ETV Bharat / state

Encroachment in Laharighat: লাহৰীঘাট ৰাজহ চক্ৰত পুনৰ বেদখল

author img

By

Published : Jun 5, 2023, 2:18 PM IST

Morigaon Char Surakha Samiti
লাহৰীঘাট ৰাজহ চক্ৰত বেদখলকাৰীৰ দপদপনি

মৰিগাঁও লাহৰীঘাট চৰত উচ্ছেদিত লোকৰ বেদখলকলৈ প্ৰতিক্ৰিয়া । চৰকাৰক ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ মৰিগাঁও জিলা চৰ সুৰক্ষা সমিতিৰ দাবী (Morigaon Char Surakha Samiti)।

মৰিগাঁও, ৫জুন: মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰত পুনৰ বেদখল (Encroachment in Laharighat revenue circle) । লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত বড়ীগাঁও পথাৰ,এটিয়াবড়ী,কাশিপুৰী চৰ,গৰখীয়াখুটি,জটিয়াবড়ী চৰত একাংশ কংগ্ৰেছী দালালৰ নেতৃত্বতে চলিছে এই বেদখল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদিত লোকৰ পৰা টকা লৈ একাংশ উচ্ছেদিত লোকক এই চৰত সংস্থাপিত কৰিছে একাংশ কংগ্ৰেছী দালালে (Eviction at Orang National Park)। এই অভিযোগ উত্থাপন কৰিছে মৰিগাঁও জিলা চৰ সুৰক্ষা সমিতিৰ সম্পাদক বাবুল বৰাই । মনকৰিবলগীয়া যে চাৰি দশক পূৰ্বে বৰ লুইতৰ গৰাখহনীয়াত পৰি আমতলা, এটিয়াবড়ী, বড়ীগাঁও পথাৰ, কাশিপুৰী আদি খিলঞ্জীয়া গাঁওসমূহ উছন হৈছিল যদিও শেহতীয়াকৈ উক্ত গাঁৱৰ ভূমিসমূহ চৰ ৰূপে চিনাক্ত হয় (Morigaon Char Surakha Samiti against Encroachment)।

ইয়াৰ পৰিপ্ৰেক্ষিতত বিগত পাঁচ বছৰে মৰিগাঁও জিলা চৰ সুৰক্ষা সমিতিয়ে প্ৰায় ৩৩বিঘা ম্যাদী মাটি লাহৰীঘাট ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যলয়ৰ যোগেদি সীমা চিনাক্ত কৰি বিভিন্ন খেতিবাতি কৰি দখলত ৰাখিছে (Demand for eviction)। সেয়া হ'লেও শেহতীয়াকৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত দৰং আৰু মৰিগাঁও জিলা প্ৰশাসনে চলোৱা উচ্ছেদৰ পিছতে সুবিধা লৈছে স্থানীয় দালাল চক্ৰই ।

এই ক্ষেত্ৰত আনকি লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰৰেও বিপথে পৰিচালিত কৰাৰ অভিযোগ কৰিছে চৰ সুৰক্ষা সমিতি সম্পাদক বাবুল বৰাই (MLA Dr Asif Mohammad Nazar)। সেয়েহে চৰাঞ্চলত হিন্দুসকলৰ নামত সংৰক্ষিত তথা ম্যাদী পট্টাৰ মাটি যাতে বেদখল কৰিব নোৱাৰে তাৰ বাবে চৰকাৰ তথা মৰিগাঁও জিলা প্ৰাসনক ব্য়ৱস্থা কৰিবলৈ আহ্বান জনাইছে । ইফালে,একাংশ মাটিৰ দালালৰ উচটনিত জিলা প্ৰশাসনৰ জৰীপ অবিহনে উক্ত চৰত একাংশ লোকে বেদখল কৰাৰ খবৰ লাভ কৰি টহল দিয়ে স্থানীয় ভেলৌগুৰি আৰক্ষী পহৰা চকীৰ এটা আৰক্ষী দলে (Veluguri Police out Post)।

লগতে পঢ়ক:World Environment Day 2023: কিয় পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস ? এই বৰ্ষৰ বিষয়বস্তু, গুৰুত্ব তথা ইতিহাস জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.