ETV Bharat / state

Ferry stuck in Brahmaputra : মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ফেৰী

author img

By

Published : Oct 16, 2022, 10:41 AM IST

Updated : Oct 16, 2022, 1:19 PM IST

Passenger ferry stuck in Brahmaputra in Majuli
Passenger ferry stuck in Brahmaputra: মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ফেৰী

মাজুলীত পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ৰ’পেক্স ফেৰী ৷ ফেৰীখনত অত্যাধিক সামগ্ৰী থকাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে (Passenger ferry stuck in Brahmaputra in Majuli)৷

মাজুলী, 16 অক্টোবৰ: পুনৰ ভয়ংকৰ অঘটনৰ পৰা কথমপি ৰক্ষা পাৰিল মাজুলীবাসী ৷ দেওবাৰে পুৱা অফলামুখ পাৰঘাটৰ পৰা নিমাতী অভিমুখে আহি থকা এখন যাত্ৰীবাহী ৰ’পেক্স ফেৰী ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হৈ থাকে(Passenger ferry stuck in Brahmaputra in Majuli) ৷

ফেৰীখনত অত্যাধিক সামগ্ৰী থকাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে লোকসকলে (Passenger ferry stuck for overload)৷ আৱদ্ধ হোৱা ফেৰীখনত ৪খন চাৰিচকীয়া বাহন আৰু প্ৰায় ৫০ খন দুচকীয়া বাহনৰ লগতে আছিল শতাধিক যাত্ৰী আছিল। জানিব পৰামতে ফেৰীখনত অন্য লোকৰ সৈতে মাজুলীৰ আঊনিআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীও (Pitambar Deva Goswami) আৱদ্ধ হৈ আছিল ৷

নদীত পানী কম হোৱাৰ বাবে বালিচৰত লাগি আৱদ্ধ হৈ পৰিছিল ফেৰীখন । অৱশ্যে কিছু সময়ৰ পিছতে আৱদ্ধ হোৱা ফেৰীখন নিমাতী পাবলৈ সক্ষম হৈছে বুলি জানিবলৈ পাইছো ‌৷

উল্লেখ্য যে বৰ্তমান সময়ত মাজুলীত এনেধৰণৰ ঘটনাই স্বাভাৱিক ৰূপ লৈছে ৷ মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে 10 অক্টোবৰত মাজুলীত ঘন কুঁৱলীৰ বাবে ব্ৰহ্মপুত্ৰত বুকুত এখন যাত্ৰীবাহী ফেৰী আৱদ্ধ হোৱা ঘটনা পোহৰলৈ আহিছিল ৷ পুৱা 4 বজাত অফলামুখৰ পৰা নিমাতী অভিমুখে গৈ থকা ফেৰীখন বালিত লাগি আৱদ্ধ হৈছিল ৷ ৰ’পেক্স ফএৰীখনত প্ৰায় 100 গৰাকী যাত্ৰীসহ আঠখন চাৰিচকীয়া আৰু বহুকেইখন দুচকীয়া বাহন আছিল ৷

Ferry stuck in Brahmaputra : মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ফেৰী

মন কৰিবলগীয়া যে চলিত মাহত এতিয়ালৈকে দুবাৰকৈ যাত্ৰীবাহী ৰ’পেক্স নাও আৱদ্ধ হোৱা ঘটনাই মাজুলীবাসীক চিন্তিত কৰি তুলিছে ৷ এতিয়া যেন নাৱত উঠিলেই যিকোনো সময়ত হ’ব পৰা অনাকাংক্ষিত বিপদৰ আগজাননী হ’বলৈ ধৰিছে ৷ ৰ’পেক্স নাওসমূহত অত্যাধিক সামগ্ৰী লোড কৰি লৈ অহাৰ ফলত মৰণফাণ্ডলৈ পৰিণত হৈছে নাওসমূহ ৷

ৰাজ্যজুৰি খলকনি লগোৱা মাজুলীৰ নাও দুৰ্ঘটনাৰ ঘটনাইও এতিয়াও লৰাব পৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ গা (Majuli ferry accident)৷ এতিয়াও জল পৰিবহন বিভাগে নাওখনৰ যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত গাফিলতি কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: মাজুলীত ভৰা লুইতৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ফেৰী

Last Updated :Oct 16, 2022, 1:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.