মাজুলীবাসীৰ বাবে অভিশপ্ত ৮ ছেপ্টেম্বৰ ! নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ এবছৰ

author img

By

Published : Sep 8, 2022, 11:43 AM IST

Updated : Sep 8, 2022, 2:28 PM IST

Ferry

বিগত বছৰৰ ৮ ছেপ্টেম্বৰতে সংঘটিত হৈছিল নিমাতীঘাটৰ মৰ্মান্তিক ফেৰী দুৰ্ঘটনা (Majuli Nimatighat Ferry accident) । যি দুৰ্ঘটনাত তিনিগৰাকীকৈ লোকে অকাল মৃত্যুক সাৱটিবলগা হৈছিল ।

যোৰহাট, ৮ ছেপ্টেম্বৰ : আজি ৮ ছেপ্টেম্বৰ । মাজুলীবাসীৰ বাবে এটা বিশেষ দিন । এই দিনটো মাজুলীবাসীৰ বাবে এফালে যেনেদৰে এক স্বীকৃতিৰ আনন্দোৎসৱ, আনফালে আকৌ দুৰ্বিষহ স্মৃতিৰ এক ক'লা দিনো । কিয়নো আজিৰ পৰা ৭ বছৰ পূৰ্বে এই দিনটোতে মাজুলীয়ে লাভ কৰিছিল জিলাৰ স্বীকৃতি (7th years of Majuli District recognition) ।

আনহাতে, বিগত বছৰৰ ৮ ছেপ্টেম্বৰতে সংঘটিত হৈছিল নিমাতীঘাটৰ মৰ্মান্তিক ফেৰী দুৰ্ঘটনা (Majuli Nimatighat Ferry accident) । যি দুৰ্ঘটনাত তিনিগৰাকীকৈ লোকে অকাল মৃত্যুক সাৱটিবলগা হৈছিল । সেয়ে আজিৰ দিনটো মাজুলীবাসীৰ বাবে আনন্দ আৰু বেদনাৰ এক ঐতিহাসিক সাক্ষী ।

২০২১ চনৰ ৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাত সংঘটিত হৈছিল মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত মা কমলা নামৰ ফেৰীখনৰ দুৰ্ঘটনা (Ferry accident on Brahmaputra at Nimatighat) । ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত এই ফেৰী দুৰ্ঘটনাত তিনিজন লোকে অকালতে প্ৰাণ হেৰুৱাবলগা হৈছিল ।

এই দুৰ্ঘটনাৰ মূল কাৰণ হিচাবে চিহ্নিত কৰা হৈছিল দুৰ্বল আন্তঃগাঁথনি আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অমনোযোগিতা তথা কাণ্ডজ্ঞানহীনতা । কিন্তু এই মৰ্মান্তিক ফেৰী দুৰ্ঘটনা সংঘটিত হোৱাৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ পিছত যোৰহাট আৰু মাজুলীবাসীয়ে ন্যায় আৰু জীৱনৰ নিৰাপত্তা লাভ কৰিলেনে ?

নিশ্চিতভাৱে আজি সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন (Infrastructure of Majuli Ferry services) । কিয়নো বৰ্তমানো দেখা গৈছে পুনৰ পূৰ্বৰ দৰেই দূৰ্বল আন্তঃগাঁথনিৰেই চলি আছে যোৰহাট-মাজুলী ফেৰী সেৱা ! আনহাতে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু পাৰঘাট তথা ফেৰীসমূহত কিমান নতুনত্ব আহিল বা সংস্কাৰ হ'ল সেয়াও আজিৰ দিনটোত বিচাৰ্যৰ বিষয় (3 people died in Majuli ferry accident) ।

উল্লেখ্য, ২০২১ চনৰ ৮ ছেপ্টেম্বৰত বেলি লহিয়াবলৈ ধৰোঁতেই নিমাতীঘাটত বৰলুইতৰ বুকুত অৱস্থান কৰিছিল কালে ৷ ব্ৰহ্মপুত্ৰৰ বুকুত পানী ফালি আগবাঢ়িছিল দুখন ফেৰী ৷ দুয়োখন আহিছিল বিপৰীত দিশৰ পৰা ৷

মাজুলীবাসীৰ বাবে অভিশপ্ত ৮ ছেপ্টেম্বৰ

এখন মাজুলীৰ পৰা নিমাতীঘাটলৈ আৰু আনখন নিমাতীঘাটৰ পৰা মাজুলীলৈ ৷ নিমাতীঘাটৰ পৰা কমলাবাৰী ঘাটলৈ গৈ আছিল মা কমলা আৰু নিমাতীঘাট অভিমুখে আহি আছিল টিপকাই নামৰ ফেৰীখন ৷ কিন্তু হঠাৎ সকলো খেলিমেলি হৈ যায় ৷ ভৰা লুইতৰ বুকুত দুৰ্ঘটনাত পতিত হয় দুয়োখন ফেৰী ৷

দুয়োখন ফেৰীৰ মুখামুখী সংঘৰ্ষৰ ফলত ভাঙি দুটুকুৰা হয় মা কমলা নামৰ ফেৰীখন (ferry collision at Nimatighat) ৷ দুয়োখন ফেৰীতে আছিল শতাধিক যাত্ৰীৰ লগতে দুচকীয়া আৰু চাৰিচকীয়া বাহন ৷ সংঘৰ্ষৰ পাচতে নৈৰ বুকুত ছিটিকি পৰে যাত্ৰীসকল ৷ একাংশই প্ৰাণটাকি সাঁতুৰি নিজৰ জীৱন ৰক্ষা কৰে যদিও বহুতেই নিজক বচাব নোৱাৰি ডুব যায় লুইতৰ বুকুত ৷ বৰ লুইতৰ বুকুৰ পৰা কাল সন্ধিয়া ভাঁহি আহে মৰণমুখী মানুহৰ আৰ্তনাদ ৷

ঘটনাৰ পাচতেই এছ ডি আৰ এফ বাহিনীয়ে আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷ প্ৰায় 40 গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হয় যদিও আৰু প্ৰায় অৰ্ধশতাধিক যাত্ৰী সন্ধানহীন হৈ পৰে নদীৰ বুকুত ৷ ইয়াৰ মাজতে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সকলোকে মৰ্মাহত কৰি তোলে ৷ পৰৱৰ্তী সময়ত আন দুগৰাকী ব্যক্তিৰ মৃতদেহ পৃথক স্থানৰ পৰা উদ্ধাৰ কৰা হয় ।

উল্লেখ্য, নিহত যুৱতীগৰাকী আছিল মাজুলীৰ ৰঙাচাহি মহাবিদ্যালয়ত মৃত্যুৰ ৭ মাহ পূৰ্বে প্ৰবক্তা হিচাপে যোগদান কৰা পৰিমিতা দাস । পৰিমিতাৰ ঘৰ গুৱাহাটীৰ কাহিলিপাৰাত ৷ আনহাতে, দুৰ্ঘটনাৰ পৰৱৰ্তী সময়ত মৃতদেহ উদ্ধাৰ কৰা আন দুগৰাকী ব্যক্তি হৈছে নাওবৈচাৰ ৰামপুৰৰ ইন্দ্ৰেশ্বৰ বৰা আৰু গড়মূৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱা ।

লগতে পঢ়ক :মাজুলী জিলা ঘোষণাৰ ৭ বছৰ : কি পালে মাজুলীবাসীয়ে ?

Last Updated :Sep 8, 2022, 2:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.