ETV Bharat / state

দুদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে মাজুলীলৈ ৰাজ্যপাল

author img

By

Published : May 28, 2022, 6:31 PM IST

দুদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে মাজুলীলৈ ৰাজ্যপাল
দুদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে মাজুলীলৈ যাব ৰাজ্যপাল

দেওবাৰে মাজুলীলৈ যাব সপত্নীক ৰাজ্যপাল জগদীশ মুখী(Governor Jagdish Mukhi to arrive in Majuli on Sunday) । দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হ'ব ৰাজ্যপালগৰাকী । অংশগ্ৰহণ কৰিব বিভিন্ন কাৰ্যসূচীত । ৰাজ্যপালগৰাকীক আদৰিবলৈ মাজুলীত চলিছে বিশেষ প্ৰস্তুতি ।

মাজুলী,২৮ মে': উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে মাজুলীত । কিয়নো দুদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে মাজুলীত উপস্থিত হ'ব ৰাজ্যপাল জগদীশ মুখী । ৰাজ্যপালগৰাকীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে মাজুলীত ।

দেওবাৰে দুপৰীয়া নিমাতী ঘাটৰ পৰা ফেৰীৰে মাজুলীত উপস্থিত হ'ব ৰাজ্য়পালগৰাকী(Governor Jagdish Mukhi to arrive in Majuli on Sunday) । সপত্নীক ৰাজ্য়পালগৰাকীয়ে দৰ্শন কৰিব মাজুলীৰ দুখনকৈ সত্ৰ(Governor Jagdish Mukhi to visit Samguri and Dakshinapat Satra) । লগতে উদ্বোধন কৰিব মাজুলীত অনুষ্ঠিত হ'বলগীয়া ছোৱালীৰ ভলীবল খেল । এটা চৰকাৰী আৰু আন এটা ব্যক্তিগত ভ্ৰমণেৰ মাজুলী দৰ্শন কৰিব ৰাজ্যপালগৰাকীয়ে ।

দুদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে মাজুলীলৈ যাব ৰাজ্যপাল

জানিব পৰা মতে দেওবাৰে বিয়লি ৩ বজাত মাজুলীৰ মুখা শিল্পৰ বাবে খ্যাত নতুন চামগুৰি সত্ৰ আৰু পাছত মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ ভ্ৰমণ কৰিব ৰাজ্যপালগৰাকীয়ে । নিশাটো মাজুলীতে কটাই সোমবাৰে পুৱাৰভাগত ৰাজ্যপালগৰাকীয়ে উদ্বোধন কৰিব গাৰ্লছ ভলীবল মিছনৰ অধীনত মাজুলী গড়মূৰত হব লগা ভলীবল প্ৰতিযোগিতা ।

ইফালে ৰাজ্যপালগৰাকীৰ আগমনক কেন্দ্ৰ কৰি আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে দুয়োখনি সত্ৰ । সত্ৰৰ সত্ৰাধিকাৰকে আদি কৰি ভকতসকলৰ মাজত দেখা গৈছে ব্যাপক উচাহ ।

লগতে পঢ়ক: ৰাইজৰ ৰোষত দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগৰ কেন্দ্ৰীয় প্ৰতিনিধি দল

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.