসামৰিক চিকিৎসালয়খন নগাঁও মেডিকেল কলেজৰ সৈতে সংলগ্ন কৰাত বিশেষকৈ নগাঁও চহৰৰবাসী এতিয়াৰে পৰা বহু সমস্যাৰ সন্মুখীন হ'ব লাগিব বুলি আশংকা কৰিছে । যাতায়াতৰ বাবে অত্যধিক খৰচ বহন কৰিবলগীয়া হ'ব সাধাৰণ ৰাইজে ।

কিন্তু চৰকাৰে এইবোৰ চিন্তা কৰিছেনে নাই বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা আম আদমী পাৰ্টীৰ নেতা-কৰ্মীসকলে । লগতে চৰকাৰক চিকিৎসালয়খন যি হিচাপত আছে তাতকৈ আৰু অধিক উন্নত কৰিবলৈ দাবী উত্থাপন কৰে আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে । ইয়াৰ উপৰি ম'হখুলিস্থিত নিৰ্মীয়মাণ নগাঁও মেডিকেল কলেজখনো উন্নত কৰাৰ দাবী উত্থাপন কৰে আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে ।

জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়খন স্থানান্তৰিত কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি চিকিৎসালয়খন অধিক উন্নত কৰাৰো দাবী জনায় আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে । উল্লেখযোগ্য যে, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় নিৰ্মীয়মান নগাঁও মেডিকেল কলেজৰ সৈতে সংলগ্ন কৰিলেও নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত জৰুৰীকালীন চিকিৎসা অব্যাহত থকাৰ কথা ইতিপূৰ্বেই উল্লেখ কৰিছিল বিধায়ক ৰূপক শৰ্মাই ।

লগতে পঢ়ক :Cotton University AASU unit resigned: কটন বিশ্ববিদ্যালয়ত নিশ্চিহ্ন আছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.