ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু এলেকাত শিক্ষাৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত সমানে কাম কৰিছে: শিক্ষা উপদেষ্টা

author img

By

Published : Jun 6, 2022, 10:00 PM IST

dr nani gopal mahanta visited mairabari model school
মুখ্যমন্ত্ৰীয়ে পিছপৰা অঞ্চলত বিশেষকৈ সংখ্যালঘু এলেকাত শিক্ষাৰ সৰ্বাংগীন উন্ননৰ ক্ষেত্ৰত সমানে কাম কৰিছে

চৰকাৰে শৈক্ষিক উন্নয়ৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰে অংশৰূপে সোমবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰী আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰে শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননী গোপাল মহন্তই ।

ধিং, ৬ জুন: ৰাজ্য় চৰকাৰে শৈক্ষিক উন্নয়ৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰে অংশৰূপে সোমবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰী আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰে ৰাজ্য় চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননী গোপাল মহন্তই(Advisor of education department Assam) । বিদ্যালয়খন পৰিদৰ্শনৰ সময়ত শিক্ষা বিভাগৰ উপদেষ্টাগৰাকীৰ লগত উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞা, লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু লাহৰীঘাট খন্ড প্ৰাথমিক শিক্ষা বিষয়া ।

মুখ্যমন্ত্ৰীয়ে পিছপৰা অঞ্চলত বিশেষকৈ সংখ্যালঘু এলেকাত শিক্ষাৰ সৰ্বাংগীন উন্ননৰ ক্ষেত্ৰত সমানে কাম কৰিছে

উক্ত বিদ্যালয়খনৰ শৈক্ষিক-সাংস্কৃতিক পৰিৱেশ সম্পৰ্কত উপদেষ্টা ড০ মহন্তই সন্তুষ্টি প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ গুণগত মান উন্নতৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ পুনৰ কয়, 'মুখ্যমন্ত্ৰীয়ে পিছপৰা অঞ্চলত বিশেষকৈ সংখ্যালঘু এলেকাত শিক্ষাৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত সমানে কাম কৰি আহিছে ।' ড০ মহন্তই উক্ত বিদ্যালয়নৰ ছাত্ৰ-ছাত্ৰী সকলৰ স'তে ভাৱ বিনিময় কৰে( Dr Mahanta converse with students) । তেওঁ লগতে বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণী কোঠাৰ পৰিৱেশৰো বুজ লয় ।

উল্লেখ্য় যে বিশ্ব পৰিৱেশ দিৱসত ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ দ্বাৰা বাছনি কৰা অসমৰ পাচঁখন বিদ্যালয়ৰ ভিতৰত মৈৰাবাৰী আদৰ্শ বিদ্যালয়ে প্ৰথম স্থান লাভ কৰাত উপদেষ্টা ড০ মহন্তই বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীক ধন্যবাদ জ্ঞাপন কৰে । ইপিনে,সদৌ অসম প্ৰাথমিক টে'ট্ উত্তীৰ্ণ শিক্ষক সমাজে চাৰিটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ উপদেষ্টা গৰাকীক প্ৰদান কৰে ৷

লগতে পঢ়ক : পুনৰ অশান্ত কোকৰাঝাৰ: ব্যৱসায়ীলৈ গুলীচালনা কৰা ঘটনাকলৈ কোকৰাঝাৰত প্ৰতিক্ৰিয়া অব্যাহত

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.