ETV Bharat / state

কলিয়াবৰত তৃতীয়গৰাকী ক'ভিড ৰোগীৰ মৃত‍্যু

author img

By

Published : May 20, 2021, 8:54 AM IST

কলিয়াবৰত তৃতীয়গৰাকী ক'ভিড ৰোগীৰ মৃত‍্যু । জ্বৰত আক্ৰান্ত হৈ থকাৰ পাচতো দুবাৰকৈ ৰেপিড এণ্টিজেন পৰীক্ষাত ক'ভিডৰ অৱস্থিতি ধৰা পৰা নাছিল লোকজনৰ ।

corona virus
কলিয়াবৰত তৃতীয়গৰাকী ক'ভিড ৰোগীৰ মৃত‍্যু

কলিয়াবৰ,২০ মে': দেশত ক’ৰণাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ প্ৰতিদিনে আক্ৰান্ত আৰু নিহতৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ তাৰ সমান্তৰালভাৱে ৰাজ্যতো ক্ৰমাৎ জটিল হৈ পৰিছে ক’ভিড-১৯ ৰ পৰিস্থিতি ৷

তাৰ মাজতে ক’ভিডৰ দ্বিতীয় ঢৌত নগাঁও জিলাৰ কলিয়াবৰত আক্ৰান্তৰ লগতে নিহত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে । বুধবাৰে কলিয়াবৰৰ হাটবৰৰ আখিৰঙা গাঁৱৰ এজন লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱায় । ক’ভিডত আক্ৰান্ত হোৱাৰ পাচতে তেজপুৰ চিকিৎসা মহাবিদ‍্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল লোকজন । অৱশেষত মহামাৰীৰে যুঁজি বুধবাৰে নিশা প্ৰাণ হেৰুৱাই লোকজনে । নিহত লোকজনৰ নাম হেমকান্ত হাজৰিকা বুলি জানিব পৰা গৈছে । তেওঁৰ এই মৃত্যুৰ পাচতে কলিয়াবৰত বৰ্তমানলৈ তৃতীয়গৰাকী ক'ভিড ৰোগীৰ মৃত‍্যু হয় ।

corona virus
কলিয়াবৰত তৃতীয়গৰাকী ক'ভিড ৰোগীৰ মৃত‍্যু

উল্লেখযোগ‍্য যে, হেমকান্ত হাজৰিকাই জ্বৰত আক্ৰান্ত হৈ থকাৰ পাচতো দুবাৰকৈ ৰেপিড এণ্টিজেন পৰীক্ষাত ক'ভিডৰ অৱস্থিতি ধৰা পৰা নাছিল । পৰৱৰ্তী সময়ত স্বাস্থ‍্যৰ অধিক অৱনতি ঘটাত তেজপুৰ চিকিৎসা মহাবিদ‍্যালয় চিকিৎসালয়ত আৰটিপিচিআৰ পৰীক্ষাত ক'ভিডৰ সংক্ৰমণ ধৰা পৰে । ইতিমধ‍্যে স্বাস্থ‍্যৰ অৱস্থা অধিক শোচনীয় হৈ অহা ষাঠিৰ ঊৰ্ধৰ ব‍্যক্তিগৰাকীয়ে নিশা মৃত‍্যুক আঁকোৱালি লয় ।

লগতে পঢ়ক: কৰিমগঞ্জৰ দক্ষিণা কালীবাড়ি মন্দিৰত চুৰিৰ অপচেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.