ETV Bharat / state

AASU 18TH Annual Session: সমষ্টি পুনৰ নিৰ্ধাৰণ নিৰ্বাচন আয়োগৰ এক ইতিবাচক আৰম্ভণি; উৎপল কুমাৰ শৰ্মা

author img

By

Published : Jul 16, 2023, 7:06 PM IST

AASU PRESIDENT UTPAL KUMAR SHARMA REACTION ON MIYA CONTROVERSY
সমষ্টি পুনৰ নিৰ্ধাৰণ নিৰ্বাচন আয়োগৰ এক ইতিবাচক আৰম্ভনি -উৎপল কুমাৰ শৰ্মা

"মুখ্যমন্ত্ৰীয়ে চৰকাৰ চলাইছে ৰাইজক সকাহ দিবলৈ, গতিকে সকাহ দিয়াৰ দায়িত্ব তেওঁ পালন কৰক ৷ বদৰুদ্দিন আজমলৰ কথাৰ প্ৰত্যুত্তৰ দি থাকিলে অসমৰ মৌলিক সমস্যাসমূহ সমাধান নহয় ৷ আজমলৰ কথাৰ উত্তৰ দি তেওঁক প্ৰাসংগিত কৰাটো মই জৰুৰী বুলি নাভাবো ৷"- সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল কুমাৰ শৰ্মা ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ নিৰ্বাচন আয়োগৰ এক ইতিবাচক আৰম্ভনি -উৎপল কুমাৰ শৰ্মা

মৰিগাঁও, 16 জুলাই : "মানুহৰ কাৰণে প্ৰয়োজনীয় বস্তুটো হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস পোৱা ৷ মুখ্যমন্ত্ৰীয়ে চৰকাৰ চলাইছে ৰাইজক সকাহ দিবলৈ, গতিকে সকাহ দিয়াৰ দায়িত্ব তেওঁ পালন কৰক ৷ আজমলৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ চুপতি মাৰিবলৈ ৰাইজে ভাল পাব ৷ বদৰুদ্দিন আজমলৰ কথাৰ প্ৰত্যুত্তৰ দি থাকিলে অসমৰ মৌলিক সমস্যাসমূহ সমাধান নহয় ৷ আজমলৰ কথাৰ উত্তৰ দি তেওঁক প্ৰাসংগিক কৰাটো মই জৰুৰী বুলি নাভাবো ৷" দেওবাৰে মৰিগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল কুমাৰ শৰ্মা উপস্থিত হৈ সংবাদমাধ্যমৰ সন্মুখত এই মন্তব্য প্ৰকাশ কৰে ৷

মৰিগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল কুমাৰ শৰ্মাই ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক মৰিগাঁও অধিবেশনৰ অস্হায়ী কাৰ্যলয়ৰ দুৱাৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ মৰিগাঁও জিলাবাসী অভিভাকত্বত আগন্তুক 21, 22 আৰু 23 নৱেম্বৰত তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব ৷ ইয়াৰ উপলক্ষে আজি মৰিগাঁও ভৱনৰ প্ৰাংগণত অস্থায়ী কাৰ্যালয়ৰ দুৱাৰ মুকলি কৰা হয় ৷ দুৱাৰ মুকলি কৰে আদৰণি সমিতিৰ উপদেষ্টা তথা বিশিষ্ট শিক্ষাবিদ পোণাৰাম নাথে ৷

উল্লেখ্য যে, এই অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ বাবে বিগত 26 ফেব্ৰুৱাৰীত জিলাখনৰ সকলো অঞ্চলক প্ৰতিনিধি কৰাকৈ এখন 51 জনীয়া আদৰণি সমিতি গঠন কৰা হয় ৷ এই অস্থায়ী কাৰ্যালয় মুকলি অনুষ্ঠানত জিলাখনৰ শতাধিক প্ৰাক্তন ছাত্ৰ নেতা, সমাজকৰ্মীৰ উপৰিও নগাঁও জিলা ছাত্ৰ সন্থাৰ বিষয়-ববীয়াই অংশগ্ৰহণ কৰে ৷

লগতে আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাই সমষ্টি পুনৰ নিৰ্ধাৰণক আদৰণি জনায় কয় যে, এয়া নিৰ্বাচন আয়োগৰ এক ইতিবাচক আৰম্ভণি ৷ এই খচৰাখনত বহুতো সংশোধনৰ প্ৰয়োজন আছে ৷ সদৌ অসম ছাত্ৰ সন্থাই সেই সংশোধনসমূহৰ প্ৰস্তাৱ আগবঢ়াইছে ৷

লগতে পঢ়ক: UPPL: BTRৰ কাৰ্যবাহী সদস্য় অৰূপ কুমাৰ দে’ৰ বিৰুদ্ধে বিজেপিৰ হাইকামাণ্ডক অভিযোগ ইউপিপিএলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.