ETV Bharat / state

তীব্ৰবেগী ট্ৰাকে প্ৰাণ ল'লে কনিষ্টবলৰ !

author img

By

Published : Oct 25, 2019, 12:25 PM IST

তীব্ৰবেগী ট্ৰাকে প্ৰাণ ল'লে কনিষ্টবলৰ

মৰিগাঁৱত তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে মিকিৰভেটা আৰক্ষী থানাত কৰ্মৰত ফিৰোজ আলি নামৰ কনিষ্টবলজনক ৷ দুৰ্ঘটনাত থিতাতে নিহত কনিষ্টবলজনৰ ৷

মৰিগাঁও,25অক্টোবৰ : শুক্ৰবাৰে মৰিগাঁৱত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী এখন ট্ৰাকে মহতিয়াই নিয়ে এজন আৰক্ষী কনিষ্টবলক ৷ দুৰ্ঘটনাটোত মিকিৰভেটা আৰক্ষী থানাত কৰ্মৰত এজন কনিষ্টবল থিতাতে নিহত হয় ৷ নিহত কনিষ্টবলজনৰ নাম ফিৰোজ আলি ৷ আৰক্ষী কনিষ্টবলজনৰ ঘৰ মৰিগাঁৱৰ বৰিগাঁৱত ৷

মৰিগাঁৱত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা


ঘটনা অনুসৰি, ফিৰোজ আলিয়ে মটৰচাইকেলেৰে থানাৰ পৰা ঘৰলৈ আহি থকাৰ পথতেই AS 21F 7565 নম্বৰৰ এখন ট্ৰাকে মহতিয়াই নিয়ে ৷ যাৰ ফলত থিতাতে নিহত হয় কনিষ্টবলজন ৷ ইফালে, ঘটনা সংঘটিত হোৱাৰ লগে-লগে স্থানীয় লোকে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ কিন্তু ঘটনা সংঘটিত কৰিয়ে ট্ৰাকসহ পলায়ন কৰা চালকজনৰ বৰ্তমানেও কোনো সম্ভেদ উলিয়াব পৰা নাই আৰক্ষীয়ে ৷

Intro: শুক্ৰবাৰে মৰিগাঁৱত শোকাবহ পথ দূৰ্ঘটনা।দূৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাৰ স্হলীৰ পৰা পলায়ন ট্ৰাকখন। এই ঘটনাত এজন আৰক্ষী জোৱান নিহত।Body:মৰিগাঁৱত শোকাবহ পথদূৰ্ঘটনা। আৰক্ষী জোৱান নিহত।ঘটনাস্হলীৰ পৰা পলায়ন সংঘটিত কৰা ট্ৰাক।
ঘটনাৰ বিৱৰণী মতে
মৰিগাঁও সাতগাঁৱৰ নগাঁও- মৰিগাঁও পথত ভয়ংকৰ পথ দুৰ্ঘটনা।ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু এজন আৰক্ষী কনিষ্টবল।মৃত্যু হোৱা কনিষ্টবল জনৰ নাম ফিৰোজ আলি। মিকিৰভেটা আৰক্ষী থানাত কৰ্মৰত আছিল৷ থানাৰ পৰা ঘৰলৈ মটৰচাইকেলেৰে আহি থকা অৱস্থাত এক পথ দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু আঁকোৱালি লব লগা হয় কনিষ্টবল জনে।আৰক্ষী কনিষ্টবল জনৰ ঘৰ মৰিগাঁওৰ বৰিগাঁৱত। মৰিগাঁও অসামৰিক চিকিৎসালয়ত অনা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে।
বাহন খনৰ নম্বৰ AS 21F 7565।উল্লেখযোগ্য যে ঘটনা সংঘটিত কৰিয়ে ট্ৰাকৰ খনৰ সহ পলায়ন কৰে চালক জন।
Byte:public,familyConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.