ETV Bharat / state

Morigaon Jonbeel Mela: বৃহস্পতিবাৰৰ পৰা ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা

author img

By

Published : Jan 18, 2023, 9:40 PM IST

Morigaon Jonbeel Mela
বৃহস্পতিবাৰৰ পৰা ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা

বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব ঐতিহাসিক জোনবিল মেলা । ঐতিহাসিক জোনবিল মেলা অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে জোনবিল মেলাৰ পৰিচালনা সমিতিয়ে(Morigaon Jonbeel Mela) ।

বৃহস্পতিবাৰৰ পৰা ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা

মৰিগাঁও, ১৮ জানুৱাৰী: মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত জোনবিলৰ পাৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ঐতিহাসিক জোনবিল মেলা(Morigaon Jonbeel Mela) ৷ জোনবিল মেলাৰ পৰম্পৰা অনুসৰি বৃহস্পতিবাৰে চুবুৰীয়া জিলা কাৰ্বি আংলং আৰু চুবুৰীয়া ৰাজ্যৰ মেঘালয়ৰ পাহাৰত উৎপাদিত কেঁচা সামগ্ৰী লৈ নামি আহিব মামা-মামীসকল ৷ উদ্দেশ্য ভৈয়ামৰ উৎপাদিত ভোগৰ সামগ্ৰীৰ সান্দহ চিৰা-পিঠা, গুড়ৰ লাড়ু, তিলৰ লাড়ুৰে সলনি কৰাৰ(Ancient Exchange Practices at Jonbeel) ।

এই ঐতিহাসিক গোভা ৰাজ্য তথা জোনবিল পাৰত জিলিকি উঠিব পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰী ৷ লোকে লোকাৰণ্য হৈ পৰিব জোনবিল মেলাস্থলী ৷ এই মেলাতে মধ্য অসমৰ ১৮জনকৈ প্ৰতীকী ৰজাক প্ৰদান কৰা হ’ব বাৰ্ষিক ৰাজভাট্টা । ইতিমধ্যে জোনবিল মেলা পৰিচালনা সমিতিৰ তৰফৰ পৰা প্ৰস্তুতি প্ৰায় সম্পন্ন হোৱা বুলি জানিবলৈ দিয়ে মেলা পৰিচালনা সমিতিৰ সম্পাদক জুৰছিং বৰদলৈয়ে(Historic Jonbeel Mela) ৷

উল্লেখ্য যে, এইবাৰ জোনবিল মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Biswa Sarma) । মুখ্যমন্ত্ৰীয়ে তিৱা ৰজাসকলৰ বাৰ্ষিক ৰাজভাট্টা প্ৰদান কৰিব বুলি মেলা পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে ৷ তেওঁ সদৰী কৰা মতে, এইবাৰ ৰজাসকলৰ বাৰ্ষিক ৰাজভাট্টা এক লাখ টকাৰ পৰা এক লাখ পঁচিশ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে ৷

জোনবিল মেলা পৰিচালনা সমিতিৰ সম্পাদক জুৰছিং বৰদলৈয়ে সদৰী কৰা মতে, অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা(Minister Pijush Hazarika), মৰিগাঁও সমষ্টিৰ বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ঐতিহাসিক জোনবিল মেলাৰ সকলো দিশ ধাৰাবাহিকভাৱে বুজ লোৱাৰ লগতে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াইছে ৷ একেদৰে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে(Chief Executive Member of Tiwa Autonomous Council) ঐতিহাসিক জোনবিল মেলাখন সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা তেওঁ জানিবলৈ দিয়ে ৷

আনহাতে জোনবিল মেলা চলি থকা তিনি দিনত যাতে জাগীৰোড মৰিগাঁও সংযোগী পথত যানজঁটৰ সৃষ্টি নহয় তাৰবাবে কঠোৰ দৃষ্টি ৰাখিছে মৰিগাঁও জিলা আৰক্ষী তথা প্ৰশাসনে ৷ জিলা পৰিবহন বিভাগৰ তৰফৰ পৰা ধৰমতুল-মৰিগাঁও পথেৰে যাতায়ত কৰিবলগীয়া সকলো যানবাহনৰ চলাচলৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে । মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে বুধবাৰে জাৰি কৰে এই নিৰ্দেশনা ।

লগতে পঢ়ক: G20 summit in Assam: কাজিৰঙাত ৪ ফেব্ৰুৱাৰীত পৰ্যটকৰ বাবে বন্ধ থাকিব জীপ চাফাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.