ETV Bharat / state

Morigaon Fake Doctor : 21 হাজাৰ টকাত নৱজাতক বিক্ৰী কৰিছিল ভুৱা চিকিৎসক নাজিৰুলে

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 8:45 PM IST

Morigaon Fake Doctor
অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য

মৰিগাঁৱত গ্ৰেপ্তাৰ কৰা ভুৱা চিকিৎসক নাজিৰুলক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইটোৰ পাছত সিটো ভয়ংকৰ তথ্য লাভ কৰিবলৈও সক্ষম হৈছে মৰিগাঁও আৰক্ষী ৷

অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য

মৰিগাঁও, 20 অক্টোবৰ : যোৱা 17 অক্টোবৰত মৰিগাঁও আৰক্ষীৰ জালত পৰিছিল এজন ভুৱা চিকিৎসক ৷ প্ৰায় 7-8 মাহ মৰিগাঁৱৰ লাহৰীঘাটৰ গৰৈমাৰী বজাৰ আৰু কালিকাজাৰি বজাৰত ৰোগীৰ জীৱনক লৈ চৰম হেতালি খেলি থকা নাজিৰুল ইছলাম নামৰ ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ ইয়াৰ পাছতে নাজিৰুলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল ভুৱা চীল-মোহৰ, চিকিৎসা পদ্ধতিৰ যন্ত্ৰ-পাতি ।

সম্প্ৰতি মৰিগাঁও আৰক্ষীৰ জিম্মাত থকা নাজিৰুলৰ পৰা শেহতীয়াকৈ ন-ন ভয়ংকৰ তথ্য উদঘাটন কৰিছে আৰক্ষীয়ে ৷ শুকুৰবাৰে সংবাদ মেল সম্বোধন কৰি সবিশেষ জানিবলৈ দিলে মৰিগাঁও জিলাৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ।

সমীৰণ বৈশ্যই জানিবলৈ দিয়া অনুসৰি অনুজ্ঞাবিহীনভাবে অস্ত্ৰোপচাৰ কক্ষ স্থাপন কৰি অবৈধ গৰ্ভপাত, গ’ল্ডব্লাডাৰ, এপেণ্ডিক্স আৰু চিজাৰিয়ানৰ দৰে অস্ত্ৰোপচাৰ কৰি আহিছিল নাজিৰুল ইছলাম আৰু তেওঁৰ সহযোগীসকলে । অবৈধ অস্ত্ৰোপচাৰ সম্পন্ন কৰি সদ্যোজাতক বিক্ৰীৰ দৰে গুৰুতৰ অপৰাধ সংঘটিত কৰিছিল ভুৱা চিকিৎসক নাজিৰুল ইছলামে ।

জুৰীয়া গৰৈমাৰীৰ এক সন্তানহীন দম্পতীক ২১ হাজাৰ টকাৰ বিনিময়ত ভুৱা চিকিৎসক নাজিৰুল আৰু তেওঁৰ সহযোগীসকলে বিক্ৰী কৰিছিল এটা নৱজাতক কন্যা শিশু । মৰিগাঁও আৰক্ষীৰ অভিযানত ১২ দিনীয়া নৱজাতকটি নগাঁও জুৰীয়াৰ পৰা উদ্ধাৰ কৰি শিশু কল্যাণ কেন্দ্ৰক চমজাই দিয়ে আৰক্ষীয়ে । আনহাতে নৱজাতকটিৰ মাতৃৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানলৈকে পলাতক থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

উল্লেখ্য যে, চিকিৎসকৰ বেশ ধৰি সাধাৰণ লোকৰ জীৱনৰ লগত ল’ৰা-ধেমালি খেলি অহা নাজিৰুলৰ লগত জড়িত আচিল পত্নীসহ আন পাঁচটা দালাল । আনহাতে নাজিৰুলক কৰায়ত্ব কৰাৰ পাছতে আৰক্ষীয়ে কৰা প্ৰাথমিক তদন্তত ‘‘কেনেকৈ চিকিৎসা কৰিব লাগে’’ শীৰ্ষক এখন বিশেষ ডায়েৰীও জব্দ কৰিছিল ৷

লগতে পঢ়ক: Fraud doctor in Morigaon:চিনেমাতহে ভাল, ৰিয়েল লাইফত কা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.