ETV Bharat / state

Cyber crime in Morigaon : প্ৰৱঞ্চনাৰ জাল; চাইবাৰ অপৰাধীৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ৩৮৬ খন এটিএম কাৰ্ড

author img

By

Published : Apr 7, 2023, 12:31 PM IST

4 Cyber criminals arrested
চাৰি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

চাইবাৰ অপৰাধীৰ হাতত ৩৮৬ খনকৈ চেন্ট্ৰেল বেংকৰ এটিএম কাৰ্ড । চি এছ পি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ । জিলাখনৰ মৈৰাবাৰীৰ গুণাইবড়ী আৰু দেৱাগুৰিৰ পৰা চাৰি চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ (Police raid against cyber criminals) ।

চাৰি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

মৰিগাঁও, 7 এপ্ৰিল : মৰিগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা চলোৱা অভিযানত কৰায়ত্ত কৰিবলৈ সক্ষম হয় চাৰি চাইবাৰ অপৰাধীক । চাইবাৰ অপৰাধীকেইটাৰ পৰা চেন্ট্ৰেল বেংকৰ ৩৮৬খন এটিএম কাৰ্ড উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে । লগতে জব্দ কৰিবলৈ সক্ষম হয় নগদ ৪০,৯২৫ টকা । চাইবাৰ অপৰাধীকেইটা মোবাৰক আহমেদ, মাছুদ হুছেইন, চাদ্দাম হুছেইন, তাচকি আহমেদ বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ (4 Cyber criminals arrested from Morigaon)।

উল্লেখনীয় যে, চাৰিওটা চাইবাৰ অপৰাধীৰ ঘৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত এলেকাৰে বুলি জানিবলৈ পৰা গৈছে ৷ ইয়াৰে গুণাইবড়ীৰ ৩ জন আৰু এজন দেৱাগুৰিৰ বুলি সদৰী কৰে আৰক্ষীয়ে ৷ মৰিগাঁও জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত মিকিৰভেটা আৰক্ষী থানা এলেকাত অভিযান চলাই থকাৰ সময়ত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় অপৰাধীকেইটাক ৷ অপৰাধীকেইটাৰ পৰা জব্দকৃত বাহনখনত চলোৱা তালাচীত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱা এটিএম কাৰ্ডৰ জৰিয়তে চাইবাৰ অপৰাধীকেইটাই নগাঁও, মিকিৰভেটা, বৰভগীয়া আদি স্থানৰ এটিএমবোৰৰ পৰা কাৰ্ডকেইখনৰ জৰিয়তে টকা উলিয়াইছে বুলি তথ্য প্ৰকাশ কৰে (Police raid against cyber criminals) ।

4 Cyber criminals arrested
চাৰি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

মৰিগাঁও জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত নিশাৰ ভাগত চলা এই অভিযানত চাৰি অপৰাধীক জিলাখনৰ মিকিৰভেটা আৰক্ষী থানা আৰু ইয়াৰ অন্তৰ্গত আৰক্ষী প্ৰহৰা চকীৰ ভিতৰুৱা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । অপৰাধীকেইটাৰ লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে কেইবাটাও ম’বাইল হেণ্ডছেট, বহুতো আপত্তিজনক নথি-পত্ৰৰ লগতে AS-01EY-7385 নম্বৰৰ এখন ৱেগনাৰ বাহন (Cyber Crime in Assam) ৷

উল্লেখযোগ্য যে, বিগত তিনি মাহত মৰিগাঁও আৰক্ষী জালত পৰিছে ৩৪ টাকৈ চাইবাৰ অপৰাধী । জিলাখনৰ মৈৰাবাৰী, মিকিৰভেটা, লাহৰীঘাট আৰু মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত দৈনিক হাৰত ধৰা পৰিছে চাইবাৰ অপৰাধী । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত । ইয়াৰোপৰি এটিএম কাৰ্ডৰ সৈতে কোন কোন চি এছ পি (Customer service point) জড়িত আছে সেই সন্দৰ্ভতো তদন্ত আৰম্ভ কৰিছে মৰিগাঁও আৰক্ষীয়ে (Cyber crime in Morigaon) ।

লগতে পঢ়ক : Amazon of the East :পূৱৰ আমাজানখ্যাত দিহিং পাটকাই জিলিকি উঠিছে নানাৰঙী অৰ্কিডেৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.