ETV Bharat / state

সমাগত মাজুলীৰ ৰাস মহোৎসৱ; ৰাস কমিটিৰে বৈঠক জিলা প্ৰশাসনৰ

author img

By

Published : Oct 31, 2021, 4:11 PM IST

সমাগত মাজুলীৰ ৰাস মহোৎসৱ ৷ সমাগত মাজুলীৰ ৰাস মহোৎসৱক লৈ তৎপৰতা বৃদ্ধি পাইছে ৰাস কমিটিসমূহৰ ৷ ইয়াৰ বাবে ৰাস কমিটিৰ বিষয়ববীয়া, মাজুলীৰ বিভিন্ন দল সংগঠনসমূহে মাজুলী জিলা প্ৰশাসনৰ সৈতে মিলিত হয় এক বৈঠকত ৷

upcoming Rash Mahotsav in majuli
সমাগত মাজুলীৰ ৰাস মহোৎসৱ

মাজুলী, 31 অক্টোবৰ : "শৰত কালৰ ৰাত্ৰি অতি বিতোপন" - গুৰুজনাৰ এই পংক্তিয়ে কঢ়িয়াই আনে ৰাসৰ বতৰা । ৰাস বুলিলেই মাজুলীৰ ছবিখনে সৰহ সংখ্যক লোকৰ মনত স্থান পাই । মাজুলীৰ সৈতে ৰাসৰ আছে এক এৰাব নোৱাৰা গভীৰ সম্পৰ্ক ।

ৰাসৰ সময়ত দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেশিত হয় সত্ৰ নগৰী মাজুলী । মুঠতে অতিজৰে পৰাই মাজুলী আৰু ৰাস পৰস্পৰে পৰস্পৰৰ লগত জড়িত হৈ আছে । উল্লেখ্য যে, মাজুলীৰ ১৪ খন ঐতিহাসিক সত্ৰৰ উপৰিও ৫৫ ঠাইত উদযাপন হয় এই ৰাস মহোৎসৱ ।

সমাগত মাজুলীৰ ৰাস মহোৎসৱ

মাজুলীৰ এই ৰাস মহোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী । এই ৰাস মহোৎসৱক লৈ মাজুলী জিলা প্ৰশাসন, মাজুলীৰ ৰাস কমিটি সমূহৰ বিষয়ববীয়াৰ লগতে মাজুলীৰ বিভিন্ন দল সংগঠনৰ লগত মাজুলী জিলা উপায়ুক্তৰ সভা কক্ষত দেওবাৰে মিলিত হয় এক আলোচনাত । সমাগত ৰাস মহোৎসৱ কেনেদৰে সম্পূৰ্ণ ক'ভিড প্ৰট’কল মানি আধ্যাত্মিকভাৱে অনুষ্ঠিত কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয় ।

লগতে পঢ়ক : পৰিভ্ৰমী ফেলকন পক্ষীৰ আগমনক লৈ কাৰ্বি-আংলঙত পালন কৰা হ’ব উৎসৱ

ইয়াৰ উপৰিও ৰাস মহোৎসৱৰ এই আনন্দৰ সময়ত ফেৰীৰে পাৰাপাৰ হ’বলৈ যাতে যাত্ৰীয়ে সমস্যাত নপৰে, তাৰ ওপৰতো বিশেষ ব্যৱস্থা ল’বৰ বাবে জিলা প্ৰশাসনক অনুৰোধ জনাই ৰাস কমিটিসমূহে । চৰকাৰে নতুনকৈ প্ৰকাশ কৰিব লগীয়া নীতি-নিৰ্দেশনা (SOP) ত, যাতে মাজুলী ৰাসক লৈ বিশেষ শিথিলতা দিয়াৰ লগতে ১০ বছৰ তলৰ শিশু সকলে যাতে ৰাসৰ অভিনয়ত ভাগ ল’ব পাৰে তাৰ বাবেও ব্যৱস্থা ল’বলৈয়ো আহ্বান জনাই ৰাস কমিটি সমূহে ।

ইতিমধ্যে মাজুলীৰ প্ৰায়সমূহ ৰংগ মঞ্চৰ লগতে সত্ৰসমূহত ৰাসৰ আখৰা আৰম্ভ কৰিছে ৰাস কমিটিসমূহে ৷ সমাগত ৰাস মহোৎসৱক লৈ এতিয়া আনন্দিত মাজুলীবাসীৰ লগতে ৰাসপ্ৰেমীসকল ৷

লগতে পঢ়ক : নাৰায়ণপুৰবাসীৰ দৃষ্টি কাঢ়িছে আৰক্ষী জোৱান চেনীৰাম গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.