AJYCP Protest: নলবাৰীত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি AJYCP ৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 5:23 PM IST

thumbnail

নলবাৰী, 3 অক্টোবৰ : ৰাজ্যজুৰি বিদ্যুতৰ লুকা-ভাকুৱে অস্বস্তিত পেলাইছে সাধাৰণ জনতাক ৷ ইয়াৰোপৰি ৰাজ্যত বিদ্যুতৰ মাচুল বৃদ্ধি, সঘনাই লোড শ্বেডিঙৰ জলা-কলা খুৱাইছে ৰাজ্যবাসীক ৷ ফলত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ মঙলবাৰে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

শক্তিবিভাগৰ চৰম ব্যৰ্থতা আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰে AJYCP ৰ নেতা কৰ্মী ৷ নলবাৰী চহৰৰ NT ৰোডত পুত্তলিকা দাহৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । শক্তি মন্ত্ৰী হায় হায় , শক্তি মন্ত্ৰী গ’ বেক, নন্দিতা গাৰ্লোচা হায় হায় আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । 

অতি শীঘ্ৰে অসম চৰকাৰে সাধাৰণ জনতাৰ ওপৰত শোধোৱা এই মাধমাৰ নিৰ্মূল কৰাৰ দাবী জনায় সংগঠনটোৱে । অন্যথা অনাগত সময়ত আৰু অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে ।

লগতে পঢ়ক: APCC president Bhupen Bora: বুকুৰ জোৰ কমি মুখতহে জোৰ ৰৈছেগৈ বিজেপিৰ; ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.