ETV Bharat / state

Apcc President Bhupen Bora: বুকুৰ জোৰ কমি মুখতহে জোৰ ৰৈছেগৈ বিজেপিৰ; ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 4:36 PM IST

অগ্নিযুগৰ ফিৰিঙতি হৈ কংগ্ৰেছলৈ আহিবলৈ ওলাইছে এগৰাকী জ্যেষ্ঠ বিজেপি নেতা ৷ সংবাদ মাধ্যমৰ আগত এই কথা স্বীকাৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপি সদস্যৰ কেৱল মুখতহে জোৰ ৰৈছেগৈ বুলি তাচ্ছিল্য কৰে ৷

APCC president Bhupen Bora
popularity of Congress

বিজেপিক সমালোচনা ভূপেন বৰাৰ

গুৱাহাটী, ৩ অক্টোবৰ: জনপ্ৰিয়তা বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ । গুৱাহাটীত মঙলবাৰে সাংবাদিকৰ আগত এই দাবী কৰে অসম প্ৰদেশ‌ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । তেওঁ কয় যে এতিয়া বিজেপিৰ মন্ত্ৰীসকল দূৰৈৰ কথা, খোদ মুখ্যমন্ত্ৰী হিমন্ত ‌বিশ্ব শৰ্মাৰে আগন্তক লোকসভা নিৰ্বাচনত পৰাজয়ৰ ভয়ত বুকু কঁপি আছে । তেওঁলোকৰ মুখতহে জোৰ আছে, কিন্তু বুকুত জোৰ নাই ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে একাংশ বিজেপি নেতা-কৰ্মীয়ে কংগ্ৰেছৰ আত্মবিশ্বাস বৃদ্ধি কৰি আছে । বিজেপিৰ এগৰাকী প্ৰভাৱশালী নেতাই শীঘ্ৰেই কংগ্ৰেছত যোগদান কৰিব বুলি সংবাদ মাধ্যমক জনাই ভূপেন বৰাই ।‌

তেওঁ কয় যে, অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ লগতে জাতীয় সংগঠনৰ নেতা-কৰ্মী, একাংশ অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া‌-কৰ্মচাৰীয়ে বিজেপিৰ অপশাসনৰ প্ৰতি‌ অতিষ্ঠ হৈ কংগ্ৰেছ দলত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ‌ কৰি আছে । আনকি কেইজনমান এ চি এছ বিষয়াই চাকৰিৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ‌ কৰি আছে ।

ভূপেন বৰাই প্ৰকাশ‌ কৰে যে অহা ১১ অক্টোবৰত গুৱাহাটীত কংগ্ৰেছৰ অসমৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ সভা অনুষ্ঠিত হ'ব ।‌ সেইদিনা একাংশ আঞ্চলিক দলৰ নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত‌ আনুষ্ঠানিকভাবে যোগদান কৰিব । ইয়াৰ ভিতৰত অন্যতম হৈছে আছুৰ প্ৰাক্তন সভাপতি তথা বিপিএফৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰবীণ বড়ো ৷

ইপিনে প্ৰবীণ বড়োৱে ইটিভি ভাৰতক মঙলবাৰে জানিবলৈ দিয়ে যে অহা ১১ অক্টোবৰত তেওঁ কংগ্ৰেছত যোগদান কৰাটো নিশ্চিত হৈছে ৷ প্ৰাক্তন আছু নেতাজনে লগতে এইবুলিও কয় যে তেওঁৰ সৈতে আন একাংশ সমৰ্থকেও কংগ্ৰেছত যোগ দিব ৷

লগতে পঢ়ক: Congress react over Wages of tea workers : চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি বিজেপিয়ে পূৰণ কৰা নাই:ভূপেন‌ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.