ETV Bharat / state

Cotton University AASU unit resigned: কটন বিশ্ববিদ্যালয়ত নিশ্চিহ্ন আছু

author img

By

Published : Feb 21, 2023, 7:57 PM IST

ঐতিহাসিক কটনত আছুৰ অস্তিত্বৰ অৱসান । কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ বিষয়ববীয়া তথা সদস্যৰ সমূহীয়া অব্যাহতি গ্ৰহণ । ফলত আছু শূন্য হ'ল কটন বিশ্ববিদ্যালয় । এক সংবাদমেলযোগে কটন আছু গোটৰ সভাপতি প্ৰাঞ্জল সোণোৱালৰ এই ঘোষণা (Cotton University AASU leaders resigned) ।

কটন বিশ্ববিদ্যালয়ত নিশ্চিহ্ন আছু
AASU Cotton University

কটন বিশ্ববিদ্যালয়ত নিশ্চিহ্ন আছু

গুৱাহাটী , ২১ ফেব্ৰুৱাৰী : কটনত নিশ্চিহ্ন হ'ল সদৌ অসম ছাত্ৰ সন্থা (AASU wiped out in Cotton) । সদৌ অসম ছাত্ৰ সন্থাৰ সংগঠন শূন্য হ'ল ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত । সোমবাৰে বিশ্ববিদ্যালয়খনৰ আছু গোটৰ বিষয়ববীয়া আৰু সদস্যসকলে সমূহীয়া অব্যাহতি গ্ৰহণ কৰাৰ পাচতে উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বৰ্ণিল ইতিহাস গৰকা শিক্ষানুষ্ঠানখনত শূন্য হৈ পৰিল আছুৰ সাংগঠনিক ভেটি (Cotton University AASU leaders resigned) । মঙলবাৰে বিশ্ববিদ্যালয়খনৰ ইউনিয়ন হলত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে কটন বিশ্ববিদ্যালয় আছু গোটৰ সদ্য অব্যাহতি লোৱা নেতৃবৰ্গই (Cotton University) ।

সংবাদমেলত আছু গোটৰ সভাপতি প্ৰাঞ্জল সোণোৱালে কয় যে, আছুৰ সৈতে কটনৰ সম্পৰ্ক অতি নিবিড় আৰু ঐতিহাসিক । অসমত ছাত্ৰ সংগঠনৰ জন্মৰ ক্ষেত্ৰত কটনৰ ভূমিকা অনবদ্য বুলি মন্তব্য কৰি তেওঁ‌ কয় যে, সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু পাছলৈ সদৌ অসম ছাত্ৰ সন্থাৰ জন্মৰ সৈতে কটন ওতপ্ৰোতভাৱে জড়িত (Cotton University AASU unit resigned) । কটন কলেজতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ কাৰ্যালয় আছিল বুলি সদৰী কৰি তেওঁ‌ পুনৰ কয় যে, অসম আন্দলোনকে ধৰি অসমৰ আটাইকেইটা গুৰুত্বপূৰ্ণ ছাত্ৰ আৰু সামাজিক আন্দোলনত কটনৰ ছাত্ৰ সমাজে বলিষ্ঠ ভূমিকা পালন কৰিছিল ।

কিন্তু অতি সম্প্ৰতি কিছু সাংগঠনিক আৰু অন্যান্য এৰাব নোৱাৰা কাৰণত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে সাংগঠনিক সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ বাধ্য হৈছে বুলি মন্তব্য কৰে সোণোৱালে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সভাপতিগৰাকীয়ে কয় যে, আছুৰ জন্মলগ্নৰে পৰা কটন আৰু কটনিয়ান আছুৰ সৈতে জড়িত হৈ আহিছে যদিও শিক্ষানুষ্ঠানখনৰ আছু গোটৰ নেতৃত্ব দিয়া লোকসকলে সংগঠনটোৰ পৰা উচিত মৰ্যাদা লাভ কৰা নাই । দীৰ্ঘদিনৰ পৰা কটনৰ আছু গোটে আছুৰ কেন্দ্ৰীয় সমিতিত প্ৰতিনিধিত্ব বিচাৰি আহিছে যদিও কেন্দ্ৰীয় নেতৃত্বই বিষয়টো পাকে প্ৰকাৰে এৰাই চলি আহিছে । আছুৰ দুধনৈ আৰু দুলীয়াজান অধিবেশনত বিষয়টোক লৈ কোনো সিদ্ধান্তই গ্ৰহণ নকৰিলে কেন্দ্ৰীয় সমিতিয়ে ।

শেহতীয়াভাৱে লখিমপুৰৰ সাধাৰণ সভাই বিষয়টো বিবেচনাৰ বাবে ৪ জনীয়া এখন সমিতি গঠন কৰি দিছে যদিও এই পৰ্যন্ত এখন বৈঠকতো মিলিত হোৱা নাই সমিতিৰ সদস্যসকল । এনে পৰিস্থিতিত এই সমিতিখনেও যে কোনো সিদ্ধান্তলৈ আহিব পাৰিব তাৰ কোনো নিশ্চয়তা নাই বুলি সন্দেহ প্ৰকাশ কৰে তেওঁ‌ । আছু গোটৰ সৈতে জড়িত প্ৰাক্তন ছাত্ৰ নেতাসকল বা বৰ্তমানৰ সদস্যসকল এই বিষয়টোক লৈ দীৰ্ঘদিনে ক্ষুণ্ণ হৈ আছে আৰু এই বঞ্চনাৰ প্ৰতিবাদ কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে ।

ইপিনে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি, সাধাৰণ সম্পাদকে ধৰি ৫ টা পদবীত আছে আছু সমৰ্থিত প্ৰাৰ্থী । আছু গোটৰ সভাপতিগৰাকীয়ে জনায় যে, একতা সভাৰ আছু সমৰ্থিত সদস্যসকল বিষয়টো সন্দৰ্ভত অৱগত । তেওঁলোক যদিও বৰ্তমানে আছুৰ সদস্য নহয়, তেওঁলোকো আছু গোট আৰু ছাত্ৰাবাসখনৰ সিদ্ধান্তৰ সৈতে একমত । ইপিনে এক প্ৰেছ বিবৃতিযোগে আছু গোটৰ নেতৃত্বই কয় যে, জাতীয় সংগঠন আছুৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিলেও বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজ জাতীয়তাবাদৰ আদৰ্শত অটল থাকিব আৰু জাতি, ভাষা আৰু অসমৰ পক্ষত পূৰ্বৰ দৰেই মাত মাতি যাব ।

উল্লেখ্য যে, মঙলবাৰে ছাত্ৰ সংগঠনটোৰ কটন বিশ্ববিদ্যালয় গোটে সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদকলৈ পত্ৰ প্ৰেৰণ কৰি অব্যাহতি লয় । ইপিনে বিশ্ববিদ্যালয়খনৰ ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ আবাসীসকলে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে সাংগঠনিক সম্পৰ্ক ছেদ কৰাৰ কথা সদৰী কৰে । উল্লেখ্য, মঙলবাৰৰ সংবাদমেলত আছু গোটৰ সভাপতি, সাধাৰণ সম্পাদক, বিষয়ববীয়া আৰু ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ আবাস পৰিচালনা সমিতিৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Barshashree Buragohain summoned: 28 ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’ব লাগিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.