ETV Bharat / state

Jorhat Majuli Bridge: মাজুলী যোৰহাট সংযোগী দলঙৰ খুঁটাত পুনৰ ফাট মেলিছে, ঘটনাস্থলী পৰিদৰ্শন উপায়ুক্তৰ

author img

By

Published : Feb 9, 2023, 1:23 PM IST

Jorhat Majuli Bridge
মাজুলী যোৰহাট সংযোগী দলঙৰ খুঁটাত পুনৰ ফাট মেলিছে

যোৰহাট মাজুলী সংযোগী দলঙৰ ৮ নম্বৰ খুঁটাত পুনৰ ফাট মেলিছে (Crack in Jorhat Majuli bridge pole)। অভিযোগৰ পাছতে উক্ত অঞ্চল পৰিদৰ্শন কৰে মাজুলীৰ উপায়ুক্তই । চিন্তিত হৈ পৰিছে মাজুলীবাসী ।

মাজুলী যোৰহাট সংযোগী দলঙৰ খুঁটাত পুনৰ ফাট মেলিছে

মাজুলী,৯ ফেব্ৰুৱাৰী : মাজুলীৰ দুই লক্ষ জনতাৰ সপোন আছিল মাজুলী-যোৰহাট সংযোগী দলং হ'ব (Jorhat Majuli connecting bridge)। লাহে লাহে সেই সপোন পূৰণ হোৱাৰ দিশে আগবাঢ়িছে । প্ৰায় ৯২৫ কোটি টকাৰ ব্যয়ৰে ৮.২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে । পিছে এই কামত কেইবাটাও বিসংগতি দেখা গৈছে । যাৰ বাবে হতাশ হৈছে মাজুলীবাসী ।

উল্লেখ্য যে বিজেপি চৰকাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ জনতাক দলংখনৰ নিৰ্মাণৰ ওপৰত যি প্ৰতিশ্ৰুতি দিছিল সেইমতেই দলংখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাটো বিচাৰিছে মাজুলীৰ জনতাই । মাজুলীৰ দুই লক্ষ জনতাৰ সপোনৰ যোৰহাট-মাজুলী সংযোগী দলংখনৰ খুঁটাৰ কাম চলি থকাৰ সময়তে ইটোৰ পাছত সিটো বিসংগতি ধৰা পৰিছে (Discrepancies in Jorhat Majuli bridge construction)।

খুঁটাৰ কাম চলি থকাৰ সময়তে দলঙৰ ৮ নম্বৰ আৰু ১১ নম্বৰ খুঁটাত ধৰা পৰিছিল যাৰ বাবে প্ৰায় ৬ মাহ ধৰি বন্ধ হৈ আছিল মাজুলীৰ দুই লক্ষ জনতাৰ সপোনৰ দলংখনৰ নিৰ্মাণৰ কাম । প্ৰায় ৬ মাহৰ পাছত পুনৰ আৰম্ভ হৈছিল দলংখনৰ খুঁটাৰ নিৰ্মাণৰ কাম । খুঁটাৰ কাম চলি থকাৰ সময়তে পুনৰ ৮ নম্বৰ খুঁটাত বিসংগতি হোৱা বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছে (Crack in Jorhat Majuli bridge pole)।

সামাজিক মাধ্যমত মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণত বিসংগতিৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতেই মাজুলী জিলা উপায়ুক্ত কাবেৰী বৰকটকী শৰ্মাই মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে । মাজুলী জিলাৰ উপায়ুক্ত কাবেৰী বৰকটকী শৰ্মাই দক্ষিণপাটত উপস্থিত হৈ দলং নিৰ্মাণ কোম্পানীৰ বিষয়াসকলক লগত লৈ ফাট মেলাৰ অভিযোগ উঠা ৮ নম্বৰ খুঁটাটো JCB লগাই খন্দাই খুঁটাটো পৰ্যবেক্ষণ কৰে ।

লগতে বিষয়া তথা কৰ্মচাৰীসকলক নিৰ্মাণৰ নামত গাফিলতি নকৰিবলৈ আহ্বান জনায় । যি গৰাকী যুৱকে এই খুঁটাৰ বিসংগতিৰ সমগ্ৰ ঘটনা পোহৰলৈ আনিলে সেই যুৱকজনৰ শলাগ লয় উপায়ুক্তগৰাকীয়ে (Majuli DC inspects Jorhat Majuli bridge)। উপায়ুক্তগৰাকীয়ে লগতে কয় আৰম্ভণিতে ধৰা পৰাৰ কাৰণে ভাল হৈছে কিয়নো আৰম্ভণিতে ধৰা পৰিলে পুনৰ ভাল কৰিব পাৰি ।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও খুঁটা নিৰ্মাণত বিসংগতি ধৰা পৰাৰ পাছতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । প্ৰতিবাদৰ পাছতে সমগ্ৰ বিষয়টো অনুসন্ধানৰ বাবে এক বিশেষ সমিতিও গঠন কৰি দিয়া হৈছিল । সম্প্ৰতি সেই বিতৰ্ক সমাপ্ত হৈছে যদিও পুনৰ খুঁটা নিৰ্মাণত বিসংগতি ধৰা পৰাৰ লগে লগে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে মাজুলীবাসীয়ে ।

লগতে পঢ়ক :Illegal sand mining on banks of Beki River: বেকী নৈৰ পাৰত অবৈধ বালি খনন কাৰ্যৰ বিৰোধিতা ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.