ETV Bharat / state

Jihadist activities in Assam: জনাৰ্দ্দন দেৱ গোস্বামীয়ে ক’লে কাশ্মীৰ হোৱাৰ দিশে আগবাঢ়িছে অসম

author img

By

Published : Jul 31, 2022, 1:02 PM IST

press conference of Satradhikar Janardan dev Goswami
অসমত জেহাদীৰ কাৰ্যকলাপ বৃদ্ধিত উদ্বেগ প্ৰকাশ সত্ৰাধিকাৰৰ

শেহতীয়াভাৱে অসমত কেইবাজনো লোকক জেহাদীৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Jihadi arrested in Assam)। ৰাজ্যত জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ মাজতে এই সন্দৰ্ভত মন্তব্য় আগবঢ়াইছে সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে।

মাজুলী, ৩১জুলাই: ৰাজ্য়খনত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে জেহাদীৰ কাৰ্যকলাপ (Jihadi activity increased in Assam)। শেহতীয়াভাৱে অসমত কেইবাজনো লোকক জেহাদীৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । এই সন্দৰ্ভত মন্তব্য় আগবঢ়াইছে সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে (Satradhikar Janardan dev Goswami comment on Jihadi in Assam)। সত্ৰাধিকাৰ দেৱ গোস্বামীয়ে অসম কাশ্মীৰ হোৱাৰ দিশে আগবাঢ়িছে বুলি মন্তব্য় কৰিছে ।

মাজুলীত আয়োজিত এক সংবাদমেলত তেওঁ এইদৰে উল্লেখ কৰি কয় যে, এই ভয়ংকৰ বিষয়টো বহু আগৰ পৰা তেওঁলোকে কৈ আহিছে যদিও কোনেও এই কথাত গুৰুত্ব আৰোপ কৰা নাই । ২০১৫ চনতে তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক স্মাৰক পত্ৰ প্ৰদান কৰি অসমৰ জেহাদী কাৰ্যকলাপ ৰোধ কৰিবলৈ হিন্দু যুৱকৰ বিশেষ বাহিনী তৈয়াৰ কৰিবলৈ হিন্দু যুৱ ছাত্ৰ পৰিষদে আহ্বান জনোৱাৰ পাছত কোনো পদক্ষেপ নোলোৱাত ক্ষোভ উজাৰে সত্ৰধিকাৰগৰাকীয়ে ।

অসমত জেহাদীৰ কাৰ্যকলাপ বৃদ্ধিত উদ্বেগ প্ৰকাশ সত্ৰাধিকাৰৰ

অসমত দিনক দিনে বৃদ্ধি পোৱা এই জেহাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ হিন্দু যুৱকৰ এক বিশেষ বাহিনী তৈয়াৰ কৰিবলৈ আহ্বান জনাইছে সত্ৰধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে ।

অকল অসম আৰক্ষীয়েই নহয়, সামৰিক বাহিনীৰ দ্বাৰা জেহাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ আহ্বান জনায় সত্ৰাধিকাৰ গৰাকীয়ে । তেওঁ লগতে কয় যে, মাদ্ৰাছা বিলাক যেতিয়ালৈকে অসমত থাকিব তেতিয়ালৈকে অসমত জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি পাই থাকিব । সেইবাবে অসমত থকা প্ৰতিখন মাদ্ৰাছা বন্ধ কৰিবলৈ তেওঁ চৰকাৰক আহবান জনাইছে ।

লগতে চৰ-চাপৰি সমুহত বিভিন্ন ঠাইৰ পৰা আহি পৰিচয় বিহীনভাৱে বসবাস কৰি থকা লোকৰ বিৰুদ্ধেও অভিযান চলাবলৈ আহ্বান জনায় সত্ৰাধিকাৰ গৰাকীয়ে ।আগন্তুক দিনত যাতে অসম কাশ্মীৰ নহয় তাৰ প্ৰতি চৰকাৰক লক্ষ্য ৰাখিবলৈ আহবান জনাই সত্ৰাধিকাৰগৰাকীয়ে ।

লগতে পঢ়ক:Drugs Disposal at Sonari: সোণাৰিত আৰক্ষীয়ে দাহ কৰিলে লক্ষাধিক টকাৰ নিচাজাতীয় দ্ৰব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.