ETV Bharat / state

ৰাস মহোৎসৱত চামগুৰি সত্ৰৰ মুখাই আকৰ্ষণ কৰিব দৰ্শকক

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 4:28 PM IST

সমাগত মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ ৷ ৰাস মহোৎসৱৰ বাবে সাজু মাজুলীৰ চামগুৰি সত্ৰ ৷ ৰাসৰ বাবে ব্যৱহৃত হোৱা মুখাত শেষ পৰশ দিয়াত ব্যস্ত মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পীসকল (Making mukha for Raas Mahotsav) ৷

Majuli mask artist busy in making mukha for Raasleela
সমাগত মাজুলীৰ গৌৰৱ ৰাস মহোৎস

সমাগত মাজুলীৰ গৌৰৱ ৰাস মহোৎস

মাজুলী, 23 নৱেম্বৰ : মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী । ৰাস বুলি ক’লেই পোন প্ৰথমে সত্ৰ নগৰী মাজুলীৰ ছবিখন সকলোৰে মনলৈ আহে । মাজুলীৰ লগত ৰাসৰ আছে এৰাব নোৱাৰা সম্পৰ্ক । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ ।

কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰ, খোল তাল, কৃষ্ণ বন্দনাৰে মুখৰিত হয় মাজুলীৰ আকাশ বতাহ । এইবছৰ মাজুলীৰ প্ৰায় অৰ্দ্ধ শতাধিক ৰংগমঞ্চ আৰু 12 খনকৈ সত্ৰত অনুষ্ঠিত হ’ব এই ৰাস মহোৎসৱ । বান-বাৰিষাৰ সকলো দুখ-দুৰ্দশা পাহৰি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত মাজুলীৰ গৌৰৱ এই ৰাস মহোৎসৱক লৈ ।

ইফালে মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ দৃশ্যই এতিয়া সকলোকে মুদ্ধ কৰিছে । কিয়নো সত্ৰৰ মুখাশিল্পীসকল এতিয়া ৰাস মহোৎসৱত ব্যৱহৃত হ’বলগীয়া মুখাত শেষ পৰশ দিয়াত ব্যস্ত । এই চামগুৰি সত্ৰত নিৰ্মিত হোৱা মুখা মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ যাব । ইতিমধ্যে বহু মুখা নিৰ্দিষ্ট স্থানলৈ চামগুৰিৰ পৰা লৈ যোৱাও দেখা গৈছে ।

উল্লেখ্য যে, চামগুৰি সত্ৰত নিৰ্মাণ কৰা মুখাই আকৰ্ষণ কৰে দেশী বিদেশী পৰ্যটকক । ইতিমধ্যে বহু পৰ্যটকৰ আগমনো ঘটিছে দ্বীপ জিলা মাজুলীলৈ । আশা কৰা হৈছে এইবছৰ আন বছৰৰ তুলনাত বহু বেছি পৰিমাণে দেশী বিদেশী পৰ্যটকৰ আগমন হ’ব দ্বীপ জিলাখনলৈ ।

জানিব পৰা মতে, চামগুৰি সত্ৰৰ শিল্পীৰ হাতৰ পৰশত নিমাৰ্ণ হৈছে অঘাসুৰ, বকাসুৰ, পুতনা ৰাক্ষসী আদিকে ধৰি বিভিন্ন ধৰণৰ মুখা । ঐতিহাসিক চামগুৰি সত্ৰত নিৰ্মাণ হোৱা এই মুখাসমূহ ৰাসৰ সময়ত মাজুলীৰ লগতে মাজুলীৰ বাহিৰৰ বিভিন্ন স্থানলৈকো নিয়া হয় ।

লগতে পঢ়ক : ৰাসৰ বাবে মুখা বনোৱাত ব্যস্ত চামগুৰি সত্ৰৰ মুখাশিল্পী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.