ETV Bharat / state

Byelection in Assam : আকৌ ই ভি এমৰ বুটাম টিপিবলৈ সাজু হ’ব লাগিব ভোটাৰ

author img

By

Published : Dec 22, 2021, 5:14 PM IST

কিছুদিন পূৰ্বে ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন (Byelection in Assam)৷ কিন্তু সেইসময়ত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পৰা বাদ পৰি ৰৈছিল মাজুলী সমষ্টি ৷ সেই সময়লৈকে সৰ্বানন্দ সোণোৱালে বিধায়ক পদ ত্যাগ নকৰাৰ পৰিপেক্ষিতত মাজুলীত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল ৷ কিন্তু বৰ্তমান মাজুলীত উপ-নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছে (Byelection in Majuli)৷ মাজুলীৰ লগতে কোন কোন সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব সেয়া বৰ্তমানেও সঠিকভাৱে ক’ব পৰা হোৱা নাই ৷ কিন্তু ৰাজ্যৰ ৰাজনীতিৰ শেহতীয়া সমীকৰণে আকৌ উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰেই ইংগিত দিছে ৷

Byelection in Assam
Byelection in Assam

মাজুলী, 22 ডিচেম্বৰ : ৰাজ্যত আকৌ উকমুকনি উঠিছে উপ-নিৰ্বাচনৰ (Byelection in Assam)৷ আকৌ এবাৰ ভোটাৰ ৰাইজে ই ভি এমৰ বুটাম টিপিব লাগিব নিজৰ বিধায়ক নিৰ্বাচনৰ বাবে ৷ মাজুলীৰ লগতে কোন কোন সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব সেয়া বৰ্তমানেও সঠিকভাৱে ক’ব পৰা হোৱা নাই ৷ কিন্তু মাজুলীত প্ৰয়োজন আছে উপ-নিৰ্বাচনৰ (Byelection in Majuli)৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱাল ৰাজ্যসভাৰ সাংসদ ৰূপে নিৰ্বাচিত হোৱাৰ পাচত খালী হৈ আছে মাজুলী সমষ্টিৰ বিধায়কৰ আসনখন ৷

কিছুদিন পূৰ্বে ৰাজ্যৰ পাঁচটা সমষ্টিত উপ-নিৰ্বাচন হৈছিল যদিও সেই সময়লৈকে সৰ্বানন্দ সোণোৱালে বিধায়ক পদ ত্যাগ নকৰাৰ পৰিপেক্ষিতত মাজুলীত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল ৷ কিন্তু বৰ্তমান মাজুলীত উপ-নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ মাজুলীত অনুষ্ঠিত হ’ব লগীয়া উপ-নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা কৰা নাই ৰাজ্যিক নিৰ্বাচন আয়োগে ৷ কিন্তু নিৰ্বাচনী যুঁজৰ বাবে তৎপৰ হৈ পৰা দেখা গৈছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহক ৷

লগতে পঢ়ক : Congress training camp: কংগ্ৰেছৰ আকৌ নতুন প্ৰভাত হ'ব

ইতিমধ্যে মাজুলী সমষ্টিক নিজৰ দখললৈ অনাৰ লক্ষ্যৰে অভিযানত নামি পৰিছে কংগ্ৰেছ দল (Congress starts mission to capture Majuli constituency) ৷ বুধবাৰে কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু ৰাণা গোস্বামীক দেখা গ’ল মাজুলী জিলা কংগ্ৰেছৰ নেতা-কৰ্মীৰ সৈতে আলোচনাত মিলিত হোৱা ৷ মাজুলী ৰাজীৱ ভৱনত দুয়োগৰাকী নেতাই মাজুলী জিলাৰ কংগ্ৰেছৰ নেতা-কৰ্মীৰ সৈতে বৈঠকত মিলিত হৈ বুজ লয় সমষ্টিটোত দলীয় স্থিতি সন্দৰ্ভত (Congress party meeting in Majuli) ৷

