ETV Bharat / state

বটদ্ৰৱা আৰক্ষীৰ জালত 6 ড্ৰাগছ ব্যৱসায়ী

author img

By

Published : Jul 9, 2021, 7:53 AM IST

বৃহস্পতিবাৰে নগাঁৱৰ বটদ্ৰৱাত নিষিদ্ধ ড্ৰাগছ (Drugs)সহ 6 জনক আটক বটদ্ৰৱা আৰক্ষী (Batadrava Police)ৰ ৷ এখন ই-ৰিক্সাত অভিযান চলাই 5 টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ (Container) জব্দ কৰে আৰক্ষীয়ে ৷

6-drugs-pedlars-arrested-in-batadrava
বটদ্ৰৱা আৰক্ষীৰ জালত 6 ড্ৰাগছ ব্যৱসায়ী

চামগুৰি, 9 জুলাই : নগাঁও জিলাৰ বটদ্ৰৱাত বৃহস্পতিবাৰে নিষিদ্ধ ড্ৰাগছ (Drugs)সহ 6 জন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে ৷ স্থানীয় আমছু (AAMSU) কৰ্মীৰ সহযোগত ড্ৰাগছ ব্যৱসায়ী কেইজনক আটক কৰা হয় ৷ জানিব পৰা মতে, এখন ই-ৰিক্সাৰে বটদ্ৰৱাৰ জামতলৰ পৰা বটদ্ৰৱা থান সংযোগী পথেৰে 5 জনকৈ যুৱক গৈ থকা অৱস্থাত আমছু কৰ্মীসকলৰ মাজত সন্দেহ উপজে ।

ইয়াৰ পাচতে বটদ্ৰৱা আৰক্ষী (Batadrava Police)ৰ সহযোগত উক্ত ই-ৰিক্সাত তালাচী চলাই থান সংযোগী পথৰ পৰা 5 টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ (Container) আৰু যুৱক 5 জনক আটক কৰে আমছু কৰ্মীসকলে ৷ ইয়াৰোপৰি, হাইডুবী গাঁৱৰ পৰা আৰু এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

বটদ্ৰৱা আৰক্ষীৰ জালত 6 ড্ৰাগছ ব্যৱসায়ী

ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে- আমিৰ হামজা, ইকবাল হুছেইন, আব্দুল হাছেন, আনজাৰুল হক, এহিয়া আহমেদ আৰু ছাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে । বৰ্তমান ড্ৰাগছ ব্যৱসায়ীকেইজনক জেৰা অব্যাহত ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে ।

ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষী (Assam Police)য়ে প্ৰতিখন জিলাতে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে দৈনিক অভিযান অব্যাহত ৰাখিছে ৷ কিন্তু ইয়াৰ মাজতে অবৈধ ড্ৰাগছ ব্যৱসায়ীসকলে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰিবলৈ প্ৰতিদিনেই ন ন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যত জাৰি কৰা লক ডাউনৰ মাজতে এনেদৰে অবৈধ নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা চলি থকা ঘটনাসমূহে আচম্বিত কৰি তুলিছে সচেতন জনতাক ৷

উক্ত ড্ৰাগছ ব্যৱসায়ত পুৰুষৰ সমান্তৰালকৈ মহিলাও জড়িত থকাৰ ঘটনা পোহৰলৈ আহিছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে পুৰুষৰ লগতে বহুকেইগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীকো আটক কৰিছে আৰক্ষীয়ে ৷ ড্ৰাগছৰ অন্যতম ঘাটি নগাঁও জিলাত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান অব্যাহত ৰাখিছে জিলাখনৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra)ই ৷ লক ডাউনৰ এই সময়চোৱাত প্ৰতিদিনে ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ীসকলক আটক কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : কাৰাবন্দী ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.