ETV Bharat / state

Pijush Hazarika in Morigaon; পীযুষ হাজৰীকাই কোৱাৰ দৰেই হিন্দু ধৰ্মৰ প্ৰতি মনোভাৱ বেয়া নেকি অখিল গগৈৰ ?

author img

By

Published : Apr 30, 2023, 10:21 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ জাগীৰোডৰ ডিমৰুগুড়িত আয়োজন কৰা হয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এশ সংখ্যক মন কী বাত অনুষ্ঠানৰ কাৰ্যসূচী (Mann Ki Baat program held in Morigaon)৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগ মন্ত্ৰী পীযুষ হাজৰীকা ৷ এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈক তীব্ৰ ভাষাৰে সমালোচনাও কৰে (Pijush Hazarika criticized MLA Akhil Gogoi)৷

Pijush Hazarika criticized MLA Akhil Gogoi
বৰ্তমান ৰাজ্যত কোনো বিৰোধী দল নাই : পীযুষ হাজৰীকা

বৰ্তমান ৰাজ্যত কোনো বিৰোধী দল নাই : পীযুষ হাজৰীকা

মৰিগাঁও, 30 এপ্ৰিল : ‘‘শিৱসাগৰৰ বিধায়কগৰাকীৰ হিন্দু ধৰ্মৰ প্ৰতি কিয় ইমান বেয়া মনোভাৱ মই নাজানো ৷ মই তেওঁক হিন্দু বুলি ভাবো, কিন্তু তেওঁ নিজে নিজকে হিন্দু বুলি ভাবে নে নাই নাজানো ৷ কিন্তু যদি বেলেগ ধৰ্মৰ কথা কয় তেতিয়া তেওঁ আঁকোৱালি লয় ৷ আমি সকলো ধৰ্মকে আকোঁৱালি লও ৷ আজান দিলে তেওঁৰ কোনো অসুবিধা নাই ৷ কিন্তু হিন্দু ধৰ্মৰ কিবা অনুষ্ঠান পাতিলেই তেওঁৰ অসুবিধা আছে ৷’’ দেওবাৰে মৰিগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগ মন্ত্ৰী পীযুষ হাজৰীকাই (Pijush Hazarika criticized MLA Akhil Gogoi) ৷

মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হোৱা বিৰোধী দলসমূহৰ কোনো অস্তিত্ব নাই ৷ এই দলসমূহক একো একোটা ক্লাৱহে ৷ বৰ্তমান ৰাজ্যত কোনো বিৰোধী দল নাই’’ ৷ ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছ দলত বিসম্বাদ চলাই অহাৰ কথা উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই ৷

আনকি গৌৰৱ গগৈ, আব্দুল খালেক আৰু দহ নং লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক হৰুৱাবলৈ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ অৱশ্যে ইয়াৰ ফলত বিজেপিৰ লাভ হ’ব বুলিও মন্তব্যও কৰে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকাই ।

লগতে পঢ়ক : 100th episode of Maan Ki Baat: মন কী বাতৰ 100 সংখ্যক খণ্ডৰ সাক্ষী হ’ল নলবাৰীবাসী

উল্লেখ্য যে, দেশ তথা ৰাজ্যৰ প্ৰতিটো লোকসভা এলেকাতে অনুষ্ঠিত কৰা হয় প্ৰধানমন্ত্ৰীৰ এশ সংখ্যক মন কী বাত অনুষ্ঠান (100th episode of PM Modi Mann Ki Baat)। সেই হেতুকে জাগীৰোডৰ ডিমৰুগুড়িতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 100 সংখ্যক মন কী বাত অনুষ্ঠানৰ আয়োজন কৰা হয় (Mann Ki Baat program held in Morigaon) ৷

এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা ৷ মন্ত্ৰীগৰাকীৰ লগতে মৰিগাঁও জিলা বিজেপি নেতা কৰ্মী, তিৱা স্বায়ত্তপৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁও জিলাৰ দীঘলবড়ী গাঁও পঞ্চায়তত দলীয় সদস্যৰ উপৰিও বহু ৰাইজে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Mann Ki Baat in Dhubri: গণ ৰোষত পৰাৰ ভয়ত কংগ্ৰেছে AIUDF ৰ সৈতে আচল মিত্ৰতা লুকুৱাই ৰাখিছে; পবিত্ৰ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.