ETV Bharat / state

Ranoj pegu on Ali Alye Ligang: আলি আয়ে লৃগাং কোনো কাৰণত মেলামুখী হ’ব নোৱাৰিব- ৰণোজ পেগু

author img

By

Published : Jul 17, 2023, 7:01 PM IST

Minister Ranoj pegu visit in MAJULI
আলি আয়ে লৃগাং কোনো কাৰণত মেলামুখী হ’ব নোৱাৰিব- ৰণোজ পেগু

"আগন্তুক দিনত মিচিংসকলৰ আলি আয়ে লৃগাং উৎসৱ 5 দিনীয়াকৈ পাতিব লাগিব ৷ কিন্তু এই অনুষ্ঠান কোনো কাৰণত মেলামুখী হ’ব নোৱাৰিব ৷"-ৰণোজ পেগু

আলি আয়ে লৃগাং কোনো কাৰণত মেলামুখী হ’ব নোৱাৰিব- ৰণোজ পেগু

মাজুলী, 17 জুলাই : তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী ক্ষেত্ৰ গেজেৰাত অনুষ্ঠিত হৈ আছে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সকলৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক সামাজিক মিচিং মহাসভা, মিচিং বাঃনৗ কৗবাং ৷ সোমবাৰে এই মিচিং বাঃনৗ কৗবাঙৰ শতবৰ্ষ অনুষ্ঠানৰ সামৰণি দিনটোত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ।

এই অনুষ্ঠানত উপস্থিত হৈয়েই শিক্ষামন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰে যে, আগন্তুক দিনত মিচিংসকলৰ আলি আয়ে লৃগাং উৎসৱ 5 দিনীয়াকৈ পাতিব লাগিব ৷ কিন্তু এই অনুষ্ঠান কোনো কাৰণত মেলামুখী হ’ব নোৱাৰিব ৷

ইফালে মন্ত্ৰীগৰাকীক সাংসদ অজিৎ ভূঞাই মুখ্যমন্ত্ৰীৰ ওপৰত তৰা গোচৰৰ উপৰত সংবাদকৰ্মীৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, "তেওঁ নিজে এজন অভিযুক্ত, তেওঁৰ ওপৰতো বহু গোচৰ আছে, তেওঁৰ গোচৰসমূহ কোনে বিচাৰ কৰিব?"

ইফালে মাজুলী খণ্ড শিক্ষা বিষয়া কার্যলায়ত শিক্ষকৰ পৰা ঘোচ লৈ থকা বাতৰি ETV bharat ত প্ৰকাশ পোৱা তেওঁ দৃষ্টিৰ গোচৰ হৈছে বুলি জানিবলৈ দিয়ে ৷ অচিৰেই দোষী বিষয়া আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

শিক্ষামন্ত্ৰীগৰাকীয়ে মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী ক্ষেত্ৰ মিচিং বাঃনৗ কৗবাঙৰ শতবৰ্ষ অনুষ্ঠানৰ মঞ্চত ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ বিষয়ে প্ৰশংসা কৰাৰ লগতে গৌৰৱবোধ কৰে । মিচিং বাঃনৗ কৗবাঙৰ শতবৰ্ষ সভাত উপস্থিত থাকে মাজুলীৰ বিধায়ক ভুৱন গাম, মাজুলীৰ জিলা উপায়ুক্ত ড৹ কাবেৰী বৰকটকী শৰ্মা, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য সচিব পৰমানন্দ চায়েঙীয়া আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক: Minister Rameswar Teli at Moran:মৰাণহাট ৰে’লৱে ষ্টেচনত ফুট অভাৰব্ৰীজ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.