ETV Bharat / state

Morigaon Encounter: মৰিগাঁৱত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

author img

By

Published : Jul 12, 2023, 2:02 PM IST

Morigaon Encounter
মৰিগাঁৱত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

আকৌ এনকাউন্টাৰ ৷ এইবাৰ ড্ৰাগছ মাফিয়াক লক্ষ্য কৰি গুলী চলালে আৰক্ষীয়ে ৷ আৰক্ষীক আক্ৰমণ কৰি বন্দুকটো কাঢ়ি পলায়নৰ চেষ্টা কৰা সময়তে গুলীবিদ্ধ হয় ড্ৰাগছ মাফিয়া মফিজুল হক ৷ আৰক্ষী অধীক্ষকে সংবাদমেলযোগে সদৰী কৰে সমগ্ৰ ঘটনা ৷

মৰিগাঁৱত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

মৰিগাঁও, 12 জুলাই: মৰিগাঁও ধৰমতুলৰ বৰবৰীত বুধবাৰৰ পুৱতি নিশা আৰক্ষীৰ গুলীত আহত হয় এটা ড্ৰাগছ মাফিয়া ৷ আহত ড্ৰাগছ মাফিয়াটো মফিজুল হক বুলি জানিব পৰা হৈছে ৷ গুলীবিদ্ধ মফিজুলক প্ৰথমে আহতগুৰীত প্ৰাথমিক চিকিৎসা কৰি পৰবৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ।

আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মাজত সংঘটিত এই গুলীচালনা ঘটনা সন্দৰ্ভত বুধবাৰে আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা মৰ্মে, গাড়ীগাঁৱৰ কুখ্যাত ড্ৰাগছ মাফিয়া মফিজুল হকক সোমবাৰে গুৱাহাটী এছটিএফ আৰু কামৰূপ মহানগৰী আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে । ধৃত মফিজুলৰ স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটী এছটিএফ আৰু মৰিগাঁও আৰক্ষীয়ে অধিক ড্ৰাগছ উদ্ধাৰ বাবে মফিজুলক লগত লৈ ধৰমতুল থানাৰ অন্তৰ্গত বৰবড়িত অভিযান চলাইছিল ।

Morigaon Encounter
মৰিগাঁৱত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

এই অভিযানৰ সময়ত বুধবাৰৰ পুৱতি নিশা প্ৰায় ২ বজাত সোণাপুৰৰ টোলগেটত AS 01 BL 2211 নম্বৰ এখন হোণ্ডা চিটি বাহনৰ সৈতে ১৪৫ টা বাকচত প্ৰায় ১.৫ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিছিল । কিন্তু বৰবড়িত অভিযান চলোৱাৰ সময়ত মফিজুলে ইন্দ্ৰজিত গগৈ নামৰ আৰক্ষীৰ কনিষ্টবলজনক আক্ৰমণ কৰি তেওঁৰ AK47 বন্দুকটো কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল ৷ মফিজুলে বন্দুক কাঢ়ি আৰক্ষীক গুলীয়াই পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে প্ৰত্যুত্তৰ গুলীচালনা কৰে ৷ আৰক্ষীৰ গুলীয়ে মফিজুলৰ সোঁ ভৰিত আঘাত হানে ৷

আঘাতপ্ৰাপ্ত মফিজুলক লগে লগে আহতগুৰি ৰাজ্যিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে । ইফালে মফিজুলৰ আক্রমণত আঘাতপ্ৰাপ্ত আৰক্ষীৰ কনিষ্টবল ইন্দ্ৰজিত গগৈকো চিকিৎসা প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: Dreaded criminal shot dead in police Encounter: আৰক্ষীৰ এনকাউণ্টাৰত নিহত পলাতক কুখ্যাত অপৰাধী হিফজুৰ ৰহমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.