ETV Bharat / state

77th Independence Day: জাগীৰোডত শ্বহীদ চিত্ৰ শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

author img

By

Published : Aug 14, 2023, 7:31 PM IST

মৰিগাঁও জিলা প্ৰশাসন,মৰিগাঁও পৌৰসভাৰ উদ্যোগত শ্বহীদ নমন কাৰ্যসূচী ৰূপায়নৰে স্বাধীনতা ৭৭ সংখ্যক অমৃত মহোৎসৱ উদযাপন । শ্বহীদ চিত্ৰ শইকীয়াৰ নামত "নমন" ফলক মুকলি ।

77th Independence Day
শ্বহীদ চিত্ৰ শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি

মৰিগাঁও, ১৪ আগষ্ট: সমগ্ৰ দেশৰ লগতে মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিতো "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সমষ্টিটোৰ জাগী ভকতগাঁও গাঁও পঞ্চায়তত শ্বহীদ চিত্ৰ শইকীয়াৰ নামত নমন ফলক আঁৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ তথা জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত জাগী ভকতগাঁও পঞ্চায়তত শ্বহীদ চিত্ৰ শইকীয়াৰ নামত এখন "নমন" ফলক আঁৰি বীৰগৰাকীক শ্ৰদ্ধা নিবেদন কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই ।

শ্বহীদ চিত্ৰ শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি

লগতে পঢ়ক:Partition Horrors Remembrance Day : নলবাৰীত জিলা প্ৰশাসনৰ উদ্যোগত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন

উল্লেখ্য যে দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিবস লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ জাগীৰোডৰ জাগী ভকতগাঁৱত "মোৰ মাটি মোৰ দেশ" অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পীয়ুষ হাজৰীকাই উন্মোচন কৰে শিলাফলক । বীৰ শ্বহীদ চিত্ৰ শইকীয়াৰ নাম সন্নিবিষ্ট হয় এই ফলকত । ইয়াৰ লগতে স্থানীয় মুক্তিযুদ্ধা পৰিয়ালৰ লোকক সম্বৰ্ধনা কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:AASU Protest at Namrup : নামৰূপ সাৰ কাৰখানা বন্ধৰ বিৰোধিতাৰে নামৰূপত আছুৰ অনশন কাৰ্যসূচী

স্বাধীনতাৰ অমৃত মহোৎসৱৰ এই কাৰ্যসূচীত জিলা প্ৰশাসনৰ লগতে জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়াল আৰু শতাধিক আত্মসহায়ক গোটৰ মহিলাই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ৰাইজে সংকল্প গ্ৰহণ কৰি কয়,"সংকল্প গ্ৰহণ কৰো যে ২০৪৭চনৰ ভিতৰত ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ স্বপ্ন বাস্তবায়িত কৰিম । মনৰ পৰা দাসত্বৰ মনোভাৱ পৰিহাৰ কৰিম । দেশৰ সমৃদ্ধ আৰু ঐতিহ্যক লৈ গৌৰৱ কৰিম । দেশমাতৃৰ অখণ্ডতা ৰক্ষা কৰিম, দেশৰ সুৰক্ষা দিয়া সকলক সন্মান কৰিম । অনুষ্ঠানটোত মন্ত্ৰী পীয়ুষ হাজৰীকায়ো এইদৰে সংকল্প গ্ৰহণ পাঠ কৰে । "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীত জিলা আয়ুক্ত দেবাশীষ শৰ্মাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়েও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Constituency Delimitation: স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব পুনৰ নিৰ্ধাৰিত সমষ্টিবোৰত পৰৱৰ্তী কাম-কাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.