ETV Bharat / state

দ্বিতীয় দিনাও উদুলি-মুদুলি পৰিৱেশ অধিৱেশনথলীত

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 3:06 PM IST

Updated : Nov 22, 2023, 4:13 PM IST

18th All Assam Student Union annual conference
দ্বিতীয় দিনাও উদুলি মুদুলি পৰিৱেশ অধিৱেশনথলীত

দ্বিতীয় দিনাও জয় আই অসম ধ্বনিৰে মুখৰিত হৈছে মৰিগাঁৱৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ ৷ পঞ্চাশ সহস্ৰাধিক সাংস্কৃতিক প্ৰতিনিধিৰ অংশগ্ৰহণৰে সৰ্ববৃহৎ সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই সমগ্ৰ মৰিগাঁৱৰ আকাশ বতাহ মুখৰিত কৰি তোলে।

দ্বিতীয় দিনাও উদুলি মুদুলি পৰিৱেশ অধিৱেশনথলীত

মৰিগাঁও, 22 নৱেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনৰ আজি দ্বিতীয়টো দিন ।মঙলবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মৰিগাঁও সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় মৰিগাঁও অধিৱেশন ৷ আজিৰ দিনটোতো অধিৱেশনথলীত পঞ্চাশ সহস্ৰাধিক লোক সমবেত হৈছে ।

জয় আই অসম ধ্বনিৰে মুখৰিত হৈছে মৰিগাঁও ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ । একেদৰে গায়ন-বায়ন, বিহু দল, আহোম স্বৰ্গদেউ, মায়ঙৰ গোঁসাই উলিওৱা মেলা আয়তী, চাহ বাগিচা, কাৰ্বি, বড়ো, তিৱা, নেপালী, গৰীয়া মৰীয়াৰ জিকিৰ-জাৰি দল, অংকীয়া ভাওনা দল, বিয়া নাম, আই নাম, সংকীৰ্তন দল, হাতী, ছাত্ৰ সন্থাৰ পতাকা হাতত লৈ পঞ্চাশ সহস্ৰাধিক সাংস্কৃতিক প্ৰতিনিধিৰ অংশগ্ৰহণৰে সৰ্ববৃহৎ সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই সমগ্ৰ মৰিগাঁৱৰ আকাশ বতাহ মুখৰিত কৰি তোলে ।

ইয়াৰ পূৰ্বে অষ্টাদশ অধিৱেশনৰ দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচীৰূপে পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাই । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ক্ৰমে আছুৰ সম্পাদক শংকৰ জ্যোতি বৰুৱা, মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, মৰিগাঁও জিলা সমিতি সভাপতি দিপুল কুমাৰ নাথ, সম্পাদক ৰূপজ্যোতি মেধি , কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক নৱ কুমাৰ নাথ ৷ লগতে উপস্থিত থাকে আদৰণি সমিতিৰ সভাপতি মিলেশ্বৰ পাটৰ, কাৰ্যকৰী সভাপতি মুকুল হাজৰিকা, অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা, সাংস্কৃতিক শোভাযাত্ৰাৰ সমিতি উপদেষ্টা তথা বিশিষ্ট সমাজ সেৱক ধৰণীধৰ বুঢ়াগোঁহাইৰ প্ৰমুখ্যে বিষয় ববীয়াসকলে ।

পতাকা উত্তোলনৰ পিচতে দ্বিতীয় কাৰ্যসূচী হিচাপে শ্বহীদ তৰ্পণৰ লগতে 40000 মহিলাৰ দ্বাৰা ছহীদ প্ৰণামো তোমাক শীৰ্ষক সমবেত সংগীত পৰিৱেশন কৰে ৷ আজি দিনটোৰ মূল কাৰ্যসূচী সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ।

লগতে পঢ়ক: লোকাৰণ্য সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনথলী

Last Updated :Nov 22, 2023, 4:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.