ETV Bharat / bharat

Mahua Swipe at Modi: 'মন কি বাত'ৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা সাংসদ মহুৱা মৈত্ৰৰ

author img

By

Published : Apr 30, 2023, 8:44 PM IST

টুইটাৰত মহুৱা মৈত্ৰৰ প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন, ভাৰতৰ 'এথলীট বেটীসকল'ক কিয় 'শক্তিশালী বিজেপি চিকাৰী'ৰ পৰা সুৰক্ষিত কৰিব নোৱাৰি । কিয় ভাৰতীয় চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ডে (SEBI) উচ্চতম ন্যায়ালয়ৰ সময়সীমাৰ ভিতৰত আদানিৰ তদন্ত সমাপ্ত কৰিব নোৱাৰে (Mahua Maitra takes swipe at Modi over Adani) ।

Mahua Swipe at Modi
Mahua Swipe at Modi

নিউজ ডেস্ক, ৩০ এপ্ৰিল : দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কি বাত'ৰ শততম খণ্ডত জনসাধাৰণক উদ্দেশ্যি নিজৰ মনৰ কথা কয় (PM Modi Maan Ki Baat 100th episode) । এই সম্প্ৰচাৰ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়তো পোনপটীয়াকৈ সম্প্ৰচাৰিত কৰাৰ ব্যৱস্থা কৰা হয় (Mann Ki Baat UN broadcast) । এইবাৰ এই 'মন কি বাত' দেশৰ কেইবাটাও স্বীকৃত ভাষাৰ লগতে উপভাষা আৰু বিদেশী ভাষাতো সম্প্ৰচাৰ কৰা হয় ।

কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাহেকীয়া ৰেডিঅ' সম্প্ৰচাৰ 'মন কি বাত'ৰ ১০০ খণ্ডৰ কেইঘণ্টামান পূৰ্বে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই উদ্দেশ্যি তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে । বিশেষকৈ মোডীক প্ৰতিবাদকাৰী এথলিটসকলৰ তেওঁৰ চৰকাৰৰ হস্তক্ষেপ আৰু গৌতম আদানিৰ প্ৰসংগক লৈ বিদ্ৰূপ কৰে (Mahua Maitra takes swipe at Modi over Adani) ।

  • Dear Hon’ble Modiji- today is 100th episode of Mann ki Baat due to be telecast live even at UN HQ. Please do tell us:

    1. Why India’s athlete betis can’t be protected from powerful BJP predators

    2. Why SEBI can’t finish Adani invetigation in SC timeframe

    Dhanyavad.

    — Mahua Moitra (@MahuaMoitra) April 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মহুৱা মৈত্ৰই প্ৰধানমন্ত্ৰী মোডীৰ পৰা কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰে । টুইটাৰত মৈত্ৰই প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰিছে যে ভাৰতৰ 'এথলীট বেটীসকল'ক কিয় 'শক্তিশালী বিজেপি চিকাৰী'ৰ পৰা সুৰক্ষিত কৰিব নোৱাৰি । তেওঁ লগতে প্ৰশ্ন কৰে, কিয় ভাৰতীয় চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ডে (Securities and Exchange Board of India, SEBI) উচ্চতম ন্যায়ালয়ৰ সময়সীমাৰ ভিতৰত আদানিৰ তদন্ত সমাপ্ত কৰিব নোৱাৰে ।

উল্লেখ্য যে, তেওঁ পূৰ্বতেই আঙুলিয়াই দিছিল যে ছেবিয়ে ২০২১ চনৰ অক্টোবৰৰ পৰা বিষয়টো অনুসন্ধান কৰি থকা বুলি তেওঁ লিখা পত্ৰত জুলাই মাহত উত্তৰ দিছিল । যদিও ছেবিয়ে প্ৰাথমিকভাৱে এই উলংঘন দেখিছে, তেওঁলোকে আদানিক তেওঁৰ কামবোৰ ঢাকিবলৈ আৰু ছয় মাহ সময় দিবলৈ বিচাৰিছে ।

মহুৱাৰ প্ৰথম প্ৰশ্নটো আছিল ৰেষ্টলিং ফেডাৰেচন অব ইণ্ডিয়াৰ (Wrestling Federation of India) মুৰব্বী তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত (sexual harassment charges against WFI chief) । সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ উচ্চতম ন্যায়ালয়ে ২৫ এপ্ৰিলত 'গুৰুতৰ' বুলি গণ্য কৰিছিল আৰু WFI-ৰ মুৰব্বীৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়ন নকৰা সন্দৰ্ভত গোচৰটোৰ শুনানি ২৮ এপ্ৰিলত হ'ব বুলি নিৰ্ধাৰণ কৰা হৈছিল ।

পূৰ্বৰ টুইটত মহুৱা মৈত্ৰই উচ্চতম ন্যায়ালয়ৰ পৰা ছিকিউৰিটি বজাৰ আইনৰ সাম্ভাব্য ত্ৰুটি আৰু আদানি গ্ৰুপৰ দ্বাৰা নিয়ামক প্ৰকাশৰ সম্ভাৱ্য ত্ৰুটিৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ অনুৰোধ কৰাৰ বাবে ছেবিক সমালোচনা কৰিছিল । মৈত্ৰই অভিযোগ কৰিছে যে ছেবিয়ে তেওঁলোকৰ প্ৰিয় ব্যৱসায়ী গৌতম আদানিক তেওঁৰ কামবোৰ ঢাকিবলৈ সময় দি সুৰক্ষা দিবলৈ চেষ্টা কৰি আছে ।

উল্লেখ্য যে সময়সীমা সম্প্ৰসাৰণৰ বাবে ছেবিৰ অনুৰোধক অন্যান্য মহলেও সমালোচনা কৰিছে । বহুতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অনুসন্ধান সম্পূৰ্ণ কৰাত নিয়ন্ত্ৰকৰ অক্ষমতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে । আনহাতে, আদানি গ্ৰুপে এই ক্ষেত্ৰত কোনো ধৰণৰ অন্যায়ৰ কথা অস্বীকাৰ কৰিছে আৰু কৈছে যে তেওঁলোকে তদন্তত সহযোগ কৰি আছে ।

লগতে পঢ়ক :Mann Ki Baat : ইতিবাচকৰ এক অনন্য উৎসৱ হৈ পৰিছে ‘মন কি বাত’ : প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.