ETV Bharat / state

Scam in PMAY scheme: লাহৰীঘাটত আৰক্ষীৰ জালত কনিষ্ঠ অভিযন্তাসহ ৬ জন

author img

By

Published : May 13, 2023, 2:10 PM IST

6 arrested for corruption in PMAY scheme
লাহৰীঘাটত আৰক্ষীৰ জালত কনিষ্ঠ অভিযন্তাৰ সহ ছজন

প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নামত হিতাধিকাৰীক অন্ধকাৰত ৰাখি চৰকাৰী ধন জালিয়াতিৰ অভিযোগত মৰিগাঁও লাহৰীঘাটত কনিষ্ঠ অভিযন্তাসহ ৬ জন আৰক্ষীৰ জালত(6 arrested for corruption in PMAY scheme) । ২০১৭ চনত মৃত্যু হোৱা মহিলাৰ নামত ২০২০-২১ চনত গৃহ আবণ্টন কৰাই সমুদাই ধন আত্মসাৎ কৰা অভিযোগ ধৃত পঞ্চায়তৰ বিষয়ববীয়া কেইজনৰ বিৰুদ্ধে ।

লাহৰীঘাটত আৰক্ষীৰ জালত কনিষ্ঠ অভিযন্তাৰ সহ ছজন

মৰিগাঁও, ১৩ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক হাৰত সংঘটিত হৈছে কেলেংকাৰী (Scam in PMAY scheme) ৷ ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাৰ পঞ্চায়তে পঞ্চায়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছে ৷

এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই মৰিগাঁও (Corruption in PMAY scheme in Morigaon) । দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে মৰিগাঁও জিলাৰ লাহৰিঘাট উন্নয়ন খণ্ডৰ তুলসীবড়ী গাঁও পঞ্চায়ত । দৰিদ্ৰ লোকৰ নামত আবন্টিত PMAY গৃহৰ নামত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি । দৰিদ্ৰ হিতাধিকাৰীৰ নামত আৱণ্টিত হোৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ২৪ টাকৈ গৃহ আত্মসাৎ লাহৰিঘাট উন্নয়ন খণ্ডৰ তুলসীবড়ী গাঁও পঞ্চায়তত ।

দৰিদ্ৰ হিতাধিকাৰীৰ নিজৰ ID নম্বৰত আৱণ্টিত হৈ অহা ঘৰ এইবাৰ আত্মসাৎ কৰিলে পঞ্চায়তৰ বিষয়া কৰ্মচাৰীয়ে । কেৱল ইমানেই নহয় ২০১৭ চনত মৃত্যু হোৱা মহিলাৰ নামত ২০২০-২১ চনত গৃহ আবণ্টন কৰাই সমুদাই ধন আত্মসাৎ কৰা অভিযোগ উত্থাপন হৈছে পঞ্চায়তৰ বিষয়ববীয়াৰ বিৰুদ্ধে ।

যাৰ ফলত নিজৰ প্ৰাপ্তিৰ ঘৰ নাপাই এতিয়া হাহাকাৰ লাগিছে ২৪ টাকৈ দৰিদ্ৰ পৰিয়ালৰ মাজত । মনকৰিবলগীয়া যে লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰে তুলসীবড়ী গাঁও পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ বিষয়ে বিধানসভাত প্ৰশ্ন উত্থাপন কৰাৰ পিছতে চৰকাৰৰে তদন্ত ঘোষণা কৰিছিল (6 arrested for corruption in PMAY scheme) ।

মৰিগাঁও আৰক্ষীয়ে PMAY গৃহৰ পৰা বঞ্চিত একাংশ ব্যক্তিৰ এজাহাৰৰ ভিত্তিতেই মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত তুলসীবড়ী গাঁও পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাত পঞ্চায়ত খনৰ অভিযন্তা চাইফুল ইছলাম, GRS ৰাজু বৰদলৈ, কম্পিউটাৰ এছিছটেণ্ট মোস্তাফিজুৰ ৰহমান, GPC ৰাকিবুল খান, GRS নিয়ামত আলী, GPCপাৰ্থ প্ৰতীম শইকীয়াসহ ছয়জনকৈ বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: Sangeeta Dutta case : সংগীতা দত্তৰ ব্যক্তিগত সহায়িকাৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.