ETV Bharat / state

300 বছৰ পুৰণি মৰিগাঁৱৰ এখন সত্ৰ

author img

By

Published : Sep 23, 2020, 3:36 PM IST

প্ৰায় 300 বছৰ পুৰণি এখন সত্ৰ ৷ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ধৰ্ম প্ৰৱৰ্তন কালৰে সত্ৰখন ৷ কিন্তু প্ৰচুৰ পৰ্যটনৰ সম্ভাৱনাৰ থল থকা ঐতিহাসিক সত্ৰ খনৰ অৱস্থা সম্প্ৰতি বাৰুকৈয়ে শোচনীয় ৷

এখন সত্ৰ
এখন সত্ৰ

মৰিগাঁও, 23 ছেপ্তেম্বৰ: 300 বছৰৰ পৰা অপ্ৰতিৰোধ্যভাৱে শংখ-তাল, খোল-মৃদংগ, ডবা-নাগাৰাৰ শব্দই মুখৰিত কৰি ৰাখিছে সত্ৰখন ৷ মৰিগাঁৱৰ দামোদৰীয়া সত্ৰই ৰচিছে ইতিহাসৰ বহু সোণালী অধ্যায় ৷ দামোদৰ দেৱৰ শিষ্যসকলৰ লগতে একাংশ ভক্তপ্ৰাণ ৰাইজৰ প্ৰচেষ্টাৰ ফলতে মৰিগাঁৱত গঢ় লৈ উঠিছিল সত্ৰখন ৷ তেতিয়াৰ পৰা এতিয়ালৈকে গুৰুজনাৰ আদৰ্শৰে নিৰন্তৰ গতিত প্ৰকাশি আছে নৱ বৈষ্ণৱ ধৰ্মৰ খুটি ৷ আজিও ভিন্ন স্থানৰ ৰাইজে আহি শৰণ লয়হি মৰিগাঁৱৰ বৰ্ণসত্ৰত ৷ কিন্তু প্ৰচুৰ পৰ্যটনৰ সম্ভাৱনাপূৰ্ণ এই ঐতিহাসিক সত্ৰ খনৰ অৱস্থা সম্প্ৰতি শোচনীয়

অপ্ৰতিৰোধ্যভাৱে শংখ-তাল, খোল-মৃদংগ, ডবা-নাগাৰাৰ শব্দই মুখৰিত কৰি ৰাখিছে সত্ৰখন
অপ্ৰতিৰোধ্যভাৱে শংখ-তাল, খোল-মৃদংগ, ডবা-নাগাৰাৰ শব্দই মুখৰিত কৰি ৰাখিছে সত্ৰখন

জহি-খহি গৈছে বহু বছৰীয়া সত্ৰ খনৰ মুধচ ৷ সত্ৰৰ মণিকূটটো নতুনকৈ নিৰ্মাণ কৰা হৈছে যদিও, ভকত বহিব পৰাকৈ থকা নামঘৰটোৰ অৱস্থা অতি ভয়াৱহ ৷ যিকোনো সময়তে খহি পৰিব পাৰে নামঘৰটোৰ মুধচ ৷ বৰষুণেও যথেষ্ট ক্ষতিসাধন কৰিছে সত্ৰখনৰ ৷

300 বছৰ পুৰণি মৰিগাঁৱৰ এখন সত্ৰ

বৰ্তমানেও সত্ৰীয়া সংস্কৃতিৰ বাঘজৰীডাল ধৰি ৰখা এই সত্ৰখনৰ উন্নয়নৰ বাবে সম্প্ৰতি চৰকাৰক আহ্বান জনাইছে পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে ৷ তেওঁলোকৰ মতে, সত্ৰখনৰ উন্নয়নে সেই অঞ্চলটোক এখন পৰ্যটনস্থলী হিচাপে পৰিণত কৰাৰ থল আছে ৷

লগতে পঢ়ক: কৃষকসকলক এনেকৈয়ে নিশ্চয়তা প্ৰদান কৰা হয়নে কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.