ETV Bharat / state

Fraud doctor in Morigaon:চিনেমাতহে ভাল, ৰিয়েল লাইফত কাল

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 9:56 AM IST

ডিগ্ৰী নোহোৱাকৈ নোৱাৰি কোনো কাম কৰিব ৷ মনোৰঞ্জনৰ বাবে বোলছবিত কিছু কাহিনী কাল্পনিক ৰূপত দেখুওৱা হয় যদিও প্ৰকৃততে কিন্তু নিজৰ জীৱনত সেইয়া প্ৰয়োগ কৰিবলৈ যোৱাটো মূৰ্খামি ৷ অসৎ উপায়েৰে ধন ঘটাৰ পৰিণাম হ’ব পাৰে ভয়ংকৰ ৷ ভুৱা পৰিচয়েৰে কাৰোবাৰ জীৱনৰ লগত খেলাটো কোনোপধ্যেই গ্ৰহণীয় নহয় ৷ সবিশেষ আগলৈ-

morigaon police arrested fraud doctor
আৰক্ষীৰ জালত পৰে এটা ভুৱা চিকিৎসক

আৰক্ষীৰ জালত পৰে এটা ভুৱা চিকিৎসক

মৰিগাঁও, 17 অক্টোবৰ : সোমবাৰে মৰিগাঁও আৰক্ষীৰ জালত পৰে এটা ভুৱা চিকিৎসক । বিগত আঠ মাহে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ গৰৈমাৰী বজাৰ আৰু মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত কালিকাজাৰি বজাৰত ৰোগীক লৈ হেতালি খেলিছিল ধৃত নাজিৰুল ইছলামে । জব্দ কৰা হৈছে ভুৱা চীল-মোহৰ, চিকিৎসা পদ্ধতিৰ বহু যন্ত্ৰ-পাতি । বৰ্তমানে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ভুৱা চিকিৎসকটোৰ নামৰ নাজিৰুল ইছলাম । মৰিগাঁৱৰ কেইবাখনো ফাৰ্মাছিত দীৰ্ঘদিন ধৰি চিকিৎসা চলাই আছিল নাজিৰুল ইছলামে । বিগত ৮ মাহ ধৰি মৰিগাঁও লাহৰীঘাটৰ গৰৈমাৰী ফাৰ্মাচীত চিকিৎসা প্ৰদান কৰি আহিছিল ধৃত ভুৱা চিকিৎসক নাজিৰুল ইছলামে ।

নিজকে কেতিয়াবা ফাৰ্মাচিষ্ট, কেতিয়াবা চিকিৎসক বুলি পৰিচয় দি চিকিৎসা কৰি আহিছিল নাজিৰুলে । আৰক্ষীয়ে ভুৱা চিকিৎসক নাজিৰুলৰ সকলো নথি-পত্ৰ পৰীক্ষা কৰিছে। গলব্লাডাৰ, এপেনডিক্স আদি বিভিন্ন ৰোগৰ অস্ত্ৰোপচাৰ চলাইছিল মৰিগাঁও জিলাৰ গৰৈমাৰী বজাৰ আৰু মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত কালিকাজাৰিত ।

মন কৰিব লগীয়া যে, ভুৱা চিকিৎসক নাজিৰুলেই কেৱল এই অবৈধ কাৰবাৰৰ সৈতে জড়িত নাছিল ৷ সাধাৰণ মানুহৰ জীৱনক লৈ হেতালি খেলিছিল পত্নীসহ আন পাঁচটাকৈ দালালে । এই ভুৱা বৃত্তিত জড়িত আছিল নাজিৰুলৰ পত্নী, জাৰা মেডিকেলৰ স্বত্বাধিকাৰী উপৰিও অন্য 5/6 ব্যক্তি । নাজিৰুলে চাৰ্টিফিকেট প্ৰিন্ট কৰা প্ৰিন্টিং প্ৰেছটোত অভিযান চলাইছে আৰক্ষীয়ে ।

নাজিৰুল ইছলামৰ পৰা আৰক্ষীয়ে জব্দ কৰে কেনেকৈ চিকিৎসা কৰিব লাগে শীৰ্ষক এখন বিশেষ ডায়েৰীসহ অস্ত্ৰোপচাৰৰ সৈতে জড়িত বহু চিকিৎসা বিভাগৰ যন্ত্ৰ-পাতি । ধৃত ভুৱা চিকিৎসকটোৱে চীল-মোহৰ বনোৱা এটা ব্যৱসায়ী প্ৰতিষ্ঠানটো নাজিৰুলৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত মৰিগাঁও জিলা আৰক্ষী অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই কি ক’লে শুনক-

লগতে পঢ়ক : Fraud Doctor in Lakhimpur: লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভুৱা চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.