ETV Bharat / state

ধিঙত ড্ৰাগছসহ তিনিজন গ্ৰেপ্তাৰ

author img

By

Published : Jun 4, 2021, 7:21 PM IST

মৰিগাঁও জিলাৰ ভেলৌগুৰি আৰক্ষীয়ে অভিযান চলাই হাহচৰা গাঁৱৰ জাকিৰ হুছেইন নামৰ এজন লোকৰ ঘৰৰপৰা ৫০ টা কন্টেইনাৰসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ এটা ম'বাইল, ৫,৪৬০ টকা আৰু ৪৩ খন ম'বাইল চিম জব্দ কৰে আৰক্ষীয়ে ।

drugs seized in dhing
ধিঙত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনিজন

ধিং, ৪ জুন: ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । মৰিগাঁও জিলাতো ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । শুকুৰবাৰে মৰিগাঁও জিলাৰ ভেলৌগুৰি আৰক্ষীয়ে অভিযান চলাই হাহচৰা গাঁৱৰ জাকিৰ হুছেইন নামৰ এজন লোকৰ ঘৰৰপৰা ৫০ টা কন্টেইনাৰসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

drugs seized in dhing
ধিঙত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনিজন

উল্লেখ্য যে দীৰ্ঘ দিন ধৰি অঞ্চলটোত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহা এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জাকিৰ হুছেইনে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা চোৰাংভাৱে ড্ৰাগছ আনি হাহচৰা গাঁৱত থকা নিজৰ ঘৰৰ পৰাই ব্যৱসায় চলাই আছিল ।

আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই জাকিৰ হুছেইনৰ ঘৰৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছসহ এটা ম'বাইল, ৫,৪৬০ টকা আৰু ৪৩ খন ম'বাইল চিম জব্দ কৰে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ী জাকিৰ হুছেইনৰ লগতে বিমলা খাতুন আৰু আজিজুল হক নামৰ আন দুগৰাকীৰ বিৰুদ্ধেও থানাত গোচৰ ৰুজু কৰি তিনিওকে মৰিগাঁও জিলাৰ জেললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: এইবাৰো নহয় মা কামাখ্যা মন্দিৰৰ বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.