ETV Bharat / state

মাজুলী সাংস্কৃতিক দৃশ্যপট অঞ্চল আইন ২০০৬ পুনৰ সক্ৰিয় কৰাৰ দাবীৰে ৰাজহুৱা সভা

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 3:30 PM IST

মাজুলী সাংস্কৃতিক দৃশ্যপট আইন ২০০৬ বিজেপি চৰকাৰ দিনত চৰকাৰে গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ ৷ এই আইন পুনৰ সক্ৰিয় কৰাৰ দাবীত কমলাবাৰীত ৰাজহুৱা সভা ৷

Etv BharatMajuli Cultural Landscape Areas Act 2006
Etv Bharatমাজুলী সাংস্কৃতিক দৃশ্যপট অঞ্চল আইন ২০০৬ পুনৰ সক্ৰিয় কৰাৰ দাবীৰে ৰাজহুৱা সভা

মাজুলী সাংস্কৃতিক দৃশ্যপট অঞ্চল আইন ২০০৬ পুনৰ সক্ৰিয় কৰাৰ দাবীৰে ৰাজহুৱা সভা

মাজুলী, ১৯ নৱেম্বৰ : মাজুলী সাংস্কৃতিক দৃশ্যপট অঞ্চল আইন ২০০৬ পুনৰ সক্ৰিয় কৰাৰ দাবীৰে মাজুলীৰ কমলাবাৰীত শনিবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । এই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে প্ৰাক্তন সাংসদ ড৹ অৰুণ কুমাৰ শৰ্মা আৰু প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগুৰ লগতে মাজুলীৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰৰ সহিতে মাজুলীৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে ৷

মাজুলীৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে। পেগুৱে লগতে কয় যে, মাজুলী সাংস্কৃতিক দৃশ্যপট অঞ্চল আইন ২০০৬ ৰ অধীনত মাজুলীত সেই সময়ত বহু উন্নয়ন হৈছিল ৷ নিৰ্মাণ হৈছিল সৰু বৰ ১১ খন পকী দলং ।

কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰণয়ন হোৱা মাজুলী সাংস্কৃতিক দৃশ্যপট আইন ২০০৬ বিজেপি চৰকাৰ দিনত চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন সাংসদ অৰুণ শৰ্মা, প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগুৰ লগতে উপস্থিত থকা বিভিন্ন দল-সংগঠনবিষয়ববীয়াই । এই আইনখন পুনৰ প্ৰৱৰ্তন কৰি মাজুলীক ভৌগোলিক, সাংস্কৃতিকভাৱে সুৰক্ষা দিবলৈ আহ্বান জনায় বিষয়ববীয়াসকলে ।

লক্ষণীয় যে, মাজুলীৰ ঐতিহ্য আৰু সংস্কৃতি সুৰক্ষাৰ বাবে অসম চৰকাৰে ২০০৬ চনতে এই আইনখন প্ৰণয়ন কৰিছিল । বিশ্ব ঐতিহ্য ক্ষেত্ৰ দাবীৰ পৰিপূৰকৰূপে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ ভিত্তিত সেই আইনখন প্ৰণয়ন হ'ল যদিও আজিকোপতি সঠিক কাৰ্যকৰী হোৱা নাই । সম্প্রতি আইনখন চৰকাৰে ৰূপায়ণৰ যোগেদি আমাৰ পুৰাতন সংস্কৃতি সুৰক্ষাৰ পদক্ষেপ গ্রহণ নকৰিলে মাজুলীয়ে স্বকীয় পৰিচয় অচিৰেই হেৰুৱাই পেলাব বুলি সচেতন লোকসকলে মত প্ৰকাশ কৰে ৷

সেয়ে সময় থাকোঁতেই উক্ত আইনখন সঠিকৰূপে কাৰ্যকৰী কৰিবলৈ আৰু মাজুলীক বিশ্ব ঐতিহ্যকৰণৰ ক্ষেত্ৰত চৰকাৰক সু-সংগঠিত ৰূপত হেঁচা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ এই সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি কাৰ্যকৰী কৰিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক: দীপৰ বিলত ৰাইজিং ছান ৱাটাৰ ফেষ্ট-ৰিভিজিটিং শৰাইঘাট শীর্ষক জলক্রীড়া মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.