ETV Bharat / state

পুনৰ অশান্ত কোকৰাঝাৰ: ব্যৱসায়ীলৈ গুলীচালনা কৰা ঘটনাকলৈ কোকৰাঝাৰত প্ৰতিক্ৰিয়া অব্যাহত

author img

By

Published : Jun 6, 2022, 3:51 PM IST

uupl press conference on incident of firing at businessman
পুনৰ অশান্ত কোকৰাঝাৰ: ব্যৱসায়ীলৈ গুলীচালনা কৰা ঘটনাকলৈ কোকৰাঝাৰত প্ৰতিক্ৰিয়া অব্যাহত

সুনীল মণ্ডল নামৰ এজন ব্যৱসায়ীলৈ গুলীচালনা কৰা ঘটনাকলৈ BTRৰ সদৰ জিলা কোকৰাঝাৰত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ শনিবাৰে নিশা জিলাখনৰ সেৰফাংগুৰীৰ নাৰাবাৰীত সংঘটিত ব্যৱসায়ীলৈ গুলীচালনা কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া আৰু গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে UPPL দলে(Businessman injured in Kokrajhar) ৷

কোকৰাঝাৰ,৬ জুন: বিভিন্ন বিদ্ৰোহী সংগঠনে মূলসুঁতিলৈ ঘুৰি অহাৰ পিছতে কিছুদিনৰ বাবে শান্তি পৰিবেশ বিৰাজ কৰা বিটিআৰৰ সদৰ জিলা কোকৰাঝাৰত পুনৰ ধন দাবী তথা হিংসাত্মক কাৰ্যকলাপ সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ সেৰফাংগুৰীত শনিবাৰে নিশা দুৰ্বৃত্তই সংঘটিত কৰে এক গুলীচালনাৰ ঘটনা(Firing in Kokrajhar) ৷ সেৰফাংগুৰী থানাৰ অন্তৰ্গত নাৰাবাৰীত সংঘটিত দুৰ্বৃত্তৰ এই গুলীচালনাত এজন ব্যৱসায়ী গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয়(Miscreants shoots a Businessman in Kokrajhar) ৷

এই ঘটনাক লৈ বৰ্তমানেও অব্যাহত প্ৰতিক্ৰিয়া । দেওবাৰে সন্ধিয়া কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰি UPPLৰ কোকৰাঝাৰৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক অমূল্য সুত্ৰধৰে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে(UPPL press meet) ৷ ঘটনাৰে জড়িত দোষীক আৰক্ষীয়ে আটক কৰাত সন্তুষ্টি প্ৰকাশ কৰে যদিও শান্তি বিৰাজ কৰা বিটিআৰ এলেকাত কিছুমান দুষ্কৃতিকাৰীয়ে হিংসাত্মক কাৰ্যকলাপেৰে অশান্তি সৃষ্টি কৰিব বিচৰা কাৰ্যত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে সাধাৰণ সম্পাদক গৰাকীয়ে ৷

পুনৰ অশান্ত কোকৰাঝাৰ: ব্যৱসায়ীলৈ গুলীচালনা কৰা ঘটনাকলৈ কোকৰাঝাৰত প্ৰতিক্ৰিয়া অব্যাহত

ঘটনাৰে জড়িত দোষীৰ কঠোৰ শাস্তিৰ পোষকতা কৰি ইউপিপিএলৰ সাধাৰণ সম্পাদক গৰাকীয়ে কোকৰাঝাৰ তথা বিটিআৰ এলেকাত যাতে পুনৰাই এনে ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰশাসনক কঠোৰ হবলৈ আহ্বান জনায় ৷ ইফালে চিৰাং জিলাৰ আমটেকাতো শনিবাৰে নিশাই দুষ্কৃতিকাৰীৰ গুলীত অনিল ইছোৱাৰী নামৰ আন এজন ব্যৱসায়ী আহত হোৱা ঘটনাকো ইউপিপিএলৰ নেতা গৰাকীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷

উল্লেখ্য যে, ইউপিপিএলৰ সঁজাতি দল এটাই দেওবাৰে সেৰফাংগুৰীৰ নাৰাবাৰীত উপস্থিত ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লোৱা বুলিও সংবাদমেলত সদৰি কৰে ইউপিপিএলৰ সাধাৰণ সম্পাদক অমূল্য সুত্ৰধৰে ৷ সংবাদমেলখনত উপস্থিত থাকে ইউপিপিএলৰ জিলা উপসভাপতি ৰুধিৰ দৈমাৰী, জিলা প্ৰশাসনিক সাধাৰণ সম্পাদক সূৰজ মুছাহাৰী , জিলা সম্পাদক দ্বয় ক্ৰমে দেটচুং বসুমতাৰী,জগত নাথকে আদি কৰি ভালেসংখ্যক কৰ্মী ৷

লগতে পঢ়ক: কোকৰাঝাৰত দুৰ্বৃত্তৰ গুলীচালনাত আহত ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.