ETV Bharat / state

Monikanchan Setu Inaugurated: মাজুলী যোৰহাট সংযোগী দলঙৰ শুভাৰম্ভ

author img

By

Published : Jan 15, 2023, 8:28 AM IST

উৰুকাৰ নিশা মাজুলীত বহুপ্ৰত্যাশিত মাজুলী যোৰহাট সংযোগী দলঙৰ শুভাৰম্ভ কৰে ৷ যোৰহাট মাজুলী সংযোগী এই দলং খনক মণিকাঞ্চন সেতু নামেৰে নামাকৰণ কৰে মাজুলীবাসীয়ে (Monikanchan Setu Inaugurated)৷

Majuli Jorhat Bridge inaugurated
মাজুলী যোৰহাট সংযোগী দলঙৰ শুভাৰম্ভ

মাজুলী, 15 জানুৱাৰী: অসমীয়া বাপতিসাহোন ভোগালী বিহুৰ পূৰ্বে মাজুলীবাসীলৈ উপহাৰ ৷ মাজুলীৰ দুই লক্ষ জনতাৰ সপোন যোৰহাট-মাজুলী সংযোগী দলঙৰ শুভাৰম্ভ কৰে মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীয়ে (Majuli Jorhat bridge) ।

প্ৰকৃততে বহু প্ৰত্যাশিত মাজুলী-যোৰহাট দলঙৰ আৰ্হিৰে মাজুলীত ভেলাঘৰ নিৰ্মাণ কৰিছে মাজুলীবাসীয়ে (Majuli Jorhat Bridge Bhelaghar inaugurated )৷ অসমীয়াৰ বাপতি সাহোন ভোগালী বা মাঘৰ বিহুৰ উৰুকা দিনটোত ভেলাঘৰ নিৰ্মাণ কৰা অসমীয়াৰ এক পৰম্পৰাস্বৰূপ ৷ বিহুটিক আদৰিবলৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যতে (Majuli Jorhat Bridge Bhelaghar in Majuli)। পিছপৰি ৰোৱা নাই সত্ৰ নগৰী মাজুলীও । সমগ্ৰ ৰাজ্যৰ লগতে মাজুলী জিলাৰ বিভিন্ন প্ৰান্তত হেঁপাহৰ ভোগালীক আদৰিবলৈ নিৰ্মাণ কৰা হৈছে ভেলাঘৰ ।

সত্ৰ নগৰী মাজুলীৰ নিকিনিখোৱাবাসী ৰাইজৰ বৰ্ণাঢ্য আয়োজন । মাজুলীৰ নিকিনিখোৱাত যোৰহাট - মাজুলী সংযোগী দলঙৰ আৰ্হিত নিৰ্মাণ কৰিছে ভেলাঘৰ (Majuli Jorhat Bridge Named as Monikanchan Setu) । যোৱা 14 জানুৱাৰী তাৰিখে নিশা নিকিনিখোৱাৰ গাঁৱৰ যুৱক সকলৰ লগতে গাঁওখনৰ মহিলাসকলে প্ৰায় 1 মাহ ধৰি কষ্ট কৰি নিৰ্মাণ কৰা যোৰহাট-মাজুলী সংযোগী এই সপোনৰ দলংখনৰ আৰ্হিৰে নিৰ্মাণ কৰা ভেলাঘৰটোৰ শুভাৰম্ভ কৰে । যোৰহাট মাজুলী সংযোগী এই দলং খনৰ নাম দিছে মণিকাঞ্চন সেতু (Monikanchan Setu Inaugurated)৷

এই যোৰহাট মাজুলী দলংৰ আৰ্হিত নিৰ্মাণ কৰা এই ভেলাঘৰটোৰ কাম যিদৰে অতি ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰি উলিয়াইছে ঠিক তেনেদৰে যোৰহাট মাজুলী সংযোগী প্ৰকৃত দলংখনো যাতে সোনকালে নিৰ্মাণ কৰি মাজুলীবাসীক যাতায়তৰ সুবিধা কৰি দিয়ে তাৰ বাবে এই ভেলাঘৰৰ পৰাই স্থানীয় লোকে আহ্বান জনাইছে ।

উল্লেখ্য যে, মাজুলীবাসীৰ দীৰ্ঘদিনীয়া দাবী তথা সপোন মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম ২০২১ চনৰ ২৯ নৱেম্বৰৰ দিনা ভূমি পূজনৰ জৰিয়তে খুঁটা পোতাৰ কাম আৰম্ভ হৈছিল । ৯২৫ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া এই দলঙৰ দৈৰ্ঘ্য হৈছে ৮.২৫ কিলোমিটাৰ । মাজুলীৰ দুই লক্ষ জনতাৰ সপোন যোৰহাট-মাজুলী সংযোগী দলঙখনৰ কাম আৰম্ভ হোৱাৰ পিচতেই খুঁটাৰ বিসংগতিৰ বাবে প্ৰায় ৫ মাহ ধৰি বন্ধ হৈ আছিল দলং নিৰ্মাণৰ কাম । প্ৰায় ৫ মাহ ধৰি বন্ধ হৈ থকা দলংখনৰ কাম পুনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হৈছে ।

ইফালে বৰ্তমানলৈকে দলং নিৰ্মাণ প্ৰতিষ্ঠানে দিব পৰা নাই মাজুলী-যোৰহাট সংযোগী দলঙৰ ড্ৰইং ডিজাইন । কেৱল ইমানেই নহয়, এফালে যদি নাই দলং নিৰ্মাণৰ বাবে কৰ্মী, আনফালে আকৌ যন্ত্ৰপাতিৰ অভাৱত লেহেমীয়া গতিৰে চলিছে দলং নিৰ্মাণৰ কাম । এটা বছৰ পাৰ হোৱাৰ পাছতো দলঙখনৰ দুয়োফাল মিলাই মাত্ৰ ৩২ টা খুঁটাৰ ওৱেলহে সংস্থাপন কৰিবলৈ সক্ষম হৈছে নিৰ্মানকাৰী প্ৰতিষ্ঠানটোৱে (Majuli Jorhat bridge construction site)।

যিহেতু বাৰিষালৈ বেছি দিন নাই গতিকে বাৰিষাৰ পূৰ্বেই দলং নিৰ্মাণ প্ৰতিষ্ঠানক দলঙৰ কামৰ গতি খৰখেদা কৰিবলৈ সাংসদগৰাকীয়ে আহ্বান জনায় । তেওঁ লগতে কয় যে, বাৰিষাৰ পূৰ্বে দলঙখনৰ কাম চলি থকা ৩২ টা খুঁটাৰ কাম সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে । এতিয়া সাংসদগৰাকীৰ আহ্বান কিমান গুৰুত্ব সহকাৰে লয় দলং নিৰ্মাণ প্ৰতিষ্ঠানে সেয়াহে হ’ব সময়ত লক্ষণীয় ৷

লগতে পঢ়ক: Ganga Vilas Cruise: গংগাৰ বুকুত ঢৌ কোবাই লুইতৰ দিশে বিলাসী গংগা বিলাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.