ETV Bharat / state

মাজুলী ৰঙাচাহি মহাবিদ্যালয়ত পৰিমিতা দাসক স্মৰণ

author img

By

Published : Sep 8, 2022, 2:21 PM IST

Parimita Das
Parimita Das

পৰিমিতা দাসৰ অকাল বিয়োগক পাহৰিব পৰা নাই মাজুলীবাসী তথা ৰঙাচাহি মহাবিদ্যালয় পৰিয়ালে । তেওঁৰ স্মৃতিত আজি মাজুলী ৰঙাচাহি মহাবিদ্যালয়ত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ (Majuli ferry accident victim Parimita Das memorised) ।

মাজুলী, ৮ ছেপ্টেম্বৰ : আজি ৮ ছেপ্টেম্বৰ । মাজুলীবাসীৰ বাবে এটা ক'লা দিন । ২০২১ চনৰ আজিৰ দিনটোতেই নিমাতীঘাটত সংঘটিত হৈছিল মৰ্মান্তিক ফেৰী দুৰ্ঘটনা (Majuli ferry accident) । উক্ত দুৰ্ঘটনাত তিনিগৰাকীকৈ লোকে অকাল মৃত্যুক সাৱটিবলগা হৈছিল । তাৰে মাজৰ এগৰাকী আছিল মাজুলী ৰঙাচাহি মহাবিদ্যালয়ৰ প্ৰবক্তা পৰিমিতা দাস ।

পৰিমিতা দাসৰ এই অকাল বিয়োগক পাহৰিব পৰা নাই মাজুলীবাসী তথা ৰঙাচাহি মহাবিদ্যালয় পৰিয়ালে । তেওঁৰ স্মৃতিত আজি মাজুলী ৰঙাচাহি মহাবিদ্যালয়ত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ (Majuli ferry accident victim Parimita Das) । এই উপলক্ষে আজি মহাবিদ্যালয়খনৰ সকলো শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়াত পৰিমিতা দাসৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে ।

শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত প্ৰয়াত পৰিমিতা দাসক স্মৰণ কৰি চকুলো সেমেকি উঠে মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ (Rangasahi college Majuli Remembering Parimita Das) । কান্দোনত ভাগি পৰে সহকৰ্মী ক্লিদাপ তাৰোপী । উল্লেখ্য, মাজুলী প্ৰশাসনে প্ৰয়াত পৰিমিতা দাসৰ স্মৃতিত মহাবিদ্যালয়খনত এটি স্মৃতিগৃহ স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।

কিন্তু বিগত এটা এবছৰে তাৰে কোনো এটা কামেই আগনবঢ়াত ক্ষোভ প্ৰকাশ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে । উল্লেখ্য, উক্ত ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আন দুগৰাকী ব্যক্তি ইন্দ্ৰেশ্বৰ বৰা আৰু ডাঃ বিক্ৰমজিৎ বৰুৱাকো শ্ৰদ্ধাঞ্জলি জনোৱা হয় । এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ এগৰাকী অধ্যাপিকাই কয় যে এই মৃত্যৱেই যাতে শেষ হয় আৰু কোনো লোকে যাতে ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগা নহয় ।

মাজুলী ৰঙাচাহি মহাবিদ্যালয়ত পৰিমিতা দাসক স্মৰণ

উল্লেখ্য, ২০২১ চনৰ ৮ ছেপ্টেম্বৰত বেলি লহিয়াবলৈ ধৰোঁতেই নিমাতীঘাটত বৰলুইতৰ বুকুত অৱস্থান কৰিছিল কালে ৷ ব্ৰহ্মপুত্ৰৰ বুকুত পানী ফালি আগবাঢ়িছিল দুখন ফেৰী ৷ দুয়োখন আহিছিল বিপৰীত দিশৰ পৰা ৷এখন মাজুলীৰ পৰা নিমাতীঘাটলৈ আৰু আনখন নিমাতীঘাটৰ পৰা মাজুলীলৈ ৷ নিমাতীঘাটৰ পৰা কমলাবাৰী ঘাটলৈ গৈ আছিল মা কমলা আৰু নিমাতীঘাট অভিমুখে আহি আছিল টিপকাই নামৰ ফেৰীখন ৷ কিন্তু হঠাৎ সকলো খেলিমেলি হৈ যায় ৷ ভৰা লুইতৰ বুকুত দুৰ্ঘটনাত পতিত হয় দুয়োখন ফেৰী ৷

দুয়োখন ফেৰীৰ মুখামুখী সংঘৰ্ষৰ ফলত ভাঙি দুটুকুৰা হয় মা কমলা নামৰ ফেৰীখন (ferry collision at Nimatighat) ৷ দুয়োখন ফেৰীতে আছিল শতাধিক যাত্ৰীৰ লগতে দুচকীয়া আৰু চাৰিচকীয়া বাহন ৷ সংঘৰ্ষৰ পাচতে নৈৰ বুকুত ছিটিকি পৰে যাত্ৰীসকল ৷ একাংশই প্ৰাণটাকি সাঁতুৰি নিজৰ জীৱন ৰক্ষা কৰে যদিও বহুতেই নিজক বচাব নোৱাৰি ডুব যায় লুইতৰ বুকুত ৷ বৰ লুইতৰ বুকুৰ পৰা কাল সন্ধিয়া ভাঁহি আহে মৰণমুখী মানুহৰ আৰ্তনাদ ৷ঘটনাৰ পাচতেই এছ ডি আৰ এফ বাহিনীয়ে আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷ প্ৰায় চল্লিশগৰাকী যাত্ৰীক উদ্ধাৰ কৰা হয় যদিও আৰু প্ৰায় অৰ্ধশতাধিক যাত্ৰী সন্ধানহীন হৈ পৰে নদীৰ বুকুত ৷ ইয়াৰ মাজতে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সকলোকে মৰ্মাহত কৰি তোলে ৷ পৰৱৰ্তী সময়ত আন দুগৰাকী ব্যক্তিৰ মৃতদেহ পৃথক স্থানৰ পৰা উদ্ধাৰ কৰা হয় ।

উল্লেখ্য, নিহত যুৱতীগৰাকী আছিল মাজুলীৰ ৰঙাচাহি মহাবিদ্যালয়ত মৃত্যুৰ ৭ মাহ পূৰ্বে প্ৰবক্তা হিচাপে যোগদান কৰা পৰিমিতা দাস । পৰিমিতাৰ ঘৰ গুৱাহাটীৰ কাহিলিপাৰাত ৷ আনহাতে, দুৰ্ঘটনাৰ পৰৱৰ্তী সময়ত মৃতদেহ উদ্ধাৰ কৰা আন দুগৰাকী ব্যক্তি হৈছে নাওবৈচাৰ ৰামপুৰৰ ইন্দ্ৰেশ্বৰ বৰা আৰু গড়মূৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱা ।

লগতে পঢ়ক :মাজুলীবাসীৰ বাবে অভিশপ্ত ৮ ছেপ্টেম্বৰ ! নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ এবছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.