ETV Bharat / state

AJYCP protest in Morigaon:ৰাজ্যত বিদ্যুতৰ লুকা-ভাকু, মাচুল বৃদ্ধিৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 3:09 PM IST

AJYCP protest in Morigaon
বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদ AJYCP ৰ

অনিয়মীয়া বিজুলী যোগান আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন । জ্বলালে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি ।

বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদ AJYCP ৰ

মৰিগাঁও, ৪ অক্টোবৰ: ৰাজ্যজুৰি বিদ্যুতৰ লুকা-ভাকুৱে অস্বস্তিত পেলাইছে ৰাইজক ৷ ৰাজ্যত বিদ্যুতৰ মাচুল বৃদ্ধি, সঘনাই লোড শ্বেডিঙৰ জলা-কলা খুৱাইছে ৰাজ্যবাসীক ৷ ফলত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্য়জুৰি শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰে ৷ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি জ্বলালে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি । মৰিগাঁৱত মঙলবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে জিলা সমিতিয়ে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ন কৰে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি জ্যোতিৰ্ময় গোস্বামী আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্বত মৰিগাঁও জিলাৰ শতাধিক যুৱ-ছাত্ৰই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি বিদ্যুৎ মাচুল বৃদ্ধি হ্ৰাস কৰাৰ দাবী জনায় ।

প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ ,অসম চৰকাৰ গ' বেক, বিদ্যুৎ মাচুল হ্ৰাস কৰক, শক্তি বিভাগ মৰি গ'ল, হিমন্ত চৰকাৰ নিপাত যাওক আদি শ্লগানেৰে মৰিগাঁও চহৰৰ ৰাজপথ উত্তাল কৰি তোলে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি জ্যোতিৰ্ময় গোস্বামী আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমে কয় যে বিজেপি নেতৃত্বাধীন ৰাজ্য় চৰকাৰখনে মূল্যবৃদ্ধি কৰি সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধাইছে । অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক টেটু চেঁপাদি থকাৰ মাজতে ৰাজ্যখনত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে ।

তেওঁলোকে পুনৰ কয় যে অতি শেহতীয়াভাৱে প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি কৰাত জনসাধাৰণৰ মাজত হাহাকাৰ লাগিছে । নিৰ্বাচিত এখন চৰকাৰৰ বিয়াগোম শক্তি বিভাগ থকাৰ পিছতো বিদ্যুৎ মাচুল বৃদ্ধি ৰোধ কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক। কেৱল মাত্ৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ অদক্ষতাৰ বাবেই বিদ্যুৎ মাচুল বাঢ়ি গৈ আছে ।

লগতে পঢ়ক:AJYCP Protest: নলবাৰীত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি AJYCP ৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.