ETV Bharat / state

কঠোৰ নিয়মৰ মাজেৰে মাজুলীত উদযাপন হ’ব ৰাস

author img

By

Published : Oct 29, 2020, 9:16 PM IST

মহামাৰী কৰ'ণাৰ প্ৰাদুৰ্ভাৱৰ বাবে চলিত বৰ্ষত মাজুলীৰ ৰাস মহোৎসৱৰ বাবে প্ৰশাসনে জাৰি কৰিলে কেতবোৰ নিয়ম ৷ নিয়ম অনুসৰি, ১০ বছৰৰ তলৰ শিশু আৰু ৬০ বছৰৰ ওপৰৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব ৰাস মহোৎসৱত ৷ ইয়াকে লৈ উদাসীনতা প্ৰকাশ কৰিলে একাংশই ৷

ৰাস মহোৎসৱ উদযাপনত প্ৰশাসনৰ কঠোৰ নিয়ম
ৰাস মহোৎসৱ উদযাপনত প্ৰশাসনৰ কঠোৰ নিয়ম

মাজুলী, 29 অক্টোবৰ: "শৰত কালৰ ৰাত্ৰি অতি বিতোপন ৷" গুৰুজনাৰ এই পংক্তিয়ে কঢ়িয়াই আনে ৰাসৰ বতৰা ৷ ৰাস মানেই হয়তো সৰহ সংখ্যক লোকৰ মনত পোন প্ৰথমেই দোলা দিয়ে মাজুলীৰ ছবিখন ৷ মাজুলীৰ সৈতে ৰাসৰ আছে এক এৰাব নোৱাৰা গভীৰ সম্বন্ধ ৷ ৰাসৰ সময়ত এক ন ৰূপত উদ্ভাসিত হয় মাজুলী, দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত হয় মাজুলী ৷ মুঠতে মাজুলী আৰু ৰাস অতীজৰে পৰাই পৰস্পৰৰ সৈতে জড়িত ৷ উল্লেখ্য যে, মাজুলীত থকা 14 খন ঐতিহাসিক সত্ৰৰ ওপৰিও অনুষ্ঠিত হয় মুঠ 55 খনকৈ ৰাস ৷ সত্ৰ সমূহত 400 বছৰে ৰাস পূজাৰ লগতে নাম কীৰ্তন আদি আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে ৷

মাজুলীৰ ৰাস মহোৎসৱ উদযাপনত প্ৰশাসনৰ কঠোৰ নিয়ম

কিন্তু এই বৰ্ষটো আন কেইটা বৰ্ষতকৈ সম্পূৰ্ণ সুকীয়া ৷ পূৰ্বৰ দৰে এইবাৰ মাজুলীৰ শিল্পী, কলা-কুশলী সকলৰ মাজত নাই উচাহ ৷ মহামাৰী কৰ'ণাৰ প্ৰাদুৰ্ভাৱক লৈ এইবাৰ দোমোজাত মাজুলীবাসীৰ লগতে ৰাস উদযাপন সমিতি সমূহ ৷ যাৰ বাবে বৃহস্পতিবাৰে ৰাস উদযাপন সমিতিৰ লগতে ভিন্ন দল সংগঠনক লৈ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয় এখন সভা ৷ অতিৰিক্ত উপায়ুক্ত নৰেন দাসে সভাপতিত্ব কৰা সভাখনত সকলো ৰাস সমিতিৰ যুক্তি যুক্ততা শুনি বান্ধি দিয়া হয় কিছুমান নীতি-নিয়ম ৷ ১০ বছৰৰ তলৰ শিশু আৰু ৬০ বছৰৰ ওপৰৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো ৰাস মহোৎসৱত ৷ এনে চৰকাৰী নিৰ্দেশনাই উদাসীন কৰিছে একাংশ লোকক ৷ কিয়নো শিশু অবিহনে ৰাস উদযাপন কৰোতো একপ্ৰকাৰৰ অসম্ভৱ ৷ যাৰ বাবে বিষয়ো সম্পৰ্কে প্ৰশাসনক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনোৱা হৈছে ৷

প্ৰশাসনৰ কঠোৰ নিয়মক লৈ উদাসীন একাংশ

লগতে পঢ়ক: আমুৰ ফেলকন:উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰক চহকী কৰা অন্যতম পক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.