ৰাণা গোস্বামীৰ মন্তব্য

15 বছৰে কংগ্ৰেছৰ শাসনত থকা মাজুলীত বৰ্তমান দুৰ্বল হৈ পৰা কংগ্ৰেছ দলৰ ভেটি সবল কৰাৰ বাবে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগত মত বিনিময় কৰে দুয়োগৰাকী নেতাই । পূৰ্বৰ মাজুলীৰ কংগ্ৰেছী বিধায়ক ৰাজীব লোচন পেগুৰ বিজেপিত যোগদান সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে কয় যে দল এৰাটো এক গতানুগতিক প্ৰক্ৰিয়া । প্ৰলোভনৰ ৰাজনীতিত বিক্ৰী হৈ বৰ্তমান বহু বিধায়ক-নেতাই বিজেপি দলত যোগদান কৰিছে । বৰ্তমানলৈকে যিহেতু তেওঁ যোগদান কৰা নাই গতিকে পৰৱৰ্তী পৰ্যায়ত এই বিষয়ে জনাব বুলি কয় ৰাণা গোস্বামীয়ে ৷ ইফালে অপূৰ্ব ভট্টাচাৰ্যই নিজৰ বক্তব্যত কয় যে বৰ্তমান CAA বিৰোধী শক্তি একত্ৰিত হৈ আগবাঢ়ি যোৱাৰ সময় (Apurba Kumar Bhattacharya on CAA)৷

লগতে পঢ়ক : অগপলৈ যাব খোজা নতুন বিধায়কজন কোন ?

আনহাতে, বিধানসভাৰ শীতকালীন অধিবেশনৰ(Winter session of Assam assembly) প্ৰথম দিনাই দেখা গৈছিল যে, ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে(Raha MLA Sashikanta Das) বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক একপ্ৰকাৰ ভৰি চুই আনুগত্য প্ৰকাশ কৰা ৷ এই ঘটনা কংগ্ৰেছৰ বাবে আছিল অনাকাংক্ষিত ৷ ৰাজনৈতিক মহলত কোনেও হয়তো ভবা নাছিল যে, শশীকান্ত দাসেও কংগ্ৰেছ এৰি বিজেপিলৈ যোৱাৰ চিন্তা কৰিব বুলি ৷ গতিকে কংগ্ৰেছ দলে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ (Congress issues so cause notice to Sashikanta Das) কৰাৰ লগতে কংগ্ৰেছ বিধায়িনী দলে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে ৷ শশীকান্ত দাসৰ বিজেপি প্ৰতি জাগ্ৰত আসক্তিক মাত্ৰ ক্ষমতাৰ লালসাত নিজৰ সমষ্টিৰ ৰাইজক বিশ্বাসঘাটকতা কৰা বুলি কয় অপূৰ্ব ভট্টাচাৰ্যই ।

অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য

লগতে পঢ়ক : Sashikanta das joins BJP : ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিজেপিত যোগদান

অৱশ্যে শশীকান্ত দাসে এই সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে, তেওঁ এতিয়াও দল ত্যাগ বা বিজেপিত যোগদানৰ চিন্তা কৰা নাই ৷ আগতে তেওঁ কাৰণ দৰ্শোৱাৰ যি জাননী কংগ্ৰেছে প্ৰেৰণ কৰিছে তাৰ উত্তৰ প্ৰদান কৰিব আৰু তাৰ পাচতহে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি নিজ মুখে সংবাদ মাধ্যমক অৱগত কৰিছে ৷ কিন্তু এইদৰে মুকলিকৈ বিজেপিৰ দুই শীৰ্ষ নেতাৰ ওচৰত শিৰ নত কৰা কাৰ্যই বহুতৰে মনত হয়তো এই চিন্তাৰ অৱকাশ আনি দিছে যে, অচিৰেই হয়তো ৰহাতো প্ৰয়োজন হ’ব উপ-নিৰ্বাচনৰ (Byelection in Raha)৷

লগতে পঢ়ক : Sashikanta das joins BJP : বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া

একেদৰে পট পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে বাঘবৰ সমষ্টিটো ৷ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদক ইতিমধ্যে কংগ্ৰেছে নিলম্বন কৰিছে দলৰ পৰা (Congress suspends MLA Sherman Ali)৷ শ্বহীদ সন্দৰ্ভত অপমানসূচক মন্তব্য কৰি জেল খাটিব লগীয়া হোৱা বাবেই বিধায়ক গৰাকীৰ বিৰুদ্ধে কংগ্ৰেছে গ্ৰহণ কৰিছিল এই শাস্তিমূলক ব্যৱস্থা ৷ মাত্ৰ কেইদিনমান পূৰ্বে জামিনত জেলৰ পৰা ওলাই অহা শ্বেৰমান আলীয়ে কংগ্ৰেছৰ বিৰুদ্ধে বিষেদগাৰ প্ৰদৰ্শন কৰে সংবাদ মাধ্যমৰ আগত ৷ তেওঁ কয় যে, জেলত থকাৰ সময়ত কংগ্ৰেছৰ কোনো নেতা-বিধায়কে সহায় নকৰিলে তেওঁক ৷

আনহাতে, পুনৰ এ আই ইউ ডি এফলৈ উভতি যাব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শ্বেৰমান আলীয়ে কয় যে, প্ৰথমে তেওঁ কংগ্ৰেছ দলক তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিব আৰু তাৰ পাচত সমষ্টিবাসীৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব ৷ কিন্তু শেহতীয়াকৈ বৰপেটাত এ আই ইউ ডি এফৰ জিলা সমিতিয়ে শ্বেৰমান আলীক উষ্ম আদৰণি জনোৱা কাৰ্যই এই ক্ষেত্ৰত ছবিখন কিছু পৰিষ্কাৰ কৰি তুলিছে ৷

লগতে পঢ়ক : কংগ্ৰেছ এৰি পুনৰ এ আই ইউ ডি এফলৈ বিধায়ক শ্বেৰমান আলী আহমেদ !

অহা 24 ডিচেম্বৰত দিল্লীৰ পৰা অসমলৈ আহিব এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমল (AIUDF Chief Badaruddin Ajmal)৷ তেতিয়াই শ্বেৰমান আলীৰ এ আই ইউ ডি এফত যোগদানৰ বিষয়টোৱে নিশ্চয়তা পাব বুলি ধাৰণা কৰা হৈছে (Sherman Ali to join AIUDF)৷ যদি শ্বেৰমান আলীয়ে এ আই ইউ ডি এফত যোগদান কৰে তেন্তে নিশ্চিতভাৱে উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব বাঘবৰ সমষ্টিত (Byelection in Baghbar) ৷

লগতে পঢ়ক : কংগ্ৰেছত বহু অপদাৰ্থ আৰু কাপুৰুষ আছে : শ্বেৰমান আলী

ইয়াৰোপৰি পাঁচটা সমষ্টিৰ যি উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই উল্লেখ কৰিছিল বহু কেইগৰাকী বিধায়কে বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰাৰ কথা ৷ বৰ্তমানৰ প্ৰেক্ষাপটত মাজুলীত উপ-নিৰ্বাচন নিশ্চিত হৈ পৰিছে ৷ একেদৰে ৰহা আৰু বাঘবৰতো উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ এক পৰিবেশ অহাৰ সম্ভাৱনা প্ৰকট হৈছে ৷ যিহেতু বৰ্তমানেও উপ-নিৰ্বাচনৰ বাবে দিন ঘোষণা হোৱা নাই গতিকে পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব কোন কোন সমষ্টিৰ ৰাইজে আকৌ এবাৰ টিপিব লগীয়া হয় ই ভি এমৰ বুটাম ৷

লগতে পঢ়ক : কাৰাগাৰৰ পৰা ওলায়েই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়ক শ্বেৰমানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.