ETV Bharat / state

আধাৰকেন্দ্ৰৰ নিযুক্তিৰ বাবে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

author img

By

Published : Oct 20, 2020, 6:55 PM IST

আধাৰকেন্দ্ৰৰ নিযুক্তিৰ বাবে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান
আধাৰকেন্দ্ৰৰ নিযুক্তিৰ বাবে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

আধাৰ কাৰ্ডৰ চুপাৰভাইজাৰ সন্থাই মৰিগাঁৱত জিলা উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷ শীঘ্ৰেই আধাৰকেন্দ্ৰ সমূহত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে এই স্মাৰকপত্ৰ প্ৰদান কৰে সন্থাই ৷

মৰিগাঁও, 20 অক্টোবৰ : মৰিগাঁৱত আধাৰকাৰ্ডৰ চুপাৰভাজাৰ সন্থাৰ এঘাৰ দফীয়া স্মাৰক পত্ৰ প্ৰদান । আধাৰকাৰ্ড কেন্দ্ৰৰ চুপাৰভাইজাৰ নিযুক্তি আৰু সহায়ক পদৰ প্ৰাৰ্থীক শীঘ্ৰে নিযুক্তি দিয়াৰ দাবীত এঘাৰ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে জিলা উপায়ুক্তক ।

লগতে পঢ়ক : আধাৰ প্ৰস্তুতৰ নামত কি চলিছে আধাৰ কেন্দ্ৰত ?

এঘাৰ দফীয়া স্মাৰক পত্ৰ প্ৰদানৰে মৰিগাঁও জিলা আধাৰকাৰ্ডৰ চুপাৰভাইজাৰ সকলক মাহিলি কমেও বিশ হাজাৰ টকা দৰমহা, যাতায়ত খৰছ, দুপৰীয়া আহাৰ, আধাৰকাৰ্ডৰ বাবে সুকীয়া ডিভাইছ, আধাৰকাৰ্ডৰ কাৰ্য্যালয়ৰ সহায়ক নিযুক্তি আৰু দক্ষিণ ধৰমতুল আধাৰকাৰ্ড কেন্দ্ৰৰ চুপাৰভাজাৰ হাফিজুৰ ৰহমানক বিনাচৰ্তে মুকলি কৰি দিয়া, আধাৰকাৰ্ডৰ চুপাৰভাজাৰ আৰু কৰ্মী শীঘ্ৰে নিযুক্তি দিয়াকে ধৰি এঘাৰ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ জিলা উপায়ুক্তক । মনকৰিবলগীয়া কথা যে মৰিগাঁও জিলা বিভিন্ন আধাৰকাৰ্ডৰ কেন্দ্ৰ সমূহত চলা দূৰ্নীতিৰ বিৰুদ্ধে মৰিগাঁও জিলা প্ৰশাসনে অভিযান চলাই সোমবাৰে আধাৰকাৰ্ড কেন্দ্ৰৰ এজন চুপাৰভাজাক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক : বঙাইগাঁৱত আধাৰ কাৰ্ডৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.