ETV Bharat / state

Cyber criminal eye on Govt schemes: প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন আত্মসাৎ কৰা মাষ্টাৰ মাইণ্ড আৰক্ষীৰ জালত

author img

By

Published : Apr 25, 2023, 10:40 PM IST

morigaon nagaon cyber crime pmfby money
চাইবাৰ অপৰাধী জিয়াবুৰ ৰহমান

অৱশেষত দীৰ্ঘদিনীয়া অভিযানৰ অন্তত আৰক্ষীৰ জালত পৰিল চাইবাৰ অপৰাধী জিয়াবুৰ ৰহমান ৷ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন চলনাৰে আত্মসাৎ কৰি সকলো হিতাধিকাৰীকে এই যোজনাৰ পৰা বঞ্চিত কৰি ৰাখিছিল অপৰাধীটোৱে (cyber criminal eye on pmfby money) ৷ মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাই ফাদিল কৰিছে এই বিস্ফোৰক তথ্য ।

আৰক্ষীৰ জালত পৰিল চাইবাৰ অপৰাধী জিয়াবুৰ ৰহমান

মৰিগাঁও, 25 এপ্ৰিল : এইবাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধনত চকু পৰিছে চাইবাৰ অপৰাধীৰ । প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ নামত ঠায়ে ঠায়ে চলিছে লুণ্ঠনৰাজ । ভুৱা হিতাধিকাৰী নামত লাখ লাখ টকা সৰকাইছে একাংশ অসাধু চক্ৰই (cyber criminal eye on pmfby money) । কিন্তু শেহতীয়াকৈ মৰিগাঁও আৰক্ষীৰ জালত পৰিছে এই চাইবাৰ অপৰাধৰ মাষ্টাৰ মাইণ্ড ৷ মূল অপৰাধী জিয়াবুৰ ৰহমানে প্ৰধানমন্ত্ৰী ফচল বীমাৰ টকাৰে নগাঁও চহৰত মাটি ক্ৰয় কৰিছে বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে ।

মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত দেখিবলৈ পোৱা গৈছে ATM কার্ডৰ মেলা (cyber crime using ATM) । প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন এতিয়া মৰিগাঁৱৰ চাইবাৰ অপৰাধীৰ হাতত । এতিয়ালৈ ২৪০ তা বেংক একাউন্টৰ পৰা চাইবাৰ অপৰাধীয়ে সৰকালে প্ৰায় ৬০ লাখ টকা । ইতিমধ্যেই আৰক্ষীৰ জালত পৰিছে পাঁচ চাইবাৰ অপৰাধী ।

বিগত ছয় এপ্ৰিল তাৰিখে মৰিগাঁও আৰক্ষীয়ে বৰভগীয়াৰ পৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল চাৰিজন ব্যক্তি সহ ৩৮৬ খন ATM কাৰ্ড, ইয়াৰে ২৪০ খন ATM ৰ পৰা অপৰাধীকেইটাই সকৰাই ধন (cyber criminal eye on govt schemes) । ধৃত অপৰাধী কেইজনৰ জেৰাৰ তথ্যৰ ভিত্তিত পুনৰ ১৫ এপ্ৰিলত বৰিবজাৰৰ পৰা জব্দ কৰিছিল ৪৯৪ খন ATM কাৰ্ড । ইয়াৰ পিচতেই বেংকৰ পৰা তথ্য সংগ্ৰহ কৰিছিল মৰিগাঁও আৰক্ষীয়ে । আৰক্ষীয়ে লাভ কৰা ২৪০ তা বেংক একাউন্ট সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰিছে ভয়ংকৰ তথ্য ।

চেণ্ট্ৰেল বেংক অৱ্ ইণ্ডিয়াৰ বেংক একাউণ্টত সোমাইছিল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধনসমূহ । আজি নগাঁও সাগৰিজানৰ কচুৱাৰ ভাড়া ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰে চাইবাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড জিয়াবুৰ ৰহমানক । জিয়াবুৰ ৰহমানে মৰিগাঁও জিলাৰ লাহৰীঘাট, মৈৰাবাৰী আদি অঞ্চলৰ পৰা বেংক পাঁচবুক সংগ্ৰহ কৰি জমা দিছিল এটা ইঞ্চুৰেঞ্চ কোম্পানীৰ হাতত । জিয়াবুৰক বেংক পাঁচবুক যোগান ধৰা চাৰিজন হৈছে দেৱাগুড়িৰ টাচকীৰ আলি, মোবাৰক হুছেইন, মাছুদ ৰহমান আৰু মাছুদ আলি ৷ এই অপৰাধী কেইটাক ইতিমধ্যেই ৬ এপ্ৰিলত ধৰা পেলাইছিল আৰক্ষীয়ে ।

এই বেংক একাউণ্ট সমূহত AIC নামৰ এটা বীমা কোম্পানীৰ পৰা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন সোমাইছিল । ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু পৰৱৰ্তী সময়ত ন ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে । উল্লেখযোগ্য যে, ইতিমধ্যে মৰিগাঁও জিলাৰ কৃষি বিভাগে তদন্তকাৰী আৰক্ষী বিষয়াক সকলো ধৰণৰ তথ্যপাতি যোগান ধৰা বুলি মন্তব্য আৰক্ষী বিষয়া গৰাকীয়ে । একেদৰে বেংকৰ পৰা পৰা সকলো যাৱতীয় তথ্যপাতি যোগান ধৰা বুলি সংবাদ মেলত সদৰি কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই । ইফালে ধৃত জিয়াবুৰে সংবাদ মাধ্যমক দিয়া স্বীকাৰোক্তি মতে ২০১৬ চনৰ পৰা চাইবাৰ অপৰাধৰ সৈতে জড়িত হৈ একালৰ নিৱনুৱা হৈ থকা জিয়াবুৰে নগাঁও চহৰত ১৭ লাখ টকাৰে ক্ৰয় কৰিছে মাটি ।

লগতে পঢ়ক : Pravin Togadia statement: 1951 নাগৰিকত্বৰ ভিত্তি বৰ্ষ হ’লে অসমৰ পৰা খেদি পঠিওৱা হ’ব বাংলাদেশী; টোগাৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.