ETV Bharat / state

Raasleela performed in Majuli: ৰাসলীলা প্ৰদৰ্শনেৰে অন্ত পৰিল শ্ৰীমন্ত কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ

author img

By

Published : Oct 31, 2022, 1:21 PM IST

Golden Jubilee year ended with performance of Raaslila
ৰাসলীলা প্ৰদৰ্শনেৰে অন্ত পৰিল শ্ৰীমন্ত কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ

সামৰণি পৰিল মাজুলীৰ ৰতনপুৰ লাহন শ্ৰীমন্ত কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ(Srimanta Krishti Sangha celebrates Golden Jubilee year) । দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছিল শ্ৰীমন্ত কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ । সামৰণি অনুষ্ঠানত প্ৰদৰ্শন কৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা(Raasleela performed in Majuli) ।

মাজুলী,৩১ অক্টোবৰ: দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাজুলীৰ শ্ৰীমন্ত কৃষ্টি সংঘ ৰংগমঞ্চই উদযাপন কৰিছে সোণালী জয়ন্তী বৰ্ষ(Srimanta Krishti Sangha celebrates Golden Jubilee year) । ১৯৭২ চনতে উজনী মাজুলীৰ ৰতনপুৰ লাহনত কলা-সংস্কৃতি চৰ্চাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল শ্ৰীমন্ত কৃষ্টি সংঘ নামৰ ৰংগমঞ্চ । শ্ৰীমন্ত কৃষ্টি সংঘ ৰংগমঞ্চই নানা দুৰ্যোগ পাৰ কৰি এই বৰ্ষত সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে(Golden jubilee of Srimanta Krishti Sangha) ।

এই দুদিনীয়া অনুষ্ঠানত প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীকে আদি কৰি বিশিষ্ট ব্যক্তিয়ে । ৩০ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰ আড়ম্বৰপূৰ্ণভাৱে সামৰণি অনুষ্ঠানৰ আয়োজন কৰে আয়োজক সমিতিয়ে ৷ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰে সামৰণি পৰে সোণালী জয়ন্তী বৰ্ষৰ(Golden Jubilee year ended with performance of Raaslila) ।

আনহাতে, প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে দিনৰ ভাগত 'মাজুলী ৰাস মহোৎসৱৰ ইতিবৃত্ত আৰু ইয়াৰ পৰম্পৰা' শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় । সঞ্চালনা কৰে শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে ৷ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামী মুখ্য আলোচক হিচাপে আলোচনাৰ গুৰি ধৰাৰ লগতে আলোচক হিচাপে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়া, অৱসৰ প্ৰাপ্ত অধ্যক্ষ ঘনকান্ত নাথ, ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ নৱ কুমাৰ গাম উপস্থিত থাকে ৷

ৰাসলীলা প্ৰদৰ্শনেৰে অন্ত পৰিল শ্ৰীমন্ত কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে ৰাসৰ আৰম্ভণি সম্পৰ্কত ভাষণ আগবঢ়াই । ৩০ অক্টোবৰত পুৱা তথা ৬ বজাত পৰিৱেশ পৰিস্কাৰেৰে দিনযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ হয় । দ্বিতীয় দিনা পুৱা বন্তি প্ৰজ্বলনৰ পিছত বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয় ৷ এই শোভাযাত্ৰাৰ উদ্বোধন কৰে শ্ৰীমন্ত কৃষ্টি কেন্দ্ৰৰ উপদেষ্টা লীলাৰাম লাহনে ৷ নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাস লীলা অনুষ্ঠিত হয়(Raasleela performed in Majuli) । আৰু এই ৰাসলীলা প্ৰদৰ্শনেৰে সমাপ্তি ঘটে শ্ৰীমন্ত কৃষ্টি সংঘ ৰংগমঞ্চৰ সোণালী জয়ন্তী বৰ্ষৰ ।

লগতে পঢ়ক: Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.