ETV Bharat / state

Pravin Togadia statement: 1951 নাগৰিকত্বৰ ভিত্তি বৰ্ষ হ’লে অসমৰ পৰা খেদি পঠিওৱা হ’ব বাংলাদেশী; টোগাৰীয়া

author img

By

Published : Apr 25, 2023, 8:51 PM IST

নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰিলে বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টোগোৰীয়াই ৷ বৰ্ধিত জনসংখ্যাক লৈ চিন্তিত নেতা গৰাকীয়ে লগতে হিন্দুৰ অস্তিত্ব সংকটত আছে বুলি উল্লেখ কৰি কয় যে, এনেকৈ থাকিলে আৰু ৫০ বছৰৰ পিচত অসমত এঘৰো হিন্দু জীয়াই নাথাকিব (Pravin Togadia statement on Muslim population) ৷

Pravin Togadia on increasing muslim population
প্ৰবীণ ভাই টোগোৰীয়া

প্ৰবীণ ভাই টোগোৰীয়া

নলবাৰী, 25 এপ্ৰিল : নলবাৰীৰ চামতাত মঙলবাৰে বিশাল হিন্দু সন্মিলনৰ এক অনুষ্ঠান সম্পন্ন হৈ যায় । চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদত অনুষ্ঠিত হয় এই সন্মিলন । আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ, নলবাৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই সন্মিলন । উক্ত সন্মিলনখনত অংশ লয় আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ ভাই টোগোৰীয়াই (President of Antarashtriya Hindu Parishad) ।

চামতাৰ ৰাজপথেৰে বিশাল ৰেলীৰে হিন্দু পৰিষদৰ নেতা কৰ্মীয়ে ৰূপকোঁৱৰ কলাকেন্দ্ৰলৈ আদৰি আনে বৰ্ষীয়ান হিন্দু নেতা গৰাকীক । উক্ত অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত হিন্দু সংক্ৰান্তত কেতবোৰ বিষ্ফোৰক মন্তব্য কৰে তেওঁ । ভাৰতত হিন্দু সুৰক্ষিত নহয় নেকি বুলি সোধা সাংবাদিকৰ প্ৰশ্নত প্ৰবীণ টোগোৰীয়াই বৃদ্ধি হোৱা মুছলমানক লৈ হিন্দু আজি সংকটত বুলি বিষ্ফোৰক মন্তব্য কৰে (Pravin Togadia controversial statement) ।

নেতা গৰাকীয়ে কয় যে, বিশ্বৰ জনবহুল দেশ হিচাপে ভাৰতৰ নাম প্ৰথমতে অহাৰ মূল কাৰণটো হ'ল মুছলমানসকলৰ মাত্ৰাধিক হাৰত হোৱা জনসংখ্যা বৃদ্ধি । যাৰ বাবে হিন্দু আজি সংকটত পৰিব লগীয়া হৈছে বুলি উল্লেখ কৰে তেওঁ । লগতে কয় যে, হিন্দুক বচাবলৈ অতি সোনকালে জনসংখ্যা নিয়ন্ত্ৰণ আইন এখন অসম আৰু দিল্লীত প্ৰযোজ্য হ’লে হিন্দুসকল সুৰক্ষিত হ’ব (Pravin Togadia statement on Muslim population) ।

আনহাতে, বিজেপিয়ে হিন্দুক সুৰক্ষা প্ৰদান কৰিব পৰা নাই নেকি বুলি সাংবাদিকে সোধাত নেতা গৰাকীয়ে বিপৰীত স্থিতিৰে কেৱল মুছলমানৰ আগ্ৰাসন আৰু জনসংখ্যা বৃদ্ধিৰ বাবেহে হিন্দু বিপদত পৰিছে বুলি কয় (increasing population of Muslims in India) । ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে 2014 চনৰ 16 মে’ৰ পিচত সকলো বাংলাদেশীক খেদি পঠিওৱাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়া সন্দৰ্ভত প্ৰবীণ টোগোৰীয়াই কয় যে, অসমত 1951 চনৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ হ’লেহে অসম তথা ভাৰতৰ পৰা বাংলাদেশী খেদিব পৰা যাব । এই চনৰ আগলৈকে থকাবোৰ সকলো ভাৰতীয় বুলিও তেওঁ কয় । 1951 ভিত্তিবৰ্ষ হ’লে অসমৰ পৰা বাংলাদেশীক খেদি পঠিওটো নিশ্চিত বুলি মন্তব্য কৰে টোগোৰীয়াই (Increasing population of Muslims in Assam) ৷

উল্লেখযোগ্য যে, যদি অসমৰ পৰা বাংলাদেশী নিজে নাযাই তেতিয়া হ’লে বাংলাদেশলৈ যোৱা নদীত পঠাই দিয়া হ’ব বুলি হুংকাৰ প্ৰদান কৰে টোগাৰীয়াই ৷ হিন্দু জাগিব লাগিব নহ'লে সমুলঞ্চে বিনাশ হ'ব । 50 বছৰ পিচত অসমত হিন্দু নাথাকিব বুলিও সদৰি কৰে হিন্দু নেতাগৰাকীয়ে । ইফালে অসম চৰকাৰে অত্যাধিক মদৰ দোকান খোলাৰ লাইচেঞ্চ প্ৰদান কৰাক লৈ যিকোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে নেতাগৰাকী ৷

লগতে পঢ়ক : Pravin Togadia controversial statement: মুছলমানৰ জনসংখ্যা বৃদ্ধি এটা টাইম বোমাৰ সংকেতৰ দৰে; টোগাৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